অসমীয়া class 11 | Class 11 Assamese Question Answer

অসমীয়া class 11 – একাদশ শ্ৰেণীৰ অসম প্ৰশ্নউত্তৰ অসম টাইমছে প্ৰদান কৰা হৈছে ইণ্টাৰনেটৰ লগতে আন বহুতো অফলাইন কিতাপত উপলব্ধ সৰ্বশ্ৰেষ্ঠ সমলসমূহৰ ভিতৰত এটা। এই একাদশ শ্ৰেণীৰ অসম প্ৰশ্নৰ উত্তৰ অসম ৰাজ্যিক পৰিষদৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। আমি নিশ্চিত কৰোঁ যে এয়া হৈছে সৰ্বশ্ৰেষ্ঠ আৰু ত্ৰুটিহীন শ্ৰেণী 11 ৰ অসমী গ্ৰন্থ সমাধান।  আপুনি এই সমলটো সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰে। এই একাদশ শ্ৰেণীৰ অসম গ্ৰন্থপ্ৰশ্নউত্তৰ টো আমাৰ অসম টাইমছৰ শ্ৰেষ্ঠ অনুষদৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে আৰু লগতে বোৰ্ড টপাৰ আৰু অন্যান্য ৰত্ন অনুষদৰ দ্বাৰা ও পৰীক্ষা কৰা হৈছে। যদি আপুনি আমাৰ পৰা শিকে তেন্তে পাঠ্য পুথি সমাধানৰ বাবে আন কোনো কিতাপ ক্ৰয় কৰাৰ প্ৰয়োজন নাই। ইয়াত আমি আপোনাক সম্পূৰ্ণ একাদশ শ্ৰেণীৰ অসমী গ্ৰন্থ প্ৰশ্নউত্তৰ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিম। যদি আপুনি সঠিক বুজাবুজিৰে এই সমাধানটো অতি মনোযোগেৰে পঢ়ে আৰু তাৰ পিছত নিজে প্ৰশ্নবোৰ মনত ৰাখক আপুনি আপোনাৰ আগন্তুক পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰিব পাৰে।

অসমীয়া class 11

এইচ এছ প্ৰথম বৰ্ষৰ অসম গ্ৰন্থ প্ৰশ্নউত্তৰ অসম টাইমছে প্ৰস্তুত কৰিছে। এই সমাধানত, আমি আপোনাক এইচএছ প্ৰথম বৰ্ষৰ অসমগ্ৰন্থৰ সকলো 16 টা অধ্যায় সমাধান প্ৰদান কৰিম। আমি প্ৰতিটো অধ্যায়ৰ প্ৰতিটো প্ৰশ্নক এক বিতং ব্যাখ্যাৰে সামৰি লওঁ। এই এই চৰ্ত প্ৰথম বৰ্ষৰ অসমগ্ৰন্থ প্ৰশ্ন উত্তৰে আপোনাক অধ্যায়টোৰ বিষয়ে আপোনাৰ ধাৰণাটো পৰিষ্কাৰ কৰাত সহায় কৰে আৰু লগতে আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতিত আপোনাক সহায় কৰে। ইয়াত, আপুনি একাদশ শ্ৰেণীৰ অসমঅধ্যায় সমাধানৰ এখন তালিকা পাব। আপোনাক  একাদশ শ্ৰেণী সম্পূৰ্ণ কৰা অসম টাইমছ অসম প্ৰশ্নৰ উত্তৰ 100% বিনামূলীয়াকৈ। যদি আপুনি অসম ৰাজ্যিক পৰিষদৰ ছাত্ৰ হয় তেন্তে এই আহছেক শ্ৰেণী 11 ৰ অসমী কিতাপ টোকাবোৰে আপোনাক আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি বৃদ্ধি কৰাত সহায় কৰে।

ধনৰ ব্যৱহাৰ

অতি চমু প্রশ্ন

১। কৃপণ লােকৰ দুই ধর্ম কি?
উত্তৰঃ কৃপণ লােকৰ দুই ধর্ম হ’ল – ধনেৰে মাথাে বস্ত্র ক্রয় কৰা আৰু খাদ্য সংগ্রহ কৰা।

২। অর্থ ব্যৱহাৰৰ মূলমন্ত্র কি?
উত্তৰ : অর্থ ব্যৱহাৰৰ মূলমন্ত্র হ’ল আয় অনুসৰি খৰচ কৰা।

৩। দৰিদ্ৰ হােৱাৰ চিন কেনেকুৱা ?
উত্তৰঃ দৰিদ্ৰ হােৱাৰ চিনহ’ল – আয় অলপ আৰু খৰচ সৰহ।

৪। মানুহৰ ঋণ কেতিয়া হয় ?
উত্তৰঃআর্জনতকৈ খৰচ বেছি হ’লে মানুহৰ ঋণ হয়।

৫। কি খৰচ গুপ্তশত্ৰুৰ নিচিনা?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

ধনৰ ব্যৱহাৰ চমু প্রশ্ন

১। ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ কি কি?
উত্তৰ: ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ প্ৰথমটো হল – ধনেৰে সুখ-সম্পদ বৃদ্ধিৰ বাবে ভাল খাদ্য, বস্ত্র, বাসস্থান, হাতী-ঘোঁৰা, গাড়ী আদি সংগ্রহ কৰিব পাৰি। দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধন কৰিব পাৰি, উদাৰহণস্বৰূপেঃ অন্নহীনক অন্ন যােগান ধৰিব পাৰি, বিপদত পৰা মানুহক সহায় কৰিব পাৰি, বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰিব পাৰি।

২। কৃপণ লােকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নােৱাৰে?
উত্তৰ : কৃপণ লােকৰ বিবেচনাত ধনৰ মূল্য বেছি, কামৰ মূল্য কম। সেয়ে কৃপণ লােকে আন মানুহে ধন খৰচ কৰিলে সহিব নােৱাৰে। আন মানুহেও কিবা ডাঙৰ সকামত ধন খৰচ কৰিবলৈ ওলালে কামত নানা আসোঁৱাহ উলিয়াই বিধি-পথালি কৰে।

৩। লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?
উত্তৰ: লেখকৰ মতে দয়া বৃত্তি ফলিয়াব লাগিলে অলপ ধনৰ প্ৰয়ােজন হয়। আনকি অহংকাৰ বা লােভ ফলিয়াব লাগিলেও অলপ ধন লাগে। কাৰণ ধন খৰচ
নকৰিলে সজ-অসজ কোনাে কামেই কৰিব নােৱাৰি।

৪। কি দুটাকাৰণত মানুহে কৃপণালি কৰে?
উত্তৰ : প্রথমতে মানুহে পৃথিৱীত খ্যাতি অর্জন কৰিবলৈ কৃপণালি কৰে। আন কিছুমানে কিছুমানে সন্তান- সন্ততিলৈ ধনৰ অক্ষয় ভাণ্ডাৰ ৰাখি থ’বৰ বাবে কৃপণালি কৰে।

৫৷ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পার্থক্য লিখা।
উত্তৰ : কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পার্থক্য হল – প্রথমতে, কৃপণ লােকে বেছি উপার্জন কৰে, কিন্তু কম খৰচ কৰে। আনহাতে ধোঁৱাখুলীয়াই কম উপার্জন কৰে, কিন্তু উপাৰ্জনৰ তুলনাত অধিক খৰচ কৰে।
দ্বিতীয়তে, কৃপণলােকে ধন সঞ্চয় কৰিবলৈ উত্ৰাৱল হয়, আনহাতে ধোঁৱাখুলীয়াই ধন খৰচ কৰিবলৈ উত্ৰাৱল হয়।

ধনৰ ব্যৱহাৰ দীঘল প্রশ্ন

১। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে লিখা।
উত্তৰঃ অশিক্ষিত মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম। সিহঁতে ধনীৰ অত্যাচাৰক প্ৰতাপ বােলে কুকামক ধেমালী বােলে, ধনীৰ মাৰ-
কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল-বেয়া বােধ আৰু মান-অপমানৰ জ্ঞান নাই। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। সিহঁতে নির্বোধ মানুহ প্রশংসা পাবলৈ অযুগুত খৰচ কৰি দুখ মাতি আনে।

২। অসজ বৃত্তিধাৰী কৃপণ লােকৰ জীৱন কেনেকুৱা হয় আলােচনা কৰা।
উত্তৰ: অসজ বৃত্তিধাৰী কৃপণ লােকৰ অসজ বৃত্তিবােৰৰ শক্তি প্ৰৱল হয়। সিহঁতে ভাল বস্তু খাবলৈ হাবিয়াস কৰে ; কিন্তু সিহঁতে নিজৰ ধন খৰচ কৰি ভাল বস্তু খাব নিবিচাৰে। নিজৰ ঘৰত সিহঁতে সদায় শাক-ভাত খায়। কিন্তু লােকৰ ঘৰত উপাদেয় খাদ্য নহ’লে সিহঁতে ভােজন নকৰে। নিজৰ ঘৰত সদায় একবিধ আঞ্জা খায় যদিও আনৰ ঘৰত পাঁচবিধ বিচাৰে। সিহঁতে নিজৰ কামত এদিনৰ বাট খােজকাঢ়ি যায়। কিন্তু লােকৰ কামত বাহন নহ’লে এখােজো নিদিয়ে। মুঠতে লােকৰ ওপৰত পালে সিহঁতে ভালৰাে ভাল খায়, ভালৰাে ভাল পিন্ধে। কিন্তু নিজ খৰচত চলিব লাগিলে সিহঁতে মােটা চাউলৰ ভাত খায় আৰু চৰিয়া সূতাৰ কাপােৰপিন্ধে। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও জাহিৰ হ’বলৈ নিদিয়ে। সিহঁতৰ বাহিৰৰ ফাল সুন্দৰ কিন্তু, ভিতৰৰ ফাল কদর্য। মুঠতে অসজ বৃত্তিধাৰী কৃপণ লােক স্বার্থলােভী আৰু কপটীয়া প্ৰকৃতিৰ হয়।

৩৷ মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।
উত্তৰ: ঋণক পাপৰ লগত তুলনা কৰা হয়। কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও জীৱনত বহুত দুর্যোগ ভুগিব কৰিব লগা হয়। ঋণী মানুহে মান মর্যদা হেৰুৱায় আৰু মনৰ সুখ-শান্তি নষ্ট কৰে। ঋণক আকৌ ব্যধিৰ লগতাে তুলনা কৰা হয়। কাৰণ ব্যধিয়ে মানুহৰ শৰীৰ তেজ -মাংস ক্ষয় কৰাৰ দৰে ঋণেও মানুহক যন্ত্রণা ভূগায়। এবাৰ ব্যধি হ’লে যেনেদৰে গুচাবলৈ টান তেনেদৰে এবাৰ ঋণ হলে গুচাবলৈ টান। ব্যধি যেনেদৰে বাঢ়ি যায়, সেইদৰে ঋণও বাঢ়ি যায়।
সেয়ে মানুহে ঋণক পাপৰ লগত তুলনা কৰিছে।

৪।লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লােকৰ সংজ্ঞা সম্বন্ধে আলােচনা কৰা।
উত্তৰঃ লেখকৰ দৃষ্টিত যিসকল লােক ধনৱন্ত হৈয়াে দৰিদ্ৰৰ যন্ত্রণা ভােগ কৰে, সিহঁতক সাধাৰণ কথাত কৰাইচ, কটুকি’ বা কৃপণ’বােলে। কৃপণক নিধনী বুলিও কোৱা হয়। সিহঁতে ধন থাকোতেও লাজ ঢাকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা —এই দুইকামৰ বাহিৰে ধন খৰচ নকৰে। কৃপণৰ বিবেচনাত উত্তম ভােজন খক, উত্তম পিন্ধন গপ আৰু দান-দক্ষিণা কৰা অপব্যয় মাথােন। লােকৰ উপকাৰৰ বাবে ধন খৰচ কৰিলে সিহঁতৰ বিবেচনাত উদ্ভাণ্ডালি কৰা হয়। কৃপণ, বিবেচনাত ল’ৰা-তিৰােতাতকৈয়াে ধনৰ মূল্য অধিক।

৫। ধন সুখ ভােগৰ উপায় নহয়, স্বয়ং ধনেই সুখ’ ব্যাখ্যা কৰা।
উত্তৰ: ‘ধন সুখ ভােগৰ উপায় নহয়, স্বয়ং ধনেই সুখ।
উদ্ধৃত কথাফাকি সাহিত্য সৌৰভ’ত সন্নিবিষ্ট সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত ‘ধনৰ ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুল্লি দিয়া হৈছে।
উক্ত কথাষাৰৰ জৰিয়তে লিখকে কৃপণ লােকৰ ধনৰ প্ৰতি থকা ধাৰণাৰ আভাস দিছে। কৃপণ লােক কেৱল ধনৰ বাবেই ধন সঞ্চয় কৰে। ইয়াৰ বাহিৰে সিহঁতৰ আন কোনাে অভিপ্রায় নাই। ধনৰ দ্বাৰা যে সুন্দৰ আৰু সুখী জীৱন যাপন কৰিব পাৰি সিহঁতে সেইকথা উপলব্ধি নকৰে। ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। ধনৰ নামত সিহঁত উদ্বাউল হয়। ধন চকুৰে চাই থকাই সিহঁতৰ পৰম সুখ। সিহঁতৰ মানত স্বয়ং ধনেই সুখ।

ধনৰ ব্যৱহাৰ Class 11

তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া 

(ক) সত্যনাথ বৰাই ৰচনাকৰা গীতৰ পুথিখনৰ নাম কি?
উত্তৰ গীতাৱলী।

(খ) কোন শ্রেণীৰ লােক সমাজত ‘ধোৱাখুলীয়া’ নাম পায়?
উত্তৰঃ নির্বিচাৰে ধন খৰচ কৰা লােকে সমাজত ‘ধোঁৱাখুলীয়া’নাম পায়।

(গ) কৃপণৰ ধনক লেখকে কি বুলি কৈছে?
উত্তৰ: কৃপণৰ ধনক লেখকে ‘ল’ৰাই ওমলা “খােলাকাটি’ বুলি কৈছে।

(ঘ) কৃপণৰ ভাতলৈ আশা কৰা লােকৰ জীৱনক লিখকে কিহৰ জীৱন বুলি কৈছে?
উত্তৰ: কৃপণৰ ভাতলৈ আশা কৰা লোেকৰ জীৱনক লিখকে কুকুৰৰ জীৱন’ বুলি কৈছে।

(ঙ) লিখকে কি আপদ বুলি কৈছে?
উত্তৰঃ লিখকে ধাৰক আপদ’বুলি কৈছে।

(চ) কেনেকুৱা ধন বাটত পােৱা ধনৰ নিচিনা?
উত্তৰঃ ঋণ কৰা ধন বাটত পােৱা ধনৰ নিচিনা।

(ছ) সত্যনাথ বৰাক কোনজন ইংৰাজ প্ৰৱন্ধকাৰৰ লগত তুলনা কৰা হয় ?
‘ উত্তৰ: সত্যনাথ বৰাক ইংৰাজ প্ৰৱন্ধকাৰ ফ্রান্সিচ বেকন বা চেমুৱেল স্মাইলচৰ লগত তুলনা কৰা হয়।

(জ) সত্যনাথ বৰাই ক’ত জন্ম গ্রহণ কৰিছিল?
উত্তৰ: সত্যনাথ ব্ৰই গুৱাহাটীৰ ভৰলুমুখত জন্ম গ্ৰহণ কৰিছিল।

অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ Class 11

অতি চমু প্রশ্ন

১। অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্রহকৰা হৈছে?
উত্তৰঃ অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ শীর্ষক পাঠটি পদ্মনাথ গােহাঞিবৰুৱাৰ মােৰ সোঁৱৰণী’ নামৰ আত্মজীৱনীমূলক গ্রন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২।মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্রমণ কৰিছিল ?
উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টত মহাত্মা গান্ধীয়ে পােন প্রথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।

৩। পদ্মনাথ গােহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গােহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম –‘মােৰ সোঁৱৰণী।

৪। আগৰৱালৰ পকী কত অৱস্থিত ?
উত্তৰ: আগৰৱালৰ পকী’ তেজপুৰত অৱস্থিত।

৫। গান্ধীজীৰ সন্মানার্থে ‘পকী’ৰ সন্মুখত আয়ােজিত মজলিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰীৰ নাম লিখা।
উত্তৰ : গান্ধীজীৰ সন্মানার্থে ‘পকী’ৰ সন্মুখত আয়ােজিত মজলিত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তি গৰাকী নাম পদ্মনাথ গােহাঞিবৰুৱা।

অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ Class 11 চমু প্রশ্ন

১। পদ্মনাথ গােহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ : ‘টেটোন তামুলী, আৰু ‘গাওঁবুঢ়া’ পদ্মনাথ গােহাঞি বৰুৱাই ৰচনা কৰা দুখন নাটক।

২। পদ্মনাথ গােহাঞি বৰুৱাই সম্পাদনা কৰা তিনিখন আলােচনীৰ নাম লিখা।
উত্তৰ: বিজুলী, আসাম বন্তি আৰু উষা হ’ল পদ্মনাথ গােহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলােচনী।

৩। পদ্মনাথ গােহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্রন্থৰ নাম লিখা।
উত্তৰঃ মােৰ সোঁৱৰণী, শ্রীকৃষ্ণ আৰু ভানুমতী হ’ল পদ্মনাথ গােহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম।

৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বােধন কৰি চিঠি লিখিছিল ?
উত্তৰ : মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰলক ‘Dear Sir’ বুলি সম্বােধন কৰি ‘Your Excellency’ ৰ ঠাইত ‘Your’ বুলি চিঠি লিখিছিল!

৫৷ অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ শীর্ষক পাঠটোত উল্লেখ থকা দুগৰাকী স্বাধীনতা যােদ্ধাৰ নাম লিখা।
উত্তৰ :তৰুণৰাম ফুকন আৰু মৌলানা মহম্মদ আলি হ’ল অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ’ শীর্ষক পাঠটোত উল্লেখ থকা দুগৰাকী স্বাধীনতা যােদ্ধা।

Class 11 Assamese Lesson 2 Question Answer

দীঘল প্রশ্ন

১। পদ্মনাথ গােহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবােৰ কাৰ্যৰ কাৰণে গান্ধীক লগ পাবলৈ উদগ্রীৱ হৈ পৰিছিল?
উত্তৰ: পদ্মনাথ গােহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কীর্তি কাহিনীৰ বিষয়ে আগৰে পৰা শুনি আছিল। দক্ষিণ আফ্রিকাত বর্ণবৈষম্যৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে লােৱা ভূমিকাৰ বিষয়ে দেশ-বিদেশত প্ৰচাৰ হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানবিক গুণৰ বহুল প্রচাৰ হৈছিল। আনকি পাদ্রীসকলে মহাত্মা গান্ধীক যীশুখ্রীষ্টতকৈ ওপৰত আসন দিছিল। আকৌ মহাত্মা গান্ধী দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ উলটি আহি ভাৰতবৰ্ষক স্বাধীন কৰাৰ নেতৃত্ব বহন কৰে। এই সংক্রান্তত মহাত্মা গান্ধীয়ে এবাৰ সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৰীডিং চাহাবলৈ ভাৰতবৰ্ষৰ হৈ এখন দীঘলীয়া চিঠি লিখে। সেই চিঠিত মহাত্মা গান্ধীয়ে গৱৰ্ণৰ জেনেৰলক ‘Dear Sir’ বুলি সম্বােধন কৰি ‘Your Excellency’ ৰ ঠাইত অকল ‘Your’ বুলি লিখিছিল। এইবােৰ কাৰণত পদ্মনাথ গােহঞিবৰুবাই মহাত্মা গান্ধী লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল।

২। গান্ধীজীৰ প্ৰথম অসম ভ্রমণ সম্পর্কে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত জাহাজেৰে অসমৰ তেজপুৰ ঘাটত উপস্থিত হয়। তেখেতৰ লগত মৌলনা মহম্মদ আলি, অসমলৈ আছিল। সিহঁতে বন্দৰত উপস্থিত হােৱাৰ সময়ত ধাৰাসাৰে বৰষুণ দি আছিল। তেনেতে পদ্মনাথ গােহাঞি বৰুৱাই লৰালৰিকৈ জাহাজত উঠি গান্ধীজীক নমস্কাৰ জনাইছিল। বৰষুণ বন্ধ হােৱাত সিহঁতে মহাত্মা গান্ধীক বাগীত উঠাই লৈ শােভাযাত্রা কৰি হৰিবিলাস আগৰৱালাৰ পকী কুঠী’লৈ লৈ যায়। আলধৰা সমিতিয়ে তাত গান্ধীজীক ছাগলীৰ গাখীৰেৰে জা-জলপান কৰায়। ইতিমধ্যে বাহিৰত অসংখ্য জনতাই গান্ধীজীক দর্শন কৰিবলৈ ভিৰ কৰি থকাত মহাত্মা গান্ধীক পকী ঘৰৰ চাদত তুলি দিয়া হয়। তাত মহাত্মা গান্ধীয়ে উদং গাৰে দৰ্শন দি ৰাইজক সন্তুষ্টি কৰে। পিছত কার্যতালিকা অনুসৰি হৰিবিলাস আগৰৱালাৰ ‘পকীৰ সন্মুখত বহল ঘাঁহনি পথাৰত মজলি পতা হয়। তাত মহাত্মা গান্ধীয়ে প্রায় দুই ঘন্টা সময় ‘স্বৰাজ আৰু অসহযােগিতা’ৰ ওপৰত বক্তৃতা দিয়ে।

৩। গান্ধীজী আৰু পদ্মনাথ গােহাঞিবৰুৱাৰ মাজৰ কথােপকথনখিনি তােমাৰ ভাষাত বুজাই লিখা।
উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টত মহাত্মা গান্ধীয়ে ভাপ জাহাজেৰে অসমৰ তেজপুৰ ঘাটত উপস্থিত হয়। জাহাজঘাটৰ বন্ধা বােটত ভিৰাই এচটা চিৰি লগাওঁতেই পদ্মনাথ গােহাঞিবৰুৱাই সকলােৰে আগত লৰালৰিকৈ জাহাজত উঠে আৰু তৰুণ ৰাম ফুকনৰ নিৰ্দেশত গােহাঞিবৰুৱাই গান্ধীজীক নমস্কাৰ জনাই মহাত্মাজীৰ আপাদমস্তক নিৰীক্ষণ কৰি থকা সময়তে মিঃ ফুকনে গান্ধীজীৰ ওচৰত পদ্মনাথ গােহাঞিবৰুৱাক পৰিচয় কৰাই দিয়ক, “এখেত এজন তেজপুৰৰ আগৰণুৱা দেশহিতৈষী, অসমীয়া নেতা, ৰয়চাহাব পদ্মনাথ গােহাঞিবৰুৱা।” পদ্মনাথ গােহাঞিবৰুৱাৰ পৰিচয় পাই গান্ধীজীয়ে জিকাৰ খাই উঠি ক’লে, “আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” মিঃ তৰুন ৰাম ফুকনে তেতিয়া বুজাই কয় যে গগাহাঞি বৰুৱা ৰাইজৰহে ৰায়চাহাব। তেতিয়া গান্ধীজীয়ে পদ্মনাথ গােহাইবৰুৱাৰ পিনে চাইক’লে, “যি হওক, আশা কৰে খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপােনাক ৰাইজৰ প্রতিকুলমুখীয়া নকৰক যেন।” পিছত পদ্মনাথ গােহাঞিবৰুৱাই পিন্ধি থকা পাটৰ কুর্তা আৰু চেলেংখনলৈ চাই মহাত্মা গান্ধীয়ে গােহাঞিবৰুৱাক কৈছিল, “আপােনাৰ চোলা চুৰিয়াৰ দৰে চাদৰাে সম্পূর্ণ স্বদেশী হয় যেন।”

৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়ােজন কৰিছিল বুজাই লিখা।
উত্তৰঃ গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত তেজপুৰৰ হৰিবিলাস আগৰৱালাৰ পকী ঘৰৰ সন্মুখত বহল ঘাঁহনি পথাৰত দলিচা, সতৰঞ্চি, ত্রিপাল, নগাচাৰি পাৰি মজলিচ বৈঠকৰ আয়ােজন কৰা হৈছিল। কার্যতালিকা অনুসৰি টাউনৰ বহুত গণ্যমান্য লােকসকলে মজুলিচত যােগ দিয়ে। কিন্তু পদ্মনাথ গােহাঞিবৰুৱাৰ বাহিৰে আন কোনাে চৰকাৰী বিষয়ববীয়াই সেই মজলিচত যােগ দিয়া নাছিল।ইয়াৰ পিছত মহাত্মা গান্ধীয়ে চালপীৰা এখনৰ ওপৰত উপবিষ্ট হৈ হিদী আৰু গুজৰাটী ভাযাত স্বৰাজ আৰু অসহযােগিতা’ৰ ওপৰত দুইঘন্টামান সময় বক্তৃতা দিয়ে।

৫। “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” এই কথাষাৰ কোনে কি প্রসঙ্গত কৈছিল বুজাই লিখা।
উত্তৰ: মহাত্মা গান্ধীজীক বহন কৰি অনা ভাপ জাহাজখন ৰাতিপুৱা ৯ বজাত তেজপুৰ ঘাটত উপস্থিত হয়। তেতিয়া ধাৰাসাৰে বৰষুণ দি আছিল। এনেতে পদ্মনাথ গগাহাঞিবৰুৱাই জাহাজখনত উঠি মহাত্মা গান্ধীক নমস্কাৰ জনায়। তেতিয়া তৰুণ ৰাম ফুকনে মহাত্মা গান্ধীৰ লগত পদ্মনাথ গােহাঞিবৰুৱাক পৰিচয় কৰাই দি কয়, “এখেত এজন তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা, -ৰায়চাহাব পদ্মনাথ গােহাঞিবৰুৱা।” পদ্মনাথ গােহাঞিবৰুৱাৰ পৰিচয় পাই গান্ধীজীয়ে জিকাৰ খাই উঠি উক্ত কথাষাৰ ব্যক্ত কৰিছিল।

অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ প্রশ্ন-উত্তৰ

(ক) হৰিবিলাস আগৰৱালাৰ ঘৰত মহাত্মা গান্ধীক কিহেৰে আপ্যায়ন কৰা হৈছিল ?
উত্তৰ: ছাগলীৰ গাখীৰেৰে।

(খ) গান্ধীজীয়ে তেজপুৰত কিহৰ ওপৰত বক্তৃতা দিছিল?
উত্তৰঃ স্বৰাজ আৰু অসহযােগিতাৰ ওপৰত।

(গ) মহাত্মা গান্ধীৰ লগত অসমকৈ অহা নেতাজন কোন আছিল?
উত্তৰঃ মৌলানা মহম্মদ আলি চাহাব।

(ঘ) অসমীয়া ভাষাৰ প্রথম উপন্যাসখনৰনাম কি?
উত্তৰ : পদ্মনাথ গােহাঞিবৰুৱাৰ ভানুমতী’।

(ঙ) পদ্মনাথ গােহাঞিবৰুৱাৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ শ্ৰীকৃষ্ণ।

(চ) অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন কোন আছিল?
উত্তৰ: পদ্মনাথ গােহাঞিবৰুৱা।

(ছ) অসম সাহিত্য সভাৰ প্রথম অধিবেশন কত অনুষ্ঠিত হৈছিল? 
উত্তৰঃ শিৱসাগৰত।

(জ) পদ্মনাথ গােহাঞিবৰুৱাইভাৰত চৰকাৰৰ পৰা কি উপাধি পাইছিল?
উত্তৰঃৰায়চাহাব।

(ঝ)তেজপুৰৰ কোনজন উকীলে মহাত্মা গান্ধী আৰু মহম্মদআলি চাহাবক নমস্কাৰ জনাইছিল?
উত্তৰঃ বাবু মহেন্দ্রনাথ উকীলে।

 

 

 

 

Leave a Comment