অসমীয়া আবেদন লিখাৰ নিয়ম – বহু যুগৰ পৰা চিঠি বা আবেদন পত্ৰ লিখি অহাৰ এটা পৰম্পৰা চলি আহিছে আৰু ইয়াক বৰ্তমান এটা বহু গুৰুত্বপূৰ্ণ বিষয় হিচাপে ধৰা হয়। বৰ্তমান সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ কামকাজত চিঠি পত্ৰৰ ব্যাপক ব্যবহাৰ দেখা যায়। যেনে চাকৰি সংক্ৰান্তত আবেদন, ছুটিৰ বাবে আবেদন, মন্ত্ৰী, বিধায়ক বা কোনো চৰকাৰী বিভাগলৈ আবেদন আদি বহু ক্ষেত্ৰত চিঠিপত্ৰ সহায় লব লাগে। এনেধৰণৰ পত্ৰ লিখোঁতে বহু ক্ষেত্ৰত আমি কি লিখিম, কি নিলিখিম আদি ভাব আহে। সকলো চিঠিপত্ৰ লিখাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আৰু বিষয় থাকে। সেয়েহে প্ৰতিটো বিষয়ত চিঠি লিখোতে কিছুমান সাধাৰণ নীতি নিয়ম মানি চলা উচিত।তেনে কিছুমান সাধাৰণ নিয়ম তলত উল্লেখ কৰা হল।
অসমীয়া আবেদন লিখাৰ নিয়ম
অসমীয়া ভাষাত চিঠি পত্ৰ কেনেকৈ লিখে
- সকলো চিঠিপত্ৰ লিখোঁতে সদায় মাৰ্জিত ভাষাত সহজ সৰল কৈ লিখিব লাগে।
- পৰিষ্কাৰ আৰু শুদ্ধ বানানত লিখিব লাগে
- চিঠি বা আবেদন লিখাৰ আগতে মূল বিষয়বোৰ মনতে বা আন এখন কাগজত টুকি লব লাগে যাতে মূল বিষয়বোৰ থাকি নাযায়।
- চিঠিপত্ৰৰ অংগসজ্জা নিয়মবোৰ মানি চলি উপযুক্ত স্থানত চিঠিৰ অংগ বোৰ সন্নিবিষ্ট কৰিব লাগে
- চিঠিপত্ৰ বোৰ সাধাৰণতে বিষয় অনুসৰি ভদ্ৰ, বিনয়ী ভাষাত আৰু উপযুক্ত সন্মান প্ৰদৰ্শন কৰি উপযুক্ত শব্দ ব্যৱহাৰ কৰি লিখিব লাগে।
- চিঠিত স্পষ্ট কৈ দুয়োপক্ষৰে নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ যথাস্থানত উল্লেখ কৰিব লাগে।
- চিঠিপত্ৰ যদি উৰ্ধতম কৰ্তৃপক্ষ লৈ লিখা হয় তেন্তে সদায় উপযুক্ত সন্মান প্ৰদৰ্শন কৰি লিখিব লাগে।
- চিঠি পত্রত সদায় তাৰিখ আৰু স্থান উল্লেখ কৰা উচিত।
- ইয়াৰ উপৰিও আন বহুতো সৰু সৰু নিয়ম আছে। তলত কেইখনমান আবেদন পত্ৰৰ আৰ্হি আপোনালোকৰ সুবিধা হোৱাকৈ উল্লেখ কৰিছোঁ।
তলত কেইখনমান আবেদন পত্ৰৰ আৰ্হি আপোনালোকৰ সুবিধা হোৱাকৈ উল্লেখ কৰিছোঁ।
প্ৰতি
মাননীয় প্রধান শিক্ষক/প্রধান শিক্ষয়িত্রী মহোদয়/ মহোদয়া
______________ বিদ্যালয়
বিষয়ঃছুটী মঞ্জুৰৰ আবেদন
মহোদয়/ মহোদয়া
বিনীত নিবেদন এই যে, মােৰ পুত্র/কন্যা শ্ৰীমান/ শ্ৰীমতী__________ ক/খ শাখাৰ ছাত্র/ছাত্রী, ক্রমিক নং______আপােনাৰ বিদ্যালয়ত জ্বৰ হোৱা কাৰণে যোৱা ইং _____ তাৰিখৰ পৰা তাৰিখলৈ শ্রেণীত উপস্থিত থাকিব নােবাৰিলে।
সেয়েহে মহােদয়ক/মহােদয়াক অনুৰোধ জনাও যে, উক্ত দিনবােৰৰ বাবে ছুটী মঞ্জুৰ কৰে যেন।
আপােনাৰ বিশ্বাসী
নাম
ঠিকনা-
প্ৰতি
মাননীয় প্ৰধান শিক্ষক মহোদয়।
——-বিদ্যালয়ৰ
বিষয় :- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন।
তাৰিখ:-
মহোদয়,
বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ….তাৰিখৰ পৰা …. তাৰিখলৈ ….দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ।
গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল মিনতি।
ইতি
——————
মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী
নাম:- শ্ৰী/শ্ৰীমতী–
শ্ৰেণী:—
ৰোল নং :—
অভিভাৱকৰ চহী:-
চৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন পত্র (Application For Character Certificate)
প্ৰতি
প্রধান শিক্ষক/শিক্ষয়ত্রী
________ বিদ্যালয়
বিষয়ঃচৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন পত্র
মহোদয়/ মহোদয়া
বিনীত নিবেদন এই যে মই আপােনাৰ বিদ্যালয়ৰ প্রাক্তন ছাত্র/ছাত্রী। মই যোৱা ______ চনত
হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীর্ণ হৈছিলাে। ইয়াৰ বাহিৰেও মই বিদ্যালয়ৰ অন্যান্য খেল ধেমালিত, সাংস্কৃতিক কাৰ্যসূচী ত অংশ গ্রহণ কৰিছিলাে।
বর্তমান মই ______ কলেজত ______ বিভাগত পঢ়ি আছাে। সম্প্রতি চাকৰীৰ আবেদন কৰাৰ বাবে মোক চৰিত্ৰ প্ৰমাণ পত্ৰ এখনৰ প্ৰয়োজন হৈছে।আশাকৰো অতি সােনকালে মােক উক্ত প্রমাণ পত্রখন প্রদান কৰি বাধিত কৰিব।
আপােনাৰ বিশ্বাসী
প্ৰতি,
জন্ম পঞ্জীয়ক
পৌৰ নিগম/ চিকিৎসালয় কৰ্তৃপক্ষৰ
বিষয়ঃজন্মৰ প্রমাণ পত্রৰ বাবে আবেদন
মহাশয়,
যথাবিহিত সম্মানপূর্বক নিবেদন এই যে, মােৰ পুত্র/পুত্ৰী শ্রীমান/ শ্ৰীমতী__________ যোৱা ______ তাৰিখে এই চহৰৰ _____ অঞ্চলত জন্ম গ্রহণ কৰে। সেই মতে সেই সময়ত তাৰ জন্ম আপােনালােকৰ কাৰ্য্যলয়ত নথিভূক্ত কৰা হয়। এতিয়া তাক স্কুলত ভর্তি কৰিব লগা হােৱা বাবে জন্মৰ প্রমাণ পত্রৰ আৱশ্যক হৈছে।
সেয়েহে মহোদয়ৰ ওচৰত মােৰ অনুৰোধ, অনুগ্রহ কৰি তাৰ জন্মৰ প্রমাণ পত্রখন দিয়ে যেন।আশা কৰাে, মােৰ প্রয়ােজনৰ কথা বিবেচনা কৰি অবিলম্বে প্রয়ােজনীয় ব্যবস্থা গ্রহণ কৰিব।
ধন্যবাদ
আবেদনকাৰীৰ ঠিকনা
আপােনাৰ বিশ্বাসী
প্ৰতি
মাননীয়/ মাননীয়া
পার্চনেল মুভমেন্ট বিভাগ (হেড অফিচ)
আঞ্চলিক প্ৰবন্ধকৰ জৰিয়তে
বিষয়ঃ __________ স্থানলৈ স্থানান্তকৰণ
মহাশয়,
সন্মান সহকাৰে আপোনাক জনাব বিচাৰো যে মই শ্ৰী/শ্ৰীমতী _______ এজন ________ পদৰ কৰ্মচাৰী হিচাপে _____ শাখাত সেৱা আগবঢ়াই আহিছোঁ। যোৱা ইং ________ তাৰিখে মোৰ তথা আমাৰ পৰিয়ালটো স্থায়ীভাৱে _________ অঞ্চলত থাকিবৰ বাবে ব্যবস্থা কৰা হল। মোৰ পৰিয়ালৰ সকলো সদস্য বৰ্তমান নতুনকৈ সজা স্থায়ী ঘৰটোত বাস কৰি আছে। সেয়েহে মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ বিভাগৰ ________ অঞ্চলৰ কাৰ্যালয়ত মোৰ চাকৰিটো স্থানান্তৰিত কৰি মোৰ তথা মোৰ পৰিয়ালক উপকৃত কৰি দিয়ে যেন। ধন্যবাদ
আপােনাৰ বিশ্বাসী
শ্ৰী/ শ্ৰীমতী_____
প্ৰতি
মাননীয় পৰিচালক মহোদয়
_____________প্ৰতিষ্ঠান
বিষয়ঃপদত্যাগ পত্ৰ
মহাশয়,
বিনীত নিবেদন এই যে, মােৰ কিছুমান এৰাব নােৱাৰা পাৰিবাৰিক কাৰণত মই মােৰ বর্তমান চাকৰি এৰিবলৈ বাধ্য হৈছাে। গতিকে মোক মোৰ কর্তব্যৰ পৰা অব্যাহতি দিবৰ কাৰণে অনুৰোধ জনালাে।
গতিকে মহোদয়ে মোক এই মাহৰ দৰমহাৰ লগতে মই পাবলগীয়া সকলো বিলাক ভৱিষ্যত নিধিৰ ধন অহা ____ তাৰিখৰ ভিতৰত মুকলি কৰি দিবলৈ অনুৰোধ জনালোঁ।
ধন্যবাদ
আপোনাৰ বিশ্বাসী
নাম
প্ৰতি,
মাননীয়/মাননীয়া (বিভাগৰ মুখ্য বিষয়াৰ পদৰ নাম আৰু ঠিকনা যালৈ পঠিয়াব লাগে)
মাননীয় (যোগদান কৰা কাৰ্যালয়ৰ মুখ্য বিষয়াৰ পদৰ নাম) যোগেদি
বিষয়: চাকৰিত/পদত যোগদান সন্দৰ্ভত
মহোদয়/মহোদয়া
সন্মান সহকাৰে আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে memo no ___________ আদেশ অনুসৰি________(বিভাগৰ নাম) বিভাগৰ দ্বাৰা মোক ______ (কাৰ্যালয়ৰ নাম) _______(পদৰ মন) পদত নিযুক্তি দিছে। উক্ত আদেশ অনুসৰি আজি ইং______(তাৰিখ) তাৰিখে পুৱা __(সময়) বজাত কামত যোগদান কৰা হয়।
ইতি
মহোদয়ৰ/মহোদয়াৰ বিশ্বাসী
প্ৰতি,
মাননীয় পৰিচালক মহোদয়
…..বিভাগ।
বিষয়:-চাকৰিৰ বাবে আবেদন।
তাৰিখ..
মহোদয়/মহোদয়া,
যোৱা ইংৰাজী 11/05/20 তাৰিখৰ নিয়োগ বাৰ্তা কাকতৰ এটি বিজ্ঞানত আপোনালোকৰ প্ৰতিষ্ঠানত এটি পদৰ বাবে অভিজ্ঞ এজন প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰিছো।উক্ত পদৰ বাবে মই নিজকে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালো।মোৰ শিক্ষা গত অৰ্হতা স্নাতক উত্তীৰ্ণ লগতে এবছৰীয়া কম্পিউটাৰ ডিপ্লমা সমাপ্ত কৰিছোঁ।বৰ্তমান এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাৰ তিনি বছৰীয়া অভিজ্ঞতা আছে।মোৰ বিশ্বাস আপোনালোকৰ প্ৰতিষ্ঠানত মই নিষ্ঠাৰে কাম কৰি আগুৱাই লৈ যাম।
মই মোৰ সকলো ধৰণৰ যাৱতীয় তথ্য উল্লেখ কৰিলোঁ।অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনাই কোন দিনা সাক্ষাৎকাৰ হয় মোক জনাব বুলি আশা কৰিলোঁ।
ধন্যবাদ
আপোনালোকৰ বিশ্বাসী
নাম
ফোন নাম্বাৰ
তাৰিখ
শিক্ষাগত অৰ্হতা
চার্টিফিকেট বিচাৰি আবেদন (Assamese Application For Certificate)
বিষয়ঃপকী ৰাস্তা নিৰ্মাণৰ আবেদনসভাপতি/ সম্পাদক ডাঙৰীয়া,
1. ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰিৰ বাবে আবেদন (অভিজ্ঞতা সহ)
প্ৰতি,
পৰিচালক মহোদয়
নিয়োগ বিভাগ(বিভাগৰ নাম উল্লেখ কৰিব)
__________ প্ৰতিষ্ঠান (প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰিব)
বিষয়ঃচাকৰিৰ বাবে আবেদন
মহাশয়/মহাশয়া
যোৱা ইংৰাজী_______ তাৰিখৰ______ কাকতৰ বিজ্ঞাপনৰ পৰা আপােনাৰ/আপোনালোকৰ প্ৰতিষ্ঠানৰ _______ পদৰ বাবে এজন অভিজ্ঞ প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰি এই আবেদন পত্র প্রেৰণ কৰিলাে। মই উক্ত পদৰ বাবে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালোঁ। যদি আপোনালোকে মোক উক্ত পদত নিযুক্তি প্ৰদান কৰে তেন্তে মই আপোনালোকৰ প্ৰতিষ্ঠানত অতি নিষ্ঠা সহকাৰে কাম কৰি আগুৱাই লৈ যাব পাৰিম বুলি মোৰ বিশ্বাস। মোৰ এই ক্ষেত্ৰত কাম কৰাৰ প্ৰায় তিনি বছৰৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ আৰু মোৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ইয়াৰ লগত সংলগ্ন কৰি দিয়া হৈছে।
ধন্যবাদ।
আপােনাৰ/আপোনালােকৰ বিশ্বাসী
নাম
ফোন নম্বৰ
তাৰিখ
2. স্কুলৰ অনুষ্ঠানত মুখ্য অতিথিৰ বাবে মন্ত্ৰী/বিধায়ক অনুৰোধ জনাই লিখা পত্র।
প্রতি
মাননীয় মন্ত্রী/ বিধায়ক মহোদয়
_________ সমষ্টি
অসম চৰকাৰ
দিছপুৰ
বিষয়ঃস্কুলৰ অনুষ্ঠানত মুখ্য অতিথিৰ অনুৰোধ
মাননীয় মহাশয়,
সন্মান সহকাৰে আপোনাক জনাব পায় সুখী হৈছো যে অহা ইং_________তাৰিখৰ পৰা ______তাৰিখলৈ আমাৰ বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস, তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। এই তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন প্ৰতিযোগিতা মূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হব। তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি মুকলি সভা অনুষ্ঠিত কৰা হৈছে । মুকলি সভা কাৰ্যসূচীত আপোনাক মুখ্য অতিথি হিচাপে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ জৰিয়তে আমন্ত্ৰণ জনোৱা হল। আশা কৰোঁ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় উলিয়াই আমাৰ মুকলি সভা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে আমাক কৃতাৰ্থ কৰে যেন।
শেষত আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হব বুলি আশা কৰিলোঁ।
ধন্যবাদ।
আপোনাৰ বিশ্বাসী
ৰূপালী জয়ন্তী উদযাপন সমিতিৰ হৈ
সভাপতি সম্পাদক
বিষয়ঃপদত্যাগ পত্ৰমহাশয়,
বিষয়ঃচাকৰিৰ কাৰণে আবেদনমহাশয়/মহাশয়া
বিষয়ঃছুটী মঞ্জুৰৰ আবেদনমহোদয়/ মহোদয়া
বিষয়ঃচৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন পত্রমহোদয়/ মহোদয়া
8. স্থানীয় বিধায়ক/সংসদৰ ওচৰত পকী ৰাস্তা নিৰ্মাণৰ আবেদন।
প্রতি
মাননীয় বিধায়ক/ সাংসদ মহোদয়
__________ বিধান সভা/ লোকসভা সমষ্টি
বিষয়ঃপকী ৰাস্তা নিৰ্মাণৰ আবেদন
মহাশয়,
প্ৰথমতে _______ অঞ্চল বাসী ৰাইজৰ হৈ অলপতে হৈ যোৱা বিধান সভা/ লোকসভা নিৰ্বাচনত আপুনি বিজয়ী হোৱাত আন্তৰিক অভিনন্দন জনালোঁ। ইয়াৰ দ্বাৰা আপোনাৰ আমাৰ অঞ্চলৰ এটা বহুদিনীয়া সমস্যা দৃষ্টি আকর্ষণ কৰিব বিচাৰিছাে। আমাৰ অঞ্চলটো বহুদিনৰ পৰাই চৰকাৰৰ উন্নয়নমূলক আঁচনি পৰা বঞ্চিত হৈ আহিছে । আমি প্ৰতিটো নিৰ্বাচনত ভোট দান কৰি আহিছোঁ যদিও ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্রতিনিধি সকলে আমাৰ অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ আৰু একমাত্ৰ পথটো বৰ্তমানেও পকী কৰাৰ ব্যৱস্থা নকৰিলে। ইয়াৰ ফলত স্থানীয় ৰাইজে বাৰিষা কালত চহৰলৈ যাবলৈ, স্কুল, কলেজ , বজাৰত যাবলৈ অশেষ কষ্ট সমস্যাৰ সন্মুখীন হৈছে। ৰাস্তাত বৃহৎ বৃহৎ গাঁত সৃষ্টি হোৱাৰ ফলত বহু সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। গতিকে আপোনাক মূল ঘাইপথৰ পৰা আমাৰ গাঁৱলৈ সোমাই যোৱা পথটো পকীকৰণৰ ব্যৱস্থা কৰিবলৈ টানি অনুৰোধ জনালোঁ।
আমাৰ অঞ্চলটোৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ
______ বাসী ৰাইজৰ হৈ
তাৰিখ
বিষয়ঃপকী ৰাস্তা নিৰ্মাণৰ আবেদনসভাপতি/ সম্পাদক ডাঙৰীয়া,
বিষয়ঃজন্মৰ প্রমাণ পত্রৰ বাবে আবেদনমহাশয়,
আপােনাৰ বিশ্বাসী
প্ৰতি,
মাননীয়/মাননীয়া (বিভাগৰ মুখ্য বিষয়াৰ পদৰ নাম আৰু ঠিকনা যালৈ পঠিয়াব লাগে)
মাননীয় (যোগদান কৰা কাৰ্যালয়ৰ মুখ্য বিষয়াৰ পদৰ নাম) যোগেদি
বিষয়: চাকৰিত/পদত যোগদান সন্দৰ্ভত
মহোদয়/মহোদয়া
সন্মান সহকাৰে আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে memo no ___________ আদেশ অনুসৰি________(বিভাগৰ নাম) বিভাগৰ দ্বাৰা মোক ______ (কাৰ্যালয়ৰ নাম) _______(পদৰ মন) পদত নিযুক্তি দিছে। উক্ত আদেশ অনুসৰি আজি ইং______(তাৰিখ) তাৰিখে পুৱা __(সময়) বজাত কামত যোগদান কৰা হয়।ইতি
মহোদয়ৰ/মহোদয়াৰ বিশ্বাসী