ধাতু আৰু অধাতু | অধ্যায় ৪ | Chapter 4

ধাতু আৰু অধাতু | অধ্যায় ৪ | Chapter 4 – পৰ্দাথঃ ধাতু আৰু অধাতু | অধ্যায় ৪ | Chapter 4 | Class 8 Science Question Answer Assam | Class 8 Science Sankardev School Question Answer Solution | ভাৰতী বিজ্ঞান পৰিচয় |  Class 8 Science Question Answer Notes | শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী প্ৰশ্ন উত্তৰ | অষ্টম শ্ৰেণী শংকৰদেৱ বিদ্যালয় ধাতু আৰু আৰু অধাতু পাঠটো প্ৰশ্ন উত্তৰ |

পৰ্দাথঃ ধাতু আৰু অধাতু

(১) তলৰ কোনবােৰ উক্তি শুদ্ধ আৰু কোনবােৰ অশুদ্ধ বাছি উলিওৱা। 

(ক) অধাতুবােৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী।

উত্তৰঃ শুদ্ধ ।

(খ) ফছফৰাছ এবিধ ধাতু।

উত্তৰঃ অশুদ্ধ।

(গ) লাে নমনীয় আৰু ঘাত সহনীয়।

উত্তৰঃ শুদ্ধ।

(ঘ) কয়লাৰ টুকুৰাত হাতুৰীৰে কোবালে চেপেটা হৈ যাব।

উত্তৰঃ অশুদ্ধ।

(ঙ) পাৰা এবিধ ধাতু।

উত্তৰঃ শুদ্ধ।

(চ) ছডিয়াম ধাতু যথেষ্ট টান।

উত্তৰঃ অশুদ্ধ।

 (২) খালী ঠাই পূৰ কৰা।

 (ক) ধাতুবােৰক কোবালে ইহঁতে ধ্বনিৰ সৃষ্টি কৰে বাবে ইহঁতক                 বুলি কোৱা হয়।

উত্তৰঃ ধাতুবােৰক কোবালে ইহঁতে ধ্বনিৰ সৃষ্টি কৰে বাবে ইহঁতক সনাদ পদাৰ্থ বুলি কোৱা হয়।

(খ)  ধাতুৱে পানীৰ লগত বিক্রিয়া কৰি              গেছ উৎপন্ন কৰে।

উত্তৰঃ  ধাতুৱে পানীৰ লগত বিক্রিয়া কৰি হাইড্ৰ’অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।

(গ) জিংক লােতকৈ                সক্রিয়।

উত্তৰঃ জিংক লােতকৈ অধিক সক্ৰিয়।

(ঘ) কোঠালি উষ্ণতাত জুলীয়া অৱস্থাত পােৱা একমাত্র ধাতুটোৰ নাম হ’ল                । 

উত্তৰঃকোঠালি উষ্ণতাত জুলীয়া অৱস্থাত পােৱা একমাত্র ধাতুটোৰ নাম হ’ল পাৰা।

(৩) কাৰণ দর্শোৱা। 

(ক) ছডিয়াম আৰু পটেছিয়ামক কিয় কেৰাচিনত ডুবাই ৰখা হয়? 

উত্তৰঃ ছডিয়াম আৰু পটেছিয়ামক অতি সক্ৰিয় ধাতু।ই অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাবে বিক্ৰিয়া কৰে। এই বিক্ৰিয়াত প্ৰচুৰ তাপ উৎপন্ন কৰে। সেইবাবে ছডিয়াম আৰু পটেছিয়ামক কেৰাছিনত ডুবাই ৰখা হয়।

(খ) খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাট ব্যৱহাৰ কৰা হয় কিয়?

উত্তৰঃ  এলুমিনিয়াম এবিধ ঘাত সহনীয়তা ধাতু। এলুমিনিয়ামক কোবাই পাতল কৰি পাতৰ আকৃতিত গঢ় দিব পাৰি। এলুমিনিয়ামৰ পাটত খাদ্য় সামগ্ৰী মেৰিয়ালে খাদ্য় সামগ্ৰী অধিক সময়লৈ গৰম হৈ থাকে।

(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰপৰা অপসাৰিত কৰিব নােৱাৰে কিয়?

উত্তৰঃ তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰপৰা অপসাৰিত কৰিব নােৱাৰে কাৰণ হ’ল তামতকৈ জিংক অধিক সক্ৰিয়। এটা অধিক সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক অপসাৰিত কৰিব পাৰে কিন্তু এটা কম সক্ৰিয় ধাতুৱে অধিক সক্ৰিয় ধাতুক অপসাৰিত কৰিব নোৱাৰে।

(ঘ) ফছফৰাছক কিয় পানীত ডুবাই ৰখা হয়?

উত্তৰঃ ফছফৰাছ এবিধ অধাতু ,ই পানীৰ লগত বিক্ৰিয়া নকৰে, যদিও বায়ুত ইহঁত যথেষ্ট সক্ৰিয়। ফছফৰাছ বায়ুৰ সংস্পৰ্শলৈ আহিলে জ্বলি উঠে। সেইবাবে ফছফৰাছক পানীত ডুবাই ৰখা হয়।

(৪) কি ঘটিব যেতিয়া-

 (ক) এটি কাচৰ গিলাচত অলপ পানী লৈ তাত ছডিয়ামৰ সৰু টুকুৰা এটা যােগ কৰা হয়।

উত্তৰঃ এটি কাচৰ গিলাচত অলপ পানী লৈ তাত ছডিয়ামৰ সৰু টুকুৰা এটা যােগ কৰা তেতিয়া এই বিক্ৰিয়াটোত NaOH উৎপন্ন হোৱা দেখা যাব, যাৰ প্ৰকৃতি ক্ষাৰকীয়।সেয়েহে NaOH য়ে ৰঙা লিটমাছটুকুৰা নীলালৈ ৰূপান্তৰ কৰিছে আৰু গিলাছটো চুই চাওঁতে গৰম অনুভব কৰা যাৱ।

 (খ) কপাৰ ছালফেটৰ দ্ৰৱত লােৰ গজাল ৰখা হয়। 

উত্তৰঃ কপাৰ ছালফেটত দ্ৰৱত লোৰ গজাল ৰখা হয়, তেতিয়া দেখিবা যে লোৱে কপাৰ ছালফেটৰ পৰা তাম অপসাৰিত কৰিছে,ফলত ফেৰাছ ছালফেট আৰু তাম উৎপন্ন হৈছে। তেনে কাৰণতে কপাৰ ছালফেটৰ লীলা বৰণটো নোহোৱা হৈছে আৰু বিকাৰৰ তলিত তামৰ ৰঙা গুড়ি জমা হৈছে। যিহেতু ফেৰাছ ছালফেটৰ ৰং ঈষৎ সেউজীয়া, সেয়েহে দ্ৰৱটোৰ ৰং ঈষৎ সেউজীয়া হৈছে।

(গ) এলুমিনিয়ামৰ পাট এটুকুৰাৰ ওপৰত লঘু হাইড্র’ক্ল’ৰিক এচিড ঢলা হয়।

উত্তৰঃ  এলুমিনিয়ামৰ পাট এটুকুৰাৰ ওপৰত লঘু হাইড্ৰ’ক্ল’ৰিক এচিড ঢলা হয় আৰু জ্বলি থকা জুইশলাৰ কাঠিডাল লৈ আহোঁতে ‘পপ’ শব্দৰ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ’ল এলুমিনিয়ামৰ লগত হাইড্র’ক্ল’ৰিক এচিডৰ বিক্ৰিয়া ঘটি হাইড্ৰ’জেন গেছ উৎপন্ন হৈছে।

 (ঘ) কপাৰ ছালফেটৰ দ্ৰৱত জিংকৰ টুকুৰা ৰখা হয়।

উত্তৰঃ কপাৰ ছালফেটৰ দ্ৰৱত যদি জিংকৰ টুকুৰা ৰখা হয় তেতিয়া জিংকে কপাৰ ছালফেটৰ পৰা তাম অপসাৰিত কৰিব। ফলত জিংক ছালফেট আৰু তাম উৎপন্ন হ’ব। তেনে কাৰণত কপাৰ ছালফেটৰ নীলা বৰণটো নোহোৱা হৈছে আৰু বিকাৰৰ তলিত তামৰ ৰঙা গুড়ি জমা হৈছে।

 (৫) স্তম্ভ A- ত থকা পদার্থসমূহক স্তম্ভ B ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা।

A B
(১) অক্সিজেন (১) সাৰ
(২) ৰূপ (২) আতচবাজি
(৩) লো (৩) জুইশলা
(৪) নাইট্ৰ’জেন (৪) অলংকাৰ
(৫) তাম (৫) যন্ত্ৰপাতি
(৬)এলুমিনিয়াম (৬) ৰকেটৰ ইন্ধন
(৭) ফছফৰাছ (৭) মুদ্ৰা

উত্তৰঃ-(১) অক্সিজেন       (৬) ৰকেটৰ ইন্ধন

            (২) ৰূপ                 (৪) অলংকাৰ

            (৩) লো                  (৫) যন্ত্ৰপাতি

            (৪) নাইট্ৰ’জেন       (১) সাৰ

            (৫)  তাম                (৭) মুদ্ৰা

             (৬) এলুমিনিয়াম    (২) আতচবাজি

          (৭) ফছফৰাছ           (৩) জুইশলা

 (৬) ধাতুসমূহক জোৰকৈ পিটিলে ইহঁত একোচটা পাটলৈ পৰিৱর্তিত হয়। এই ধর্মটোক কি বুলি কোৱা হয়।

উত্তৰঃ-ধাতুসমূহক জোৰকৈ পিটিলে ইহঁত একোচটা পাটলৈ পৰিৱর্তিত হয়। এই ধর্মটোক ঘাত সহনীয়তা ধৰ্ম বোলে।

 (৭) তলৰ কোনটো পদার্থক পাতল পাটৰ আকাৰলৈ পিটিব পাৰি?

 (ক) গন্ধক (খ) এলুমিনিয়াম (গ) ফছফৰাছ (ঘ) নাইট্র’জেন

উত্তৰঃ (খ) এলুমিনিয়াম

 (৮) তলৰ কোনটো পদার্থক কেৰাচিনত ডুবাই ৰখা হয়? 

(ক) লাে (খ) ছডিয়াম (গ) এলুমিনিয়াম (ঘ) গন্ধক

উত্তৰঃ (খ) ছডিয়াম

ধাতু আৰু অধাতু – প্ৰশ্নাৱলী, Page No- 40 

1.ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উঞ্চতাত (room temperature) জুলীয়া।

উত্তৰ – পাৰা

(ii) কটাৰিৰে সহজে কাটিব পাৰি।

উত্তৰ – লিথিয়াম

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

উত্তৰ – ৰূপ

(iv) তাপৰ কম পৰিবাহী।

উত্তৰ – সীহ

2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলােচনা কৰা ।

উত্তৰ – কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি ৷ ধাতুৰ এই ধৰ্মকে ঘাত সহনীয়তা বোলে ৷

ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিবৰ্তন কৰিব পৰা গুণকে নমীয়তা বোলে ৷

প্ৰশ্নাৱলী, Page No- 46 

1.ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?

উত্তৰ – ছ’ডিয়াম এটা অতি সক্ৰিয় ধাতু ৷ ইয়াক মুক্ত অৱস্থাত ৰাখিলে বায়ুত থকা অক্সিজেনৰ সৈতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে ৷ সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুৱাই ৰখা হয় ৷

2.তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা—
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।

উত্তৰ – 3Fe(s) +  4H2O(g)  → Fe3O4(s) + 4H2(g)

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।

উত্তৰ – Ca(s) + 2H2O(l) → Ca(OH)2(aq) + H2(g)

2K(s) + 2H2O(l) → 2KOH(aq) + H2(g) + তাপশক্তি

3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

ধাতু আইৰন (II) ছালফেট কপাৰ(II) ছালফেট জিংক ছালফেট ছিলভাৰ নাইট্ৰেট
A বিক্ৰিয়া নহয় প্রতিস্থাপন
B বিক্ৰিয়া নহয়
C বিক্ৰিয়া নহয় বিক্ৰিয়া নহয় বিক্ৰিয়া নহয় প্রতিস্থাপন
D বিক্ৰিয়া নহয় বিক্ৰিয়া নহয় বিক্ৰিয়া নহয় বিক্ৰিয়া নহয়

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া।
(i) আটাইতকৈ সক্রিয় ধাতু কোনটো ?

উত্তৰ – B আটাইতকৈ সক্রিয় ধাতু |

(ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে কি হ’ব?

উত্তৰ – কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে, Bয়ে কপাৰক অপসাৰিত কৰি নতুন যৌগ গঠন কৰিব ৷

(iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রমত সজোৱা।

উত্তৰ – B>A>C>D


4. লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H2SO4ৰ লগত কৰা বিক্রিয়াটোৰ সমীকৰণ লিখা।

উত্তৰ – লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে হাইড্ৰ’জেন গেছ উৎপন্ন হয় ৷

আইৰনে লঘু H2SO4ৰ লগত বিক্রিয়া কৰিলে আইৰন (II)ছালফেট আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয় ৷

Fe(s)+ H2SO4(aq) → FeSO4(aq) + H2(g)

5. আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হােৱা বিক্রিয়াটো সমীকৰণ লিখা।

উত্তৰ – আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে যিংকে আইৰনক অপসাৰিত কৰি যিংক ছালফেট উৎপন্ন কৰিব ৷

Zn(s) + FeSO4(aq) → ZnSO4(aq) + Fe(s)

প্ৰশ্নাৱলী, Page No- 49

1.(i) ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা।

উত্তৰ – ছ’ডিয়ামৰ ইলেক্ট্রন বিন্দু গঠন –

অক্সিজেনৰ ইলেক্ট্রন বিন্দু গঠন–

মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন–

(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na2আৰু MgO ৰ গঠন লিখা।

উত্তৰ – Na2ৰ গঠন

ছডিয়ামৰ ইলেকট্ৰনীয় বিন্যাস 2,8,1 | ছডিয়ামে সুস্থিৰ অষ্টক গঠন কৰিবলৈ বহিৰতম কক্ষত থকা ইলেকট্ৰনটো এৰি দি ছ’ডিয়াম কেটায়ন গঠন কৰে ৷

অক্সিজেনৰ ইলেকট্ৰনীয় বিন্যাস 2,6 | অক্সিজেনে সুস্থিৰ অষ্টক গঠন কৰিবলৈ দুটা ইলেকট্ৰন গ্ৰহণ কৰি অক্হাইড এনায়ন গঠন কৰে ৷

ছ’ডিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটিলে অক্সিজেনে দুটা ছ’ডিয়াম পৰমাণুৰ পৰা সিহঁতৰ বহিৰতম কক্ষত থকা এটাকৈ ইলেকট্ৰন গ্ৰহণ কৰি (মুঠ দুটা) Na2O যৌগ গঠন কৰে ৷

MgO ৰ গঠন

মেগনেছিয়ামৰ ইলেকট্ৰনীয় বিন্যাস 2,8,2 | মেগনেছিয়ামে সুস্থিৰ অষ্টক গঠন কৰিবলৈ বহিৰতম কক্ষত থকা ইলেকট্ৰন দুটা এৰি দি মেগনেছিয়াম কেটায়ন গঠন কৰে ৷

অক্সিজেনৰ ইলেকট্ৰনীয় বিন্যাস 2,6 | অক্সিজেনে সুস্থিৰ অষ্টক গঠন কৰিবলৈ দুটা ইলেকট্ৰন গ্ৰহণ কৰি অক্হাইড এনায়ন গঠন কৰে ৷

মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটিলে অক্সিজেনে দুটা মেগনাছিয়াম পৰমাণুৰ বহিৰতম কক্ষৰ ইলেকট্ৰন দুটা গ্ৰহণ কৰি  MgO যৌগ গঠন কৰে ৷

(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?

উত্তৰ – Na2O ত থকা যৌগ –   Na+ আৰু O2-

MgO ত থকা যৌগ –  Mg2+ আৰু O2-

2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি?

উত্তৰ – আয়নীয় যৌগৰ আন্তঃআয়নীয় বিদ্যুৎস্থিতীয় আকৰ্ষণ বল অতি প্ৰবল ৷ ইহঁতক ভাঙি আয়োবোৰ পৃথক কৰিবলৈ ভালেখিনি তাপশক্তিৰ প্ৰয়োজন হয় ৷ সেইবাবে আয়নীয় যৌগৰ গলনাংক বেছি ৷

প্ৰশ্নাৱলী, Page No- 53

1.তলত দিয়া বােৰৰ সংজ্ঞা লিখা।
(i) মণিক (mineral) (ii) আকৰ (ore) (iii) খনিজ মল (gangue)

উত্তৰ – (i) মণিক (mineral) – পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বতত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বোলে ৷

(ii) আকৰ (ore) – কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি ৷ এই ধৰণৰ খনিজ পদাৰ্থ বিধক আকৰিক বা আকৰ বোলে ৷

(iii) খনিজ মল (gangue) – খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি, বালি আদি মিহলি হৈ থাকে ৷ এই অশুদ্ধি বা অপদ্ৰৱ্যবোৰক খনিজ মল বোলে ৷

2.প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰ – প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম হ’ল সোণ আৰু ৰূপ ৷

3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়ােগ কৰা হয় ?

উত্তৰ – অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰন পদ্ধতি প্রয়ােগ কৰা হয় ৷

ধাতু আৰু অধাতু- প্ৰশ্নাৱলী, Page No- 55

1.যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবােৰৰ লগত উত্তপ্ত কৰা হ’ল।

ধাতু যিংক মেগনেছিয়াম কপাৰ
যিংক অক্সাইড
মেগনেছিয়াম অক্সাইড
কপাৰ অক্সাইড

কোনবিলাক ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব?

উত্তৰ –

ধাতু যিংক মেগনেছিয়াম কপাৰ
যিংক অক্সাইড বিক্ৰিয়া নঘটে প্রতিস্থাপন বিক্ৰিয়া নঘটে
মেগনেছিয়াম অক্সাইড বিক্ৰিয়া নঘটে বিক্ৰিয়া নঘটে বিক্ৰিয়া নঘটে
কপাৰ অক্সাইড প্রতিস্থাপন প্রতিস্থাপন বিক্ৰিয়া নঘটে

2.কোনবােৰ ধাতু সহজে ক্ষয় নহয় ?

উত্তৰ – কম সক্ৰিয় ধাতু যেনে সোণ, ৰূপ, কপাৰ ইত্যাদি সহজে ক্ষয় নহয় ৷

3.সংকৰ ধাতু কি ?

উত্তৰ – দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে ৷

Leave a Comment