অসমীয়া কবিতা – Are you searching Assamese poems (অসমীয়া কবিতা) to impress someone or to read it? So your search for Assamese poems (অসমীয়া কবিতা) ended here. Because we have collected the best Assamese poems (আধুনিক অসমীয়া কবিতা) for you so that you can read them here. Reading these Assamese poems (অসমীয়া কবিতা) will instill a feeling of love for you in his heart. Here are the famous Assamese poems (অসমীয়া কবিতা).
অসমীয়া কবিতা 2022
মোৰ মন যায় পখিলা হৈ কাব্যিকতাৰ
মৌ চুহিবলৈ,
মোৰ মন যায় মকৰা হৈ জালপাতি জ্ঞান অন্বেষণলৈ,
মোৰ মন যায় পক্ষী হৈ তোমাক বাৰ্তা দিবলৈ,
মোৰ মন যায় বৰল হৈ দুৰ্নীতি নাশিবলৈ
মোৰ মন যায় নদী হৈ পংকিলতা ধুবলৈ,
আৰু মোৰ মন যায় ৰুলাৰ হৈ চিৰাচৰিত অসমতা বোৰ নি:শেষ কৰিবলৈ!হেঁপাহৰ টোপোলা লৈআহিল আহিল এজাক বৰষুণ্জেঠৰ মাদকতা জীপাল কৰি,মাদকতা ভৰা ৰিম্ ঝিম্ বৰষুণজাকে আবেগ ভৰা,হৃদয়ৰ মাজতসুৰৰ। মূৰ্চনা তুলি গায়যায় গুন্ গুন।–আহা,আহা বাৰিষা মোৰ হৃদয়লৈদেহ-মন জীপাল কৰা–ইয়াতেই পাম কিজানি মই হ’বখোজা বৰ্তমানৰ ৰঙীন চিৰ যৌৱনাবেলি ডুবু ডুবু হ’ল গৰখীয়া
সেন্দুৰী ৰঙৰ দৰে ,
ৰান্ধনী বেলিয়ে পূব আকাশত
সাতো ৰং সৃষ্টি কৰে ।
অপূৰ্ব ৰেঙনি দেখি গৰখীয়া
দুহাতে বাউলি মাতে ,
নাজানে হিহঁতে কোনে ৰং বুলালে
নীলাভ অভ্ৰৰ গাতে ।
অতি আমোদিত সুলভ মনেৰে
নাচোন-বাগুণ কৰি ,
কেনিনো সন্ধিয়া নামিলে ধৰালৈ
থাকিলে নিজে পাহৰি ।
গৰু-গাই সবে নিজে বাট বুলে
পথৰ ধুলি উৰুৱাই ,
আজি চোন পিছে উকা পথ দেখোঁ
গৰখীয়া লগত নাই ।
গাঁৱৰ বুঢ়া-মেথা ডেকা-গাভৰু সৱে
বেজাৰতে চাব যায় ,
গই পাই দেখে সৱে মিলি খেলে
পথাৰতে দেখা পায় ।
গাঁৱতে থাকে চেনেহা চেনেহী
একতাৰে বান্ধ খাই ,
নগৰীয়া হ’লে সেই আমোদ কণ
বিচাৰি পাবলৈ নাই ।
✍️উত্তম শৰ্মাবিগলিত হৃদয়ৰ উচুঁপনিশুনিছা নে কেতিয়াবায’ত মাথো নিৰন্তৰেদুখৰ অশ্ৰু বয় ।দিঠকৰ ঠিকনা পাইওসপোন সাৱটিব লগা হ’লেঅবুজ মনত কিহৰ ধুমুহা বলে নিৰলেকলিজাৰ চটফটনি কোনেনো বুজিব পাৰে ?অব্যক্ত মনৰ ভাৱনাইআজি খুলি খুলি খায়,সময়ৰ প্ৰতি খোজেঅমাৱস্যাৰ আন্ধাৰহে বিয়পাই ।তথাপিও ৰৈ আছো নেদেখা দুৰলৈ চাই,কিজানিবা তুমি যোৱা বাটতেইফুলিছে প্ৰেমৰ খৰিকাজাঁই।।নিসংগতা
যেতিয়াই মই সংগীহীন হৈ পৰো
নিজানত বহি চৌপাশৰ
সেউজীয়া বোৰৰ সতে কথা
পাতো মাথো তোমাৰ কথা।
মলয়া বতাহ জাকেচুমা
আঁকি যায় মোৰ দুগালত।
চুমাৰ পৰশত শীতল পৰে মোৰ দেহ মন।
গছৰ ডালত ৰৈ থকা চৰাই
বোৰেও মোৰ বাবে গুণগুণাই।
আকাশ খনেও যেন মোক সান্ত্বনা
দিবলৈ নিজৰ ৰং সলাই।
আকাশ, বতাহ, চৰাই
সকলোৱে মোৰ সংগী হৈ পৰে।
✍️ চান্দ মহম্মদ
শাওনৰ আবেলি
শাওনৰ এচাটি মৃদু বতাহে
কিনো কলে কাণে কাণে
তাকে দেখি পথাৰৰ সেউজী ৰোৱাবোৰ
আনন্দতে হালে-জালে
চিপ্ চিপ্ আকাশি বৰষুণ পৰে
লিহিৰি সেউজী পাতত
এইয়া শৰতৰ আগমণি বতৰা যেন
নিয়ঁৰ চেঁচা অনুভৱ হৃদয়তে———।
✍️দিগন্ত দুৱৰা, শিৱসাগৰ
তোমাৰ দাসত্বত আজি বন্দীমোৰ এই জীৱন!সঁহিব নোৱাৰোঁ আৰুদাসত্বৰ যন্ত্রণা!আজি,মই মুক্ত হ’ব বিচাৰোতোমাৰ পৰা…..নুমাব খোজোঁবুকুৰক’লা জুইৰ বেদনা…হৃদয় জোলোঙাতকিমাননো কঢ়িয়াই লৈ ফুৰিমতোমাৰ,নিৰাশাৰ যন্ত্রণা।নাই দিননাই ৰাতিনাই কোনো সময়ৰ ঠিকনাঅবিৰামদাউ দাউ কৈজ্বলিছে বুকুতনিঃসঙ্গতাৰজুইয়ে পোৰা অজস্র যন্ত্রণা….– মন্তোষ শুক্ল বৈদ্য।
বন্ধ ঘড়ীৰ দৰেমোৰ বৰ্তমানসময় গতি কৰিলেওমই স্হবিৰ হৈ ৰ’লো ৷পিঞ্জৰাবদ্ধ মোৰ হৃদয়মুক্ত কৰিবলৈ কিমান পৰ ??অতীতৰ বুকুত বৰ্তমান নেবৰ্তমানক এৰি আহিলেই অতীত?নাজানো , নুবুজোএই জটিল প্ৰশ্ননাপাওঁ যদিও ইয়াৰ উত্তৰতথাপিপ্ৰতিটো অতীতৰ আছেএটা সুকীয়া ইতিহাস ৷সেয়া হয়তোবিচ্ছেদৰ তেজেধোৱা অশ্ৰুৰ নীৰৱ গাথাকিম্বাবুভুক্ষু দুচকুৰ কৰুণ বেথা !সময় পাখি লগা কাড়ত উঠিলেধূসৰ হয়নে স্মৃতি?গলেনে দুখৰ পাহাৰবৰফ গলি পানী হোৱাৰ দৰেশেষ হয়নে দুখৰ চকুলো ?সুখ কি ?সুখৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাওঁসমীক্ষা বিচাৰো বাৰে বাৰেকোনটো সমীকৰণেহহুঁৱাব পাৰে জীৱনক !!– দিপিকা বৰ্মন ৷
তুমি শব্দৰে আকাশচুৱাঋতু ঋতু ধৰিছন্দৰ তুলিকাত বৈ যায়এটি হেৰুওৱা স্পন্দন..জুয়ে পোৰা অপৰূপ জেউতিঅনাদি কালৰ ।।পুৱতিৰ দৰে প্ৰতিশ্ৰুতিৰেসাগৰৰ দৰে গভীৰ হৃদয় উপত্যকাতসৰিপৰা শেৱালিৰ সুবাসৰ দৰেবৈ যোৱা হৃদয়ে হৃদয়ে ।।কৱিতা তোমাৰঅন্তৰ ভৰিপৰা প্ৰাণৰ বিননিকোনোবা জোনাক নিশাপাইনৰ দৰে উচুপে নিৰলেআকৌ কেতিয়াবাএপুখুৰী আকাশ নীলাৰ দৰেবুৰবুৰণিত সমাহিত কৰা ভাৱৰ ;সৃজনৰ আৱেগতধৰণি ৰঙায় হৃদয় উপচায় ।।– জোনালী ডেকা
ভালপোৱা ❣️
ভঙা সপোনৰ ৰিক্ত সীমনাত
আকৌ বৈছে প্ৰাপ্তিৰ ঢৌ।
আকৌ এবাৰ ভাল লগা হৈছে
কৃষ্ণচূড়াৰ ৰং বোৰ, আবেলিবোৰ।
সপোনবোৰ পুনৰ সজীৱ হৈছে
কাৰোবাৰ আগমনত।
সামৰি লৈছোঁ নতুন আবেগ।
নাজানো,,,,
কিয় ইমান পৃথক এই আবেগ?
জীৱনৰ বুজা নুবুজাৰ মাজতে
এই ক্ষণ ইমান মধুৰ।
কেতিয়াও শুনি নোপোৱা সূৰৰ মূৰ্চনা
কেতিয়াও বুজি নোপোৱা অজান শিহৰণ।
মিঠা মিঠা লগা এই সপোনবোৰ
সদায় যেন এই সপোনপুৰীতে থাকিম।
ভালপোৱা বোৰ কিয় ইমান মধুৰ?
নাজানো,,,,
কিন্তু, ভাল লাগে সকলোবোৰ।
নুবুজো,,,,
এই ভাল লগাৰ অৰ্থ কি?
হয়তো,,,,
প্ৰথম প্ৰেমৰ কোমল স্নিগ্ধ অনুভূতি।
🥀মোৰ নীলা চৰাই জনী🥀
মোৰ নীলা চৰাই জনী
বৰ মৰমৰ আছিল তাই
সৌ নীলা বোৰৰ মাজেৰে
কোনোবা এটা শান্তি প্ৰিয়
আবেলি উৰি আহিছিল তাই।
মোৰ উৰুখা পজা ঘৰটোলৈ
আঁশাৰ চাকি এগছ জ্বলি উঠিছিল
তেজ ৰঙাকৈ, চাৰিওঁফালে
মৰমবোৰে একাজলি ৰ’দ সানি
দিছিল সপোনে সাৰ পাব পৰাকৈ।
হঠাৎ এদিন মোৰ নীলা চৰাই জনী
অভিমান কৰি উৰি গৈছিল
কোনোবা দূৰ-দিগন্তলৈ
সপোনবোৰো চোন পলকতে
ঠান-বান হৈ পৰিছিল।
সময়ৰ আহ্বানত দুখবোৰ
আপোন কৰি লৈ মই আকৌ
অকলশৰীয়া হৈ পৰিছিলোঁ,
আৰু পজাঘৰটো’ও বিস্মৃতিবোৰ
বুকুত বান্ধি ধূসৰ হৈ পৰি ৰৈছিল
শব্দ বিহীন এটি কবিতা হৈ।
মোৰ নীলা চৰাই জনী গ’লগৈ
যোৱাৰ পৰত মোক দি গ’ল
আজাৰ ফুলেৰে বেজাৰ
বোৰৰে আতি আতি বান্ধা
এডাল বিষাদৰ মালা।।
✍️ পূজা শইকীয়া 🖤
প্ৰেৰনা
আপোনজন হেৰাই গলে…
বুকুখনত শব্দ নহয়….
শূন্য হৈ যায়।
উজাগৰী নিশা আকাশলৈ চাওঁ…
দুচকু মুদি অনুভৱ কৰো তোমাক….
সেমেকা বতাহজাকে দি যায়
বাতৰি তোমাৰ…….
আহা তুমি নিৰবে সদায়।
শুকাই যোৱা সপোনৰ ফুলপাহ….
জীপাল হয় প্ৰতিটো নিশাই,..
হৃদয়ত আৱেগৰ ঢৌয়ে খুন্দিয়াই।
স্মৃতিৰ পাপৰিত জোনাকী য়ে পোহৰ বিলায়।
অজানিতে এটা সুখৰ হাঁহি .
মুখত জিলিকি যায়।
জীৱনটোৱে প্ৰেৰণা পায়।
তুমি আছা মোৰ সৈতে….
অনুভৱ কৰো সদায়।।
* নামঘৰ *
নামঘৰ গুৰু জনাৰ উপাসনাৰ ঘৰ ।
সত্ৰীয় সংস্কৃতিৰ সাধনাৰ ঘৰ,
ভাওনা ভাগৱত ৰ আখৰা ঘৰ ।।
যত ভকতে লৈ নামৰ যুতি তোলে ভক্তিৰ জোৱাৰ ।।
ডবা, শংখ , খোল,তালৰ শব্দত হৃদয় কঁপে অসমীয়াৰ l
য’ত নাই সৰু বৰ , নহয় কোনো কাৰো পৰ ।
অসম আৰু অসমীয়াৰ ইয়ে স্বাভিমানৰ ঘৰ ।
নামঘৰ মুক্তি ৰ দুৱাৰ , সম্বল মাথো ভগবানক পোৱাৰ l
তেনেহলে কেনেকৈ হব পালে ই ধ্বংসৰ দুৱাৰ ?
য’ত বাজিছিল কেৱল মংগল উৰুলী ,তাত কেনেকৈ গৰজিছে এতিয়া ধ্বংসৰ কিৰিলী ?
গুৰু জনাই জানো ভাবিছিল এই কথা যে
নামঘৰে লব কাৰোবাৰ জীৱন কেতিয়াবা ।
তেওঁ জানো ভাবিছিল, ভক্তিৰ এই ঠাই হব কেতিয়াবা কাৰোবাৰ বিচাৰৰ ৰায় ।
য’ত নাচিল কোনো কাৰো পৰ ,তাত কেনেকৈ হব পাৰে বিচাৰ কোন সৰু কোন বৰ ?
নামঘৰ নহয় কোনো আদালতৰ ঘৰ ।
নামঘৰ মাথো সংস্কৃতিৰ ৰংঘৰ ,
সংস্কৃতিৰ আখৰা ঘৰ , অসমীয়া সংস্কৃতিৰ ভঁৰাল ঘৰ নামঘৰ ।।।🖋 সুনিল বৰুৱা
Love Poems In Assamese
ঐ শুনানা…আজি তোমাক বহুত Miss কৰি আছো,নাজানো কিয় তোমালে বহুত মনত পৰিছে আজিমই তোমাক খং কৰোকিছুমান কথাত বাধাও দিওতোমাৰ লগত কথা নপতাকৈ থাকোকিন্তু এটা কথা সঁচা যে তোমাৰ অবিহনে মই থাকিবও নোৱাৰো,কাৰণ বহুত বাল পাওঁ তোমাকতোমাক হেৰাই পেলোৱাৰ ভয়তেমই তোমাক শাসন কৰিবলৈ লও,এদিন তুমিয়ে কৈছিলা যে তুমি মোৰ হাতটো ধৰি থাকামই দুনিয়াখনৰ লগত যুজি যাম,তোমাক মোৰ বুকুৰ মাজতে গোটেই জীৱন সুমুৱাই ৰাখিম।কিন্তু তুমিয়ে আজি আতৰি গ’লা মোক মিছা প্রতিশ্ৰুতি দিআচলতে তুমি এনেকুৱা কৰিবা বুলি মই ভবাই নাছিলোকাৰোবাক অতিমাত্রা আবেগিক হৈভালপোৱাটো হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ অপৰাধ,যিদিনা মোক বুজি পাবা সিদিনা নিজক ক্ষমা কৰিব নোৱাৰিবা।প্রেমৰ কবিতা
ব্যকুল হৈয়ে ৰ’ল মোৰ হৃদয়মনত ৰচিত কবিতাসদৃশ প্ৰস্তাৱটিওচৰ পায়ো কণ্ঠস্বৰ নহ’লবৰষুণ ও জোনাকক সাক্ষী কৰিহৃদয়ে চিঞৰে যি কোৱা নহ’লপাথৰ হৈ য’ত চকুপানী শুকালপাহৰিবলৈ কোনো দুস্বপ্ন নহয় (তুমি)যৌৱনৰ আহ্বান জীৱনৰ শ্ৰেষ্ঠ হাবিয়াসঅযত্ন পৰাজয়বৰণ কৰি মৌনতাত উচুপি কান্দোঅপেক্ষা মাথো তোমাৰ মাততডাৱৰ ফালি নিগৰা বৰষুণজাকলৈসুপ্ত হৈ ৰোৱা আশাই বাট চাই যাকলৈ।বিচ্ছেদ অসমীয়া কবিতা
আজিও কিয়হ্ৰদয়ৰ পৰা মচিব পৰা নাইতোমাৰ ছবি…অৱচেতন মনত বিস্তাৰিত মলিন স্মৃতিবোৰআজি কিয় আহি সপোনত সাৰ পাই…পাহৰিব খোজা বিষবোৰআকৌ উক্ দিকিয় অস্থিৰতা কঢ়িয়াই আনিবর্তমানত খলকনি তোলে…কাৰোবাৰ ভালপাবলৈ ধৰাঅনুভৱ খিনিৰ দৰে ধুনীয়া আৰুজীৱনত দ্বিতীয় একো নাথাকে,সেই অনুভৱবোৰকঅতীতৰ ভুল বুলিব লগা হ’লেকষ্ট হয় ভিতৰছোৱাত ক’ব নোৱাৰাকৈ…ব্যর্থ প্রেমৰ কবিতা
যদি কেতিয়াবা অজানিতে মোৰচাবলৈ মন যায় তোমাক প্লিজ না নক’বালাগিলে আৰু আগৰ দূৰত্ব বজাই ৰাখিবা,কিন্তু মনে বিচাৰিলেএবাৰ দেখা দদি যাবা !বেছি পৰ নলগাও, অকমান সময়,আৰু এটি কথা…যিক্ষণ মোৰ স’তে কটাবা,মোৰ হৈহে কটাবা…য’ত নাথাকিব অতীতৰ হুমুনিয়হভৱিষ্যতৰ নিৰাশা ভৰা ৰিক্ততা…যদি কেতিয়াবা ভাগৰতে মোৰতোমালৈ বুলি হুমুনিয়াহ হৈ উৰেঅকণমান সহাৰি জীয়াই থাকিবলৈপ্লিজ কি হৈছে তোমাৰখবৰো যদি লোৱএখনন্তেক সময় উলিয়াইমোবাইলৰ ৰিচিভাৰ ৰাখিওঠেৰে নিগৰাই স্নেহামৃত জগোৱাদুটি শব্দ মহানুভূতিৰপ্রাণ পাব মোৰ ভাগৰুৱা শৰীৰেঅৱসাদে আগুৰা নিসংগ মনটোৱেছায়া হৈ আছা ৰৈঅনাদি অনন্তকাল হৃদয়ৰ সাগৰতৰামধেনু হৈ আঁকিছা মনৰ আকাশইশ্বৰ হৈ থিতাপি লৈছাপ্ৰেম আৰু আন্তৰিকতাৰে ভৰাজীৱনৰ এছোৱা সেউজীয়া হৈচাবলৈ, চুবলৈ বা মৰম বোলাবলৈস-শৰীৰে কাষত নাথাকিলেওঅনুভৱ কৰো জাগ্ৰত প্ৰতি ৰজনীছাঁয়া হৈ আছা, থাকিবা আগলৈও….প্ৰথম দেখাতে ভাবিছিলো বহু কথাযদি হ’লহেতেঁন আশাৰে ভৰপূৰপ্ৰতিটো দিন প্ৰথম দিনৰ দৰেতোমাক পোৱাৰ দুৰ্বাৰ হেঁপাহতকটোৱা মোৰ যৌৱনৰ একলা প্ৰভাতযদিও নহ’লা মোৰ, নিদিলে বিধাতাইতেৱ মই জীয়াব এৰা নাইতোমাৰ স’তে কটোৱা সুগন্ধি পলবোৰৰ স্মৃতিৰেইকটাইছো আৰু কটাই যামজীৱনৰ শেষ নিশ্বাসলৈমাত্ৰ এটি অন্তিম অনুৰোধহৃদয়ত অকণমাণ ঠাইনিস্বাৰ্থে সজতনে ৰাখিবা মোলৈ…।© fb প্ৰেমৰ কবিতাভালপোৱাৰ কবিতা
নিচেই ওচৰৰ পৰা তোমাক চোৱাৰদুৰ্বাৰ হেঁপাহ এটি আছিলথাকিয়েই গ’ল আশাৰ দৰে…বাছৰ চিটত যিদিনা একলগ হ’লোমুখ কি চকু ঘূৰায়োএবাৰ ৰ’ লাগি চোৱাৰ অৱকাশ নহ’ল তোমাক…লাজ, শংকা নে অইন কিবাআজিও জ্ঞাত নহ’লো,মাথো গন্তব্য স্থান পোৱাতচিটৰপৰা উঠি নামি যোৱাতসেমেকা দুচকুৰে খিৰিকীৰেচাই প্ৰথম দেখাৰ ইতি পেলালো !তেতিয়াৰপৰাইযেতিয়াই সেইফালেৰে ভ্ৰমণ কৰোতুমি বাছত উঠোতেপ্ৰথমবাৰ দেখা স্মৃতি সজীৱ হৈ উঠেআৰু সেই চ’কটৌলৈ চকু পোনাওজানোচা তুমি আহিমই উঠা বাছখন ধৰাহি…তুমি হয়তো নাজানা,তোমাক প্ৰথমবাৰ সাক্ষ্যাৎ কৰোতেযিটো গীত মোৰ কাণত বাজি আছিলসেইটো গীতেই মোৰবাবেতোমাৰ স্মৃতিৰ একমাত্ৰ বাহক;আজিও শুনো মনত পেলাবলৈযি হৈছিল যৈ হ’বলৈ ৰ’ল সকলো….যদি নিয়তিৰ সুদৃষ্টিমোৰ জীৱনত কেতিয়াবা পৰেতুমি মই চিটত একলগ হৈ বহিকথাৰে ভালদৰে চিনাকী হওঁ…এডাল হেডফোনতেই দুয়োৰে কাণতএপাতকৈ ঠিলা লগাই গীতটো শুনিম!© fb প্ৰেমৰ কবিতা
অসমীয়া কবিতা Related Keyword
অসমীয়া কবিতা আবৃত্তি,
অসমীয়া কবিতা জীৱনৰ,
অসমীয়া কবিতাৰ সংজ্ঞা,
অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস,
অসমীয়া কবিতা মা,
অসমীয়া কবিতাৰ চানেকি,
অসমীয়া কবিতা প্ৰেম,
অসমীয়া কবিতা pdf download,
কবিতা অসমীয়া গান,
অসমীয়া কবিতা আই,
অসমীয়া কবিতা pdf,
অসমীয়া প্ৰেমৰ কবিতা pdf,
আধুনিক অসমীয়া কবিতা pdf,
কবিতা অসমীয়া video,
অসমীয়া শিশু কবিতা আবৃত্তি,
অসমীয়া কবিতা জীৱন,