অসমীয়া class 12 || Class 12 Assamese Question Answer

অসমীয়া class 12 – 12th Class Assamese Book Solutions of দ্বাদশ শ্ৰেণীৰ সাহিত্য সৌৰভ NCERT Book Assam Text Book Class 12 Assamese Questions and Answers, Chapter Wise Notes Pdf, অসমীয়া class 12 Model Question Papers, Study Material to help students in understanding the concepts behind each question in a simpler and detailed way.

 Class 12 Assamese Question Answer provided by The Assam Times is one of the best content available on the internet as well as many other offline books. This Class 12 Assamese Question Answer is made for Assam State Board students.  We ensure that this is the best & error-less Class 12 Assamese Book Solution. You can completely trust this content. This Class 12 Assamese Book Question Answer is made by our best faculty of The Assam Times and also verified by board topper & other gem faculty of Assamese.

অসমীয়া class 12

পাঠ -১
মোৰ মাতৃমুখ দৰ্শন
 
অতি চমু প্ৰশ্ন (মূল্যাংক-১)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰপৰা সংগ্ৰহ কৰা হৈছে ৷
২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্হিত?
উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্হিত ৷
৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল?
উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰপৰা অসমলৈ যাত্ৰা কৰিছিল ৷
৪। ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী আৰু সৰুজনী কন্যা ৷
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম ‘লিতিকাই’৷
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷
উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰপৰা আঁতৰি থাকিবলগীয়া হৈছিল ৷ প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে ৷ সেয়েহে পাঠটিৰ নাম ‘মোৰ মাতৃমুখ দৰ্শন’ দিয়া হৈছে ৷
২। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে৷প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল ৷
৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ গুৱাহাটী অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল ৷ কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল ৷ এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল ৷
৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মজিউ’ আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জ্ঞাননাথ বৰুৱা ৷
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ-
ক) প্ৰাকৃতিক সৌন্দৰ্য- ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা, অশ্বক্ৰান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ ৷ এই সমূহে লেখকক আনন্দ দিছিল ৷
খ) ঐতিহাসিক উৎকৰ্ষ- গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ ৷ এইবোৰে তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে ৷ এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায় ৷
গ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা- গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে ৷ এইবোৰৰ বাবেও গুৱাহাটী লেখকৰ বৰ আদৰৰ ৷
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
 
১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ৷
উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল ৷ অৱশেষত ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰপৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জী ৷ বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে ৷ তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল৷যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ’ল ৷ ২৯ চেপ্তেম্বৰৰ ৰাতি ৮ মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল’লে ৷ কলিকতাৰপৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে ৷ ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়হি ৷
২। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ৷
উত্তৰঃ মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল৷ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷ গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে৷পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে ৷ নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷
৩। হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা ৷ 
উত্তৰঃ হাহা হুহু পাৰ্বতীৰ মানসপুত্ৰ আছিল ৷
মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল৷ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷ গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে ৷ পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে৷নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷
৪। ‘ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল৷’-ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ৷
উত্তৰঃ দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল৷সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷ দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷ প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল৷এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা ৷
উত্তৰঃ নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয় ৷ অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ’ব লাগে বুলি উল্লেখ কৰিছে৷ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে৷ কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে ৷
অতিৰিক্তঃ
১। বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম আছিল “বাৰ্ড কোম্পানী” ৷
২। “ভ্ৰমৰংগ” শ্বেক্সপীয়েৰৰ “Comedy of Errors” নাটকৰ অনুবাদ ৷
৩। শ্বেক্সপীয়েৰৰ “Comedy of Errors” নাটকখনৰ অসমীয়া অনুবাদৰ লগত জড়িত ছাত্ৰ কেইগৰাকী হ’ল- ৰমাকান্ত বৰকাকতি,ঘনশ্যাম বৰুৱা,ৰত্নধৰ বৰুৱা আদি ৷
৪। লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয় ৷
৫। বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাস-পদুমকুঁৱৰী ৷
৬। বেজবৰুৱাই ১৯২৪ চনত গুৱাহাটীত অনুস্হিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল ৷
৭। বেজবৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটককেইখন হ’ল- জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ ৷
পাঠ-৩
আনন্দৰাম বৰুৱা
 
অতি চমু প্ৰশ্ন (মূল্যাংক-১) 
 
১। আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল ৷
২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?
উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷
৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ আনন্দৰাম বৰুৱাই তেওঁৰ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷
৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা ৷
উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম মেক্সমুলাৰ ৷
৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম ৷
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন ৷ কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল ৷ কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল ৷ এনেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প, দেশপ্ৰেম, অগাধ পাণ্ডিত্য, পিতৃ মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে ৷
২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ সময়ত যাতায়ত ব্যৱস্থা অতি অনুন্নত আছিল ৷ ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম৷আনহাতে বিলাতলৈ গ’লে জাতি যাব বুলিও সেইকালৰ মানুহে ভয় কৰিছিল ৷ এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল ৷
৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?
উত্তৰঃ আপোন পিতৃ-মাতৃ আৰু ভাই-ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি ৷ সেয়েহে জগত বিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম-জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তোষ লাভ কৰিছিল ৷
৪। আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল – বুজাই লিখা ৷
উত্তৰঃ আপোন পিতৃ-মাতৃ,ভাই-ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ ৷ সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে ‘প্ৰাগজ্যোতিষপুৰসম্ভৱম’ বুলি পৰিচয় দিছে ৷ “মহাবীৰ চৰিত”ৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷ এনেদৰে য’তেই সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে ৷
৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?
উত্তৰঃ উচ্চশিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷ দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল ৷ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্যকৰ্মৰ বাবেই ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল ৷ তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল ৷ এই কামসমূহৰ বাবেই আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে ৷
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা ৷
উত্তৰঃ সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্মগ্ৰহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতত কীৰ্তি ৰাখি যাবলৈ সক্ষম হৈছে ৷ আন অসমীয়াৰ দৰে সাধাৰণ ভাবেই ডাঙৰ- দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ উঠিছে ৷ ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল ৷ এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ গ্ৰন্থৰাজিৰ স্বাদ পাশ্চাত্যৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল ৷ তদুপৰি যিসময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, তেনে সময়ত আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল ৷ এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছিল ৷ এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুকৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে ৷
২। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?
উত্তৰঃ মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ’ল- ধৈৰ্য আৰু একাগ্ৰতা ৷ একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল ৷ এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল ৷ ল’ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখা পঢ়া বিষয়টো তেওঁ একমনা আছিল ৷ সেয়েহে গোটেই “অমৰ কোষ” খনি তেওঁ ল’ৰা কালতে কণ্ঠস্হ কৰিব পাৰিছিল ৷
৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷
‘কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ ৷’
উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি “সাহিত্য সৌৰভ”ৰ অন্তৰ্গত “আনন্দৰাম বৰুৱা” নামৰ পাঠটোৰ পৰা তুলি দি হৈছে৷পাঠটিৰ লেখক উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱ ৷ আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠতাৰ কথা প্ৰকাশ কৰালৈকে লেখকে কথাফাঁকিৰ অৱতাৰণা কৰিছে ৷ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম৷অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ ৷ কামৰ বাবে তেওঁ প্ৰশংসা নিবিচাৰিছিল ৷ বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল ৷ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল ৷
৪। আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো বুজাই লিখা ৷
উত্তৰঃ আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে ৷ তেওঁৰআদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে ৷ তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা৷কৰ্ম আৰু একাগ্ৰতাৰ বিবেই আজিৰ পৰা ডেৰশ বছৰৰ পূৰ্বেই উচ্চশিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ ৷ জাতি যোৱাৰ ভয়ত যিসময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল তেনেসময়ত আনন্দৰামে সেইসময়ত শিক্ষাজগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল ৷ ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন অম গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল ৷ দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ৷তেওঁ য’তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে ৷ পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে ৷ তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ ৷
৫। প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা ৷
উত্তৰঃ নিজ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল ৷ বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎসমাজৰ অগোচৰেই থাকি গৈছিল ৷ এইসমূহৰ লগত তেওঁলোক পৰিচিত হ’ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল ৷ ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আৱদ্ধ হৈ আছিল ৷ কিন্তু ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰামে ৰচনা কৰা – A Practical English-Sanskrit Dictionary, Higher Sanskrit Grammar,Gender and Syntax, Bhavabhuti & # 39, Mahavircharitam, Saraswatikanthabharana, Namalinga-Nusasana আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ  লগত পৰিচয় হ’ল ৷ তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে আৰু প্ৰাচ্য-পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ’ল ৷

Leave a Comment