অসমীয়া class 9 question answer – Class IX Question Answer Assam Book Assam Class 9 SCERT Solutions নৱম শ্ৰেণী সকলো বিষয়ৰ প্ৰশ্ন উত্তৰ SEBA Class 9 Question Answer Assam Class 9 All Books PDF File Download. অসমীয়া Class 9 Assamese Chapter 1 Question Answer is prepared by The Assam Times. In this solution, we discussed all back exercise questions including some additional important questions of Class 9 Assamese Chapter 1 শিশুলীলা । Here, we discussed every question with a detailed explanation. অসমীয়া Class 9 Assamese Chapter 1 শিশুলীলা Question Answer helps you to clear your concept about the chapter and also helps you in your exam preparation. Here, you will find complete textbook solutions of Class 9 Assamese Book absolutely free of cost. If you are a SEBA Board Student then this অসমীয়া Class 9 Chapter 1 Question Answer helps you to boost up your exam preparation.
অসমীয়া class 9 question answer
শিশুলীলা
প্ৰশ্নাৱলী:
ভাৱ-বিষয়ক:
১) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা:
ক) ‘’কৃষ্ণগীত গাৱন্ত সুন্দৰী’’
-কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন?
উত্তৰ:- কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হৈছে নন্দ ৰজাৰ পত্নী যশোদা ৷
খ) ‘’কৰ্ণত কুণ্ডল দোলে অতি ৷’’
-কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰ:- উক্ত কথাফাকিত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে ৷
গ)’’কাম্পে কোপে অৰুণ অধৰ ৷’’
- ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে ?
উত্তৰ:- উক্ত কথাফাকিত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে ৷
ঘ)’’মথনিত ধৰিয়া নিষেধ ৷’’
-‘’মথনি’’ শব্দৰ অৰ্থ কি ?
উত্তৰ :- ‘’মথনি’’ শব্দৰ অৰ্থ হৈছে – গাখীৰ ঘূঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ৷
ঙ)’’নোজোড়ে আঙ্গুল দুই জৰী’’ –ইয়াৰ কাৰ জৰীৰ নাটনি হৈছে ৷
উত্তৰ : উক্ত কথাফাকিত যশোদাৰ জৰীৰ নাটনি হৈছে ৷
চ) ‘’ৰুণ ঝুণ কেয়ূৰ কঙ্কণ ৷’’
-কাৰ কেয়ূৰ কঙ্কণৰ ‘’ৰুণ ঝুণ’’শব্দৰ কথা ইয়াত কোৱা হৈছে ?
উত্তৰ :ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণ ঝুণ’ শব্দৰ কথা কোৱা হৈছে ৷
২.’শিশুলীলা’ পাঠটিত ফূটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিযয়ে নিজৰ ভাষৰে লিখা ৷
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ‘কীৰ্তন ঘোষা’ ৰ ‘শিশুলীলা’ পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে ৷ পৰম ব্ৰহ্ম হৈয়ো কৃষ্ণই ষশোদক পুত্ৰৰূপে ধৰা দি এটি সাধৰণ মানৱ শিশুৰ দৰে কৰা দুষ্টালি আৰু মানৱীয়কাৰ্য-কলাপ , যেনে- মান, অভিমান আদি আচৰণবোৰ বৈষ্ণৱ কবিজনাই পাঠটিত অতি সুন্দৰকৈ বৰ্ণনা কৰিছে ৷
এদিনাখন যশোদাই কৃষ্ণৰ । লীলা স্মৰণ কৰি দধি মথি থাকোতে এটি সাধৰণ শিশুৱে গাখীৰ খাৱলৈ মাকক আমনি লৰাৰ দৰে কৃষ্ণয়ো মাক যশোদাক আমনি কৰিছে ৷ মথনি বাৰীত ধৰি কৃষ্ণই মাকক দধি মথাত বাধা কৰে আৰু মাকে তেতিয়া কৃষ্ণক কোলাত তুলি লৈ গাখীৰ খুৱাবলৈ ধৰিলে ৷ সেই সময়তে গাখীৰ উতলি পৰিবলৈ ওলোৱাত যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যোৱা কাৰ্যত শ্ৰীকৃষ্ণৰ এটি সাধৰণ শিশুৰ দৰে খং উঠিছিল ৷ সামান্য গাখীৰ খিনিৰ বাবে কৃষ্ণক অৱহেলা কৰা যেন পাই কৃষ্ণই খংত শিল গুটি দলিয়াই গাখীৰৰ পাত্ৰবোৰ ভাঙি পেলালে ৷ সাধৰণ শিশুৱে যিদৰে খংতে কোঠাত সোমাই কোঠাটো বিশৃংখল কৰি পেলায় , ঠিক তেনেদৰে কৃষ্ণয়ো কোঠাৰ ভিতৰত সোমাই লৱণুবোৰ সিচৰিত কৰিলে আৰু নিজেয়ো খালে | যশোদাই ক্ষীৰ নমাই থৈ আহি ভাঙি যোৱা পাত্ৰবোৰ দেখি বৰ খং কৰিলে আৰু কৃষ্ণক শাস্তি দিবলৈ হাতত এছাৰি ললে ৷ মাক যশোদাৰ খং দেখি কৃষ্ণই উড়লৰ পৰা নামি দৌৰ মাৰিলে ৷ যিজন বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী অশেষ ধ্যান কৰিও লাভ কৰিব পৰা নাই , সেইজন কৃষ্ণই মাকৰ ভয়ত দৌৰ মাৰিছিল আৰু মাকৰ কষ্ট দেখি নিজে মাকক ধৰা দিছিল ৷
যশোদাই দৈৰ পাত্ৰ ভাঙি পেলোৱা আৰু লৱণু নষ্ট কৰাৰ অপৰাধত ভগৱান কৃষ্ণক উড়ালত বান্ধি থৱলৈ সাজু হ’ল ৷ শ্ৰীকৃষ্ণয়ো কোনো প্ৰতিবাদ নকৰাকৈ মাকৰ শাস্তি মানি ল’লে ৷ এইদৰে কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ ফুটি উঠিছে ৷
৩. শংকৰদেৱৰ মহত্বৰ সৃষ্টি কীৰ্তন-ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা ৷
উত্তৰ : বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক উল্লেখযোগ্য গ্ৰন্থ হৈছে ‘’কীৰ্তন ঘোষা’’ ৷ ‘’কীৰ্তন ঘোষা’’ পুথিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ ভুলি কোৱা হয় ৷ উক্ত পুথিখনত চৰ্তুবিংশতি অৱতাৰ , ধ্যান, বৰ্ণনা, অজামিল উপখ্যন, শিশুলীলা , ৰাসলীলা কংসবধ, গোপী, নাৰদৰ কৃষ্ণ দৰ্শন, বিপ্ৰৰ আখ্যান, বেদ স্তুতি, জৰাসন্ধ যুদ্ধ আদি ঊনত্ৰিশটা খণ্ডত আছে ৷ শ্ৰীমন্ত শংকৰদেৱে দ্বাদশ স্কন্ধ ভাগৱত , শ্ৰীমদ্ভাগৱত গীতা , পদ্ম পূৰাণ আদি শাস্ত্ৰৰ সাৰভাগ সংগ্ৰহ কৰি তেখেতৰ ধৰ্ম জীৱনৰ আগছোৱা কালতে বৰদোৱাত কীৰ্তনৰ ভালেখিনি অংশ ৰচনা কৰে ৷ পিছত কোচ ৰাজ্যত থকা কালত এই পুথিখন সম্পূৰ্ণ কৰে ৷
কীৰ্তনৰ সংগীতিক আৰু সাহিত্যিক মূল্য লক্ষণীয় ৷ এই গ্ৰন্থ লোক সংগীত আৰু মাৰ্গ সংগীতৰ অপূৰ্ব সংমিশ্ৰণ ৷ ই কেৱল লোক সংগীত নহয় ৷ ইয়াৰ উদ্দেশ্য পাঠ আৰু গয়ন ব্যৱস্থাত মাৰ্গ সংগীত ( সংগীত সাধনৰ ব্যৱস্থাৰ পন্থা )ৰ লক্ষণ ভালেখিনি লুকাই আছে ৷ সেইবাবে ইয়াক মাৰ্গ সংগীত মিশ্ৰিত লোক সংগীতহে বুলিব পাৰি ৷ বাদ্যসহ সমবেত সংগীত ৰূপত কীৰ্তনৰ যি প্ৰভাৱ তাৰ সামাজিক আৰু আধ্যাত্মিক মূল্য গুৰুত্বপূৰ্ণ ৷ কীৰ্তন ঘোষা পুথিখনত লীলা আৰু তত্ত্বজ্ঞানৰ মাজত ঐক্য স্থাপন কৰি হৃদয় আৰু বৃদ্ধিৰ উৎকৰ্ষ সাধনৰ ব্যৱস্থা আৰু প্ৰাৰ্থনা প্ৰভৃতি আদি অন্যান্য বস্তুবোৰ ঠাই পাইছে ৷
৪) ‘’শিশুলীলা’’ পাঠটিৰ অন্তৰ্গত তাৎপৰ্ষ বুজাই লিখা ৷
উত্তৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা কবিতাটিৰ মাজেৰে জগতৰ পতি শ্ৰীকৃষ্ণক মানৱ শিশু ৰূপৰ সুন্দৰকৈ বৰ্ণনা কৰিছে ৷ কবিতাটিৰ শেষৰ ফালে কবিয়ে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক শক্তি আৰু ভক্তিৰ ৰহস্য প্ৰকাশ কৰিছে ৷
এদিন নন্দৰাণী যশোদাই শ্ৰীকৃষ্ণৰ গুণ-গান গাই দধি মথি থাকোতে কৃষ্ণি আহি মাকক আমনি কৰি আছিল ৷ যশোদাই মৰমেৰে কৃষ্ণক সাৱতি ধৰি গাখীৰ খুৱাবলৈ ধৰিছিল ৷ এনেতে চৌকাত গৰম হব দিয়া গাখীৰ উতলি অহা দেখা পাই যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই দিয়াত কৃষ্ণি অভিমানবোধ কৰিছিল ৷ কৃষ্ণই খঙতে গাখীৰৰ পত্ৰবোৰ ভাঙি গাখীৰ খাইছিল ৷ কিছু ছটিয়াইছিল আৰু খাব নোৱাৰাখিনি বান্দৰক দিছিল ৷ কৃষ্ণৰ কাৰ্য দেখি মাকৰ খং উঠিল আৰু হাতত এছাৰি তুলিলৈ কৃষ্ণক মাৰিবলৈ খেদিছিল ৷ মাকৰ খং দেখি কৃষ্ণি উড়লৰ পৰা দৌৰি পলাইছিল ৷ মাকে পিছে পিছে খেদি গৈ ভাগৰি পৰাত কৃষ্ণই অৱশেষত মাকক ধৰা দিছিল ৷
ইয়াত কবিয়ে ইয়াকে প্ৰকাশ কৰিছে যে , মহা মহা যোগী, তপস্বী সকলে যুগ যুগ ধৰি ধ্যান কৰিও যাৰ দৰ্শন নাপায় , সেইজন কৃষ্ণই সামন্য এজনী মানুহৰ ভয়ত পলাই ফুৰিছে ৷ আচলতে ইয়াৰ মূলতে আছে ভক্তিৰ ফল ৷ যাৰ আদি অন্ত নাই সেই পূৰ্ণব্ৰহ্ম, জগত ইশ্বৰ , ভগৱান শ্ৰীকৃষ্ণই যশোদাৰ পূণ্যৰ ফলত যশোদাৰ ঘৰত শিশু(পুত্ৰৰূপে) জন্ম লৈছে আৰু ভক্তৰ মনোবাঞ্চা পূৰণ কৰিছে ৷ আনফালে যশোদাৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজকে মাকক ধৰা দিছে ৷ মাকে আকৌ খঙতে কৃষ্ণক বান্ধিব খুজিও দুই আঙুলি জৰী কম হোৱা বাবে বান্ধিব পৰা নাই ৷ ইয়াতে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অলৌকিক শক্তিৰ পৰিচয় দাঙি ধৰিছে ৷
৫)’’তাহাঙ্ক তনয় মানি বলে ৷
ষশোদা বান্ধন্ত উডুখলে ৷’’ – কথাখাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা ৷
উত্তৰ : উক্ত কথাফাকিৰ জড়িয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জগতৰ ইশ্বৰ হৈও যে ভগৱান শ্ৰীকৃষ্ণই যশোদাৰ ঘৰত পুত্ৰৰূপে জন্মলাভ কৰি মাক যশোদাৰ পৰা শাস্তিৰ ভয় খাব লগীয়া হৈছে সেই কথা অৱতাৰণা কৰিছে ৷
এদিনাখন যশোদাই গাখীৰ মথি থাকোতে শ্ৰীকৃষ্ণ আহি মাকক গাখীৰ মথাত বাধা প্ৰদান কৰিছিল ৷ তেতিয়া মাতৃ যশোদাই পুত্ৰ কৃষ্ণক আকোৱালি ধৰি কোলাত লৈ গাখীৰ পান লৰিবলৈ দিছিল ৷ সেই সময়তে চৌকাত গৰম হবলৈ দিয়া গাখীৰ উতলি পৰিবলৈ লোৱাত মাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গৈছিল ৷ মাকৰ এই কাৰ্যত শ্ৰীকৃষ্ণই খঙতে দাতঁ কামুৰি শিল দলিয়িই গাখীৰ থোৱা পাত্ৰবোৰ ভাঙিছিল আৰু কোঠাত সোমাই গাখীৰবোৰ চাৰিওফালে সিচৰিত কৰিছিল ৷ উড়লৰ ওপৰত বহি লৱণুবোৰ খাইছিল ৰু কছু বান্দৰক খবলৈ দিছিল ৷ ক্ষীৰ নমাই থৈ আহি মাকে এই কাৰ্য দেখি খঙতে কৃষ্ণক মাৰিবলৈ হাতত এছাৰি লোৱাত কৃষ্ণি উড়লৰ পৰা নামি দৌৰ মাৰিছিল ৷ এটি সাধৰণ মানৱ শিশুৱে ভয় কৰাৰ দৰে শ্ৰীকৃষ্ণয়ো মাকৰ ভয়ত আগে আগে আৰু মাকে পাছে পাছে হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ দৌৰিছিল ৷ মাকৰ ভাগৰ, শ্ৰম আৰু মনোকষ্ট দেখি শ্ৰীকৃষ্ণই নিজে মাকৰ হাতত ধৰা দিছিল ৷ভ তেতিয়া মাকে কৃষ্ণক নানা গালি-শপনি পাৰি উড়লত বান্ধি থবলৈ সাজু হৈছিল ৷
৬) ‘নাহি আদি অন্ত পূৰ্বাপৰ ৷
পূৰ্ণব্ৰহ্ম জগত ইশ্বৰ ৷’ –ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা ৷
উত্তৰ : উক্ত কবিতাফাঁকিৰ জড়িয়তে কবি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ অপাৰ গুণ-গৰিমা আৰু তেও যে পূৰ্ণ ব্ৰহ্ম, জগতৰ ঈশ্বৰ সেই কথা বাখ্যা কৰিছে ৷ ইয়াত কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অদ্ভুত লীলা স্মৰণ কৰিছে ৷
এদিনাখন শ্ৰীকৃষ্ণই মাকৰ কোলাত উঠি গাখীৰ খাব নাপায় খঙতে ঘৰত থকা সকলো দধি-দুগ্ধৰ পাত্ৰ ভাঙি দধিবোৰ ছটিয়াইছিল, খাইছিল আৰু খাব নোৱাৰাখিনি বান্দৰবোৰক খাবলৈ দিছিল ৷ যশোদাই এয়া পুত্ৰৰ কৰ্ম বুলি ভাবি হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদিছিল আৰু কৃষ্ণই ভয়তে দৌৰি পলাইছিল ৷ অৱশেষত মাকে খেদি খেদি ধৰিব নোৱাৰাত কৃষ্ণই নিজে মাকক ধৰা দিছিল ৷ ইয়াত কবিয়ে কবলৈ বিচাৰিছে যে যাৰ আদি অন্ত নাই, সেই পৰমপুৰুষ পৰমৰশ্বৰ হৈছে ভগৱান কৃষ্ণ ৷ এই সংসাৰখন এখন মায়াজাল আৰু এই মায়াজাল খনৰপৰিচালক হ’ল স্বয়ং শ্ৰীকৃষ্ণ আৰু সেই কৃষ্ণই মাকৰ ভয়ত কম্পমান ৷ অচলতে এইয়া হৈছে শ্ৰীকৃষ্ণৰ লীলা ৷ শ্ৰীকৃষ্ণৰ আদেশ মতেই পৃথিবীৰ সকলো কাৰ্য সম্পাদিত হৈ থাকে , জীৱ জগত চলি আছে ৷ তথাপিও সেই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰি শ্ৰীকৃষ্ণই নিজেই এগৰাকী গোৱালিৰ ঘৰত গৰখীয়া হৈ আছে ৷ মাকৰ শাস্তিৰ ভয়ত পলাইছে আৰু মাকৰ দুখ দেখি নজে ধৰা দিছে ৷ প্ৰকৃততে এই সকলোবোৰৰ মূলতে হৈছে ভক্তিৰ ফল, ভক্তিৰ বলতে সকলো সম্ভৱ হৈছে ৷ যিয়ে প্ৰকৃত ভক্তিৰে তেওঁক বিচাৰিছে তেওঁ তাৰ ওপৰত কৃপা দৃষ্টি দিছে , এইয়াই প্ৰকৃত ৰহস্য ৷ কবিতাটিত তেওঁ ভক্তৰ ভক্তিত তুষ্ট হৈ ভক্তৰ মনোবাঞ্চা পূৰ্ণ কৰিবলৈ ভক্তৰ দসত্ব স্বীকাৰ কৰিছে ৷
৭) বাখ্যা কৰা :
ক) যাক যোগী নাপাৱে ধ্যানত ৷
হেন হৰি পালন্ত ভয়ত ৷৷
উত্তৰ :
প্ৰসংগ : উদ্ধৃত কৱিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘’শিশুলীলা’’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ৷
সংগতি : যোগীসকলে যুগ যুগ ধৰি তপস্যাত লীন হৈও কৃষ্ণক নাপায় , অথচ কৌটি ব্ৰহ্মাণ্ডৰ গৰাকী সেইজন শ্ৰীকৃষ্ণই মাকৰ ভয়ত যেনি তেনি পলাই ফুৰাৰ প্ৰসংগত কবিয়ে উক্ত কবিতাফাকি অৱতাৰণা কৰিছে ৷
বাখ্যা : মাক যশোদাই কৃষ্ণক গাখীৰ খুৱাই থাকোতে চৌকাত বহাই থোৱা গাখীৰ হঠাতে উতলি অহা দেখা পাই কৃষ্ণক আহাৰ খুৱাবলৈ এৰি গাখীৰ নমাই থবলৈ দৌৰি গৈছিল ৷ তাতে কৃষ্ণই খং কৰি শিকিয়াত ওলোমাই থোৱা দৈৰ ভাণ্ডাৰবোৰ শিলগুটিৰে ভাঙি লৱণুবোৰ খাইছিল আৰু খাব নোৱাৰা খিনি বান্দৰবোৰক খাবলৈ দিছিল ৷ যশোদাই আহি কৃষ্ণৰ কাণ্ডবোৰ দেখি খং উঠিছিল আৰু হাতত এছাৰি লৈ খেদি যোৱাত শ্ৰীকৃষ্ণই মাকৰ ভয়ত কোঠাৰ পৰা দৌৰ মাৰিছিল ৷ ইয়াত কবিয়ে যে যিজন কৃষ্ণক তপস্বী, সন্যাসী আৰু যোগীসকলে গভীৰ ধ্যান কৰিও লাভ কৰি পৰা নাই, সেইজন কৃষ্ণই মাকযশোদাৰ ভয়ত এনেদৰে পলাই ফূৰিছে ৷আনহাতে কৃষ্ণক পিছে পিছে খেদি যশোদা ভাগতি পৰিছিল ৷ মাকৰ পৰিশ্ৰম দেখি কৃষ্ণই ভয় খোৱা যেন দেখুৱাই মাকৰ হাতত নিজেই ধৰা দিছিল ৷ ইয়াৰ দ্বৰা কব বিচাৰিছে যে ভগৱান ভক্তৰ অধীন ইয়াক বলেৰে বশ কৰিভ নোৱাৰি ৷ যশোদাৰ ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই ভক্তৰ মনোবাঞ্চা পূৰ্ণ কৰিবলৈ যশোদাৰ দাসত্ব স্বীকাৰ কৰিছিল ৷ অথচ সেইজন ত্ৰিজগতৰ পৰিয়েই এগৰাকী সাধৰণ ভয়ত এইদৰে পলাই ফূৰিবলগীয়া হৈছে ৷
খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা ৷
খাইবো আজি কৃষ্ণ তোৰ মাথা ৷৷
উত্তৰ :
প্ৰসংগ :উপৰোক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা কবিতাটিৰ পৰা লোৱা হৈছে ৷
সংগতি : ইয়াত কবিয়ে শ্ৰীকৃষ্ণই দধি ভাণ্ডাৰবোৰ ভঙাৰ অপৰাধত মাক যশোদাই ক্ৰোধান্বিত হৈ কৃষ্ণক এশিকা দিৱলৈ খেদি যোৱা প্ৰসংগত উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে ৷
বাখ্যা : এদিনাখন নন্দৰাণী যশোদাই দধি মথি থাকোতে শ্ৰীকৃষ্ণই আহি মাকক দধি মথাত বাধা প্ৰদান কৰি মাকক গাখীৰ খাৱলৈ আমনি কৰিছিল ৷ তেতিয়া পুত্ৰক আকোৱালি ধৰি কোলাত লৈ মাকে গাখীৰ খুৱাবলৈ ধৰিছিল ৷ সেই সময়তে গাখীৰ উতলি পৰিভলৈ ওলোৱাত যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গৈছিল ৷এই কাৰ্যত অভিমান কৰি কৃষ্ণই শিলগুটি মাৰি দধি ভাণ্ডাৰবোৰ ভাঙিছিল আৰু দধি থোৱা কোঠাৰ প্ৰৱেশ কৰি দধিবোৰ খাইছিল , চাৰিওফালে ছটিয়াইছিল আৰু খাব নোৱাৰাখিনি বান্দৰবোৰক খাবলৈ দিছিল ৷ ক্ষীৰ নমাই থৈ আহি ষশোদাই পুত্ৰৰ কাৰ্য দেখি খঙতে কৃষ্ণক মাৰিবলৈ হাতত এছাৰি লৈ খেদি গৈছিল ৷ সাধৰণ মানৱ শিশুৱে মাকক ভয় কৰাৰ দৰে কৃষ্ণয়ো মাকৰ ভয়ত উড়লৰ পৰা নামি ৰাজপথলৈ দৌৰ মাৰিছিল ৷ যিজন পূৰ্ণব্ৰহ্ম শ্ৰীকৃষ্ণ জগতৰ ইশ্বৰ তেৱো মাকৰ ভয়ত কম্পমান ৷ মাকে পিছে পিছে খেদি গৈ সেষত ভাগৰি পৰাত শ্ৰীকৃষ্ণই নিজে মাকৰ হাতত ধৰা দিছিল ৷ মাক যশোদাই কৃষ্ণক ধৰি দৈৰ পাত্ৰ ভঙা আৰু লৱণু নষ্ট কৰাৰ অপৰাধত কৃষ্ণক নানা ধৰণে গালি শপনি পাৰি ৰছীৰে বান্ধি শাস্তি দিৱলৈ উদ্যত হৈছিল ৷
গ) পাচে পাচে যশোদা খেদান্ত ৷
ভয়ে লাগ মাৱক নেদন্ত ৷৷
উত্তৰ :
প্ৰসংগ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শংকৰদেৱৰ দ্বৰা ৰচিত ‘’শিশুলীলা’’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ৷
সংগতি : উক্ত কবিতাফাঁকিৰ জড়িয়তে কবিয়ে ক’ব বিচাৰিছে যে যাৰ অন্ত নাই সেই পূৰ্ণব্ৰহ্ম জগত ইশ্বৰ শ্ৰীকৃষ্ণই যশোদাৰ ঘৰত মানৱ শিশুৰূপে জন্মলৈছিল আৰু দধি ভাণ্ডাৰ ভঙাৰ অপৰাধত মাকৰ ভয়ত দৌৰি ফূৰিছিল ৷
বাখ্যা : এদিন যশোদাই শ্ৰীকৃষ্ণৰ গুণ গান গাই দধি মথি আছিল ৷ সেই সময়তে শ্ৰীকৃষ্ণ আহি মাকক সাৱতি ধৰি দধি মথাত বাধা দিছিল ৷ মাতৃ ষশোদাই পুত্ৰক মৰমেৰে আকোৱালি ধৰি গাখীৰ খুৱাবলৈ ধৰিছিল ৷ হঠাতে গাখীৰ উতলি অহা দেখা পাই যশোদাই পুত্ৰক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যোৱাত কৃষ্ণৰ বৰ খং উঠিছিল ৷ সেই খঙতে কৃষ্ণই কোঠাত সোমাই গাখীৰৰ ভাণ্ডবোৰ ভাঙি দধিবোৰ খাইছিল , ছটিয়াইছিল আৰু কিছু বান্দৰবোৰক খাৱলৈ দিছিল ৷ কৃষ্ণৰ এনে কাৰ্য দেখি যশোদাৰ খং উঠিছিল আৰু কৃষ্ণক মাৰিবলৈ হাতত এছাৰি লৈ খেদিছিল ৷ সাধৰণ মানৱ শিশুৱে মাকক ভয় কৰাৰ দৰে কৃষ্ণয়ো মাকৰ ভয়ত দৌৰিছিল ৷ যশোদায়ো পুত্ৰৰ পিছে পিছে খেদি গৈছিল ৷ পুত্ৰক খেদি খেদি মাআক যশোদাই ভাগৰত জুৰুলা হৈ পৰিছিল ৷ তেতিয়া কৃষ্ণই মাক যশোদাৰ কষ্ট সহিব নোৱাৰি মাকৰ হাতত ধৰা দিছিল ৷ যিজন পূৰ্ণব্ৰহ্ম শ্ৰীকৃষ্ণ জগতৰ ইশ্বৰ তেৱো মাকৰ ভয়ত কম্পমান আৰু মাকৰ দুখ কষ্ট দেখি নিজে ধৰা দিছিল ৷ আচলতে কবিয়ে ইয়াত শ্ৰীকৃষ্ণৰ অপাৰ মহিমা আৰু শক্তিৰ কথা প্ৰকাশ কৰিছে ৷
৮) ‘’শিশুলীলা’’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা ৷
উত্তৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টি ‘’শিশুলীলা’’ পাঠটিত ভগৱান শ্ৰীকৃষ্ণৰ এক আচৰিত মায়ালীলা আৰু মানৱ শিশুৰ দৰে কৰা কাৰ্য কলাপৰ যোগেদি ঐশ্বৰিক মহাত্ম্য প্ৰকাশ পাইছে ৷
এদিনাখন নন্দৰাণী যশোদাই দধি মথি থাকোতে ভগৱান শ্ৰীকৃষ্ণ আহি মাকক গাখীৰ খাবলৈ আমনি কৰিছিল আৰু দধি মথাত বাধা দিছিল ৷ যশোদাই পুত্ৰ স্নেহত কৃষ্ণক আকোৱালি লৈ গাখীৰ খুৱাইছিল ৷ তেনেতে চৌকাত গৰম হবলৈ দিয়া গাখীৰ উতলি আহা দেখা পাই যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ দৌৰি গৈছিল ৷ তেতিয়া সাধৰণ মানৱ শিশুৱে মাকক কৰা অভিমানৰ দৰে কৃষ্ণয়ো মাকক অভিমান কৰি খঙতে শিলগুটিৰে দধি ভাণ্ডবোৰ ভাঙিছিল ৷ কোঠাত সোমাই দধিবোৰ নিজে খাইছিল , ছটিয়াইছিল আৰু বান্দৰবোৰক খাৱলৈ দিছিল ৷ কিছু সময় পিছত যশোদাই গাখীৰ নমাই থৈ আহি দেখে যে , কৃষ্ণই ভণ্ডবোৰ ভাঙি লৱণুবোৰ নষ্ট কৰিছিল ৷ পুত্ৰৰ এই কাৰ্য দেখি যশোদাৰ ভীষণ খং উঠিল ৷ সেইবাবে তেওঁ পুত্ৰক শাস্তি দিবলৈ বুলি হাতত এডাল এছাৰি তুলি লৈছিল ৷ মাকৰ খং দেখি কৃষ্ণই ভয়তে উড়ালৰ পৰা নামি দৌৰ মাৰিছিল ৷ যিজন বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকীক অশেষ ধ্যান কৰিও লাভ কৰিব নোৱাৰি তেওঁ মাকৰ ভয়ত এনেদৰে পলাই ফূৰিছিল ৷ এটি মানৱ শিশুৰ দৰেই তেওঁ মাকৰ ভয়ত দৌৰিছিল আৰু মাকৰ কষ্ট দেখি নিজেই মাকৰ ওচৰত ধৰা দিছিল ৷
পুত্ৰক ধৰি আনি যশোদাই জৰীৰে বান্ধিব খুজিছিল , কিন্তু দুই আঙুলি জৰী কম হোৱা বাবে বান্ধিব পৰা নাছিল ৷ ইয়াত কৃষ্ণৰ অলৌকিক শক্তিৰ পৰিচয় পোৱা যায় ৷
৯) ‘মহাকোপে কোঠা পশিলন্ত’
সিঞ্চিৰাই লৱণু ভুজান্ত ৷৷’ – কোনে অতি খঙেৰে কোঠাত সোমাইছিল ? তেও কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা ৷
উত্তৰ : ভগৱান শ্ৰীকৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল ৷
এদিন ষশোদাই শ্ৰীকৃষ্ণৰ গুণ গান গাই দধি মথি আছিল ৷ সেই সময়তে কৃষ্ণ আহি মাকক সাৱতি গাখীৰ মথিবলৈ বাধা দিছিল ৷ মাকে কৃষ্ণক মৰমতে ধৰি কোলাত তুলিলৈ গাখীৰ খুৱাবলৈ ধৰিছিল ৷ এনেতে গাখীৰ উতলি অহা দেখা পাই যশোদাই পুত্ৰক মাটিত নমাই দিয়াত কৃষ্ণই অপমানবোধ কৰিছিল ৷ তেতিয়া কৃষ্ণই সঙতে শিলগুটিৰে গাখীৰৰ পাত্ৰবোৰ ভাঙি লৱণু খাইছিল , কিছুমান কোঠাৰ চাৰিওফালে ছটিয়াইছিল আৰু খাব নোৱাৰাখিনি বান্দৰবোৰক খাবলৈ দিছিল ৷ এই কাৰ্যদেখি যশোদাই কৃষ্ণক মাৰিবলৈ হাতত এছাৰি তুলি লৈছিল ৷
১০) কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখাঁ ৷
উত্তৰ : মাক যশোদাই কৃষ্ণক অৱজ্ঞা কৰা যেন দেখি কৃষ্ণৰ বৰ খং উঠিছিল ৷ খঙতে কৃষ্ণই কোঠাৰ লৱণুবোৰ নষ্ট কৰিছিল , খাইছিল আৰু বাণ্ডৰবোৰক খাৱলৈ দিছিল ৷ কৃষ্ণৰ এনে উপদ্ৰৱ দেখি যশোদাৰ ভীষণ খং উঠিছিল আৰু হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদিছিল ৷ কৃষ্ণক ধৰিবলৈ মাক যশোদাই পিছে পিছে খেদি ভাগৰি পৰিছিল ৷ তেওঁৰ দেহৰ কাপোৰ অপৰিপাটি অৱস্থা , চুলিবোৰ আউলি-বাউলি , খোপাৰ মালতীৰ থোপা সহি পৰিছিল আৰু শৰীৰৰ ভৰত ভৰিৰ খোজবোৰ থৰক ভৰক হৈছিল ৷ মাকৰ এনে অৱস্থা দেখি কৃষ্ণৰ দুখ উপজিছিল আৰু মাকৰ হাতত ধৰা দিছিল ৷
ভাষা-বিষয়ক :
১১)তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা ৷
অৰুণ – সূৰ্য, বেলি
দধি – দৈ, গাখীৰ
বস্ত্ৰ – কাপোৰ , বসন
বদন – মুখ
লেৱণু – মাখন
কোপ – খং , ক্ৰোধ
দশন – দাত, দন্ত
দুগ্ধ –গাখীৰ
ইশ্বৰ – ভগৱান, প্ৰভূ
১২) তলৰ পূৰণি অসমীয়া শব্দবোৰৰ অধুনিক ৰূপ লিখা ৷
তাহাঙ্ক =তাক , তেওক
নোজোৰে = আটিনাহে , নিমিলে
খসি= খহি
ৰহিল= ৰ’ল
আসি= আহি
ভৈলা = হ’ল
আসন্ত=আহি
শিয়ালে =শিলেৰে
কাম্পে= কপে
মাৱক = মাকক
বসি =বহি
প্ৰয়াসি=প্ৰয়াস কৰি , যত্ন কৰি
খেদান্ত = খেদে
১৩) তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্দ্ধান্য ‘’ণ’’ আৰু মূৰ্দ্ধন্য ‘’ষ’’ হৈছে বুজাই লিখা ৷
উত্তৰ : অৰুণ :- একেটা পদৰে থকা ‘ৰ’ আৰু ‘ন’ ৰ মাজত স্বৰবৰ্ণ থকা বাবে ‘ন’ মূৰ্দ্ধন্য ‘ণ” হৈছে ৷
কঙ্কণ :- স্বাভাৱিকতে ‘ন’ ‘ণ’ হৈছে ৷
কৰ্ণ :- একোটা পদতে থকা ‘ৰ’ ৰ পিছত দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয় ৷
শ্ৰোণী :- একেটা পদতে ‘ৰ’ আৰু ‘ন’ ৰ মাজত স্বৰবৰ্ণ থাকিলে দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয় ৷
ভাণ্ড :- ‘ট’ বৰ্গৰ কোনো বৰ্ণ লগত যুক্ত হ’লে দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয় ৷
নিষেধ :- ই-কাৰন্ত উপসৰ্গৰ পিছত থকা ‘সিধ’ ধাতুৰ দন্ত্য ‘স’ মূৰ্দ্ধন্য ‘ষ’ হয় ৷
১৪) পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাচোটা বাছি উলিয়াই লিখা ৷
উত্তৰ : স্মৰি ,মথন্তে , দলি,নমাই , কামুৰি , বান্ধি ৷
Assamese অসমীয়া class 9 question answer Keywords
অসমীয়া class 9 question answer,
অসমীয়া class 9 question answer social science,
social science class 9 assamese medium,
seba class 9 social science question answer,
social science class 9 assamese medium geography,
class 9 social science assamese medium book pdf,
class 9 social science assamese medium solution,
class 8 social science chapter 9 assamese medium,
class 9 social science assamese medium history chapter 2,
class 9 social science book assamese medium,
social science class 9 assamese medium question answer,
class 9 social science assamese medium question answer chapter 3,
class 8 social science assamese medium question answer chapter 9,
class 9 social science assamese medium chapter 1,
social science class 9 assamese,
class ix social science assamese medium,
class 9 social science assamese medium history chapter 1,
class 9 social science in assamese medium,
class 9 social science assamese medium lesson 1 question answer,
class 9 social science assamese medium pdf,
social science class 9 seba assamese medium,
seba class 9 social science question answer assamese medium,
seba class 9 social science question answer english medium,
seba class 9 social science solution,
seba class 9 social science,
seba class 9 social science question paper,
seba class 9 social science book,
seba class 9 question answer,
seba class 9 social science question paper 2019,
class 9 seba social science answers,
seba class 9 social science notes,
class 9 social science question answer assamese medium,
geography class 9 assamese,
social science assamese class 9,
class 9 social science assamese medium,
class 9 social science book seba,
class 9 social science assamese medium question answer,
class 9 assamese social science question answer,
class 9 assamese social science,
class 9 social science assamese question answer,
class 9 social science assamese,
class 9 social science assamese medium question answer chapter 1,
class 9 social science seba solutions,
class 8 social science chapter 9 question answer assamese medium,
class 8 social science assamese medium,
class 8 social science answer in assamese,
class 8 social science question answer assamese medium,
class 8 social science assam,
class 8 assamese social science,
class 8 assamese medium social science,
class 8 assamese question answer chapter 9,
class 9 assamese medium social science question answer,