ৰাশিফল | tomorrow’s horoscope in Assamese

ৰাশিফল | tomorrow’s horoscope in Assamese – বিনামূল্য কুণ্ডলী ছফটৱেৰ অনলাইন/ জন্ম কুণ্ডলী/ বৈদিক ৰাশিফল/ জন্ম সূচী জন্ম কূণ্ডলী ( যাক আমি কূণ্ডলী ,জন্ম কূণ্ডলী ,জন্ম পত্ৰিকা, বৈদিক ৰাশিফল , বৈদিক সূচী ,হিন্দু সূচী আদি নামেৰেও জানোঁ) ব্যক্তি এগৰাকীৰ জন্মৰ সময়ত গ্ৰহ আৰু নক্ষত্ৰৰ চক্ৰ স্থিতিৰ এক সূচী হয়।গ্ৰহ আৰু নক্ষত্ৰৰ এই স্থিতিক আধাৰ হিচাপে লৈ জ্যোতিষী এগৰাকীয়ে যিকোনো জাতকৰ জীৱনত হ’ব লগীয়া ঘটনা আৰু জীৱনত প্ৰাপ্ত হব লগীয়া শুভ লক্ষণ সমূহৰ ভৱিষ্যত বাণী কৰিব পাৰে। ভাৰতবৰ্ষত চলি থকা পৰম্পৰা অনুযায়ী যেতিয়া কোনোবা শিশুৰ জন্ম হয় তেতিয়া সেই শিশুৰ জন্ম কূণ্ডলী জ্যোতিষী দ্বাৰা বনোৱা হয়।যি শিশু জন/জনীৰ সম্পূৰ্ণ জীৱন বৃত্তান্ত কোৱাৰ কাম কৰিব। আমাৰ জ্যোতিষীৰ ছফটৱেৰ যি অনলাইন আৰু নিঃশুল্ক ,এই বৈদিক বিধিৰ দ্বাৰা হব লগা জন্ম কূণ্ডলী গণনা কৰাৰ আন এক বিকল্প। আধুনিক সময়তো আপুনি ছফটৱেৰৰ জৰিয়তে কূণ্ডলী বনাব গ’লে এক মূল্যৱান ছফটৱেৰ, প্ৰিণ্টাৰৰ দৰে আধুনিক বস্তু কিনিব লগাত পৰিব পাৰে আৰু বিভিন্ন ধৰণৰ কাম কৰিব লগা হব পাৰে কিন্তু আমাৰ অনলাইন ছফটৱেৰত আপুনি এই সকলো অসুবিধাৰ পৰা মুক্ত পাব।ইয়াৰ বাবে আপুনি কি কৰা উচিত? আমাৰ ৱেবচাইটত আপুনি এক ব্যৱহৃত আই ডী বনাওক, এক সূচী বনাওক আৰু ইয়াক সুৰক্ষিত কৰি লওক আৰু যেতিয়াই ইচ্ছা তেতিয়াই সুৰক্ষিত কৰি থোৱা কূণ্ডলী চাওক।এটা কথা মনত ৰাখিব যে আপুনি সুৰক্ষিত কৰি থোৱা কূণ্ডলী অকল আপোনাৰ ব্যৱহৃত আই ডি আৰু পাছৱাৰ্ড ব্যৱহাৰ কৰিহে এই কূণ্ডলী দেখিব পাৰিব আন কোনোৱে নোৱাৰিব। এনেকুৱা কৰিলে আপুনি ছফটৱেৰ কিনাৰ পৰা বাচিব পাৰিব।এইটো কেৱল এটা ৱেবচাইট নহয় ই এক সম্পূৰ্ণ বৈদিক জ্যোতিষ ছফটৱেৰ।ইয়াত আপুনি জন্ম কূণ্ডলী লগতে ফলাদেশ আৰু অন্য ভৱিষ্য বাণীও লাভ কৰিব।

ইয়াত আপুনি বাৰ্ষিক ফলো লাভ কৰিব আৰু এই বৈদিক ফলাদেশ প্ৰাচীন তাজিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰা হয়।এই ছফটৱেৰ আপোনাক সাধাৰণ ফলাদেশো দিব যি বৈদিক জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত আধাৰিত হব।সেইবাবে অপেক্ষা কৰা বাদ দিয়ক আৰু ইয়াত ক্লিক কৰি নিজৰ জন্ম কূণ্ডলী লাভ কৰক।

ৰাশিফল 2022

ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য’ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়,ঠিক তেনেকৈ অহাকালিৰ ৰাশিফলৰ জৰিয়তে আমি আজিৰ দিনটোতে কাইলৈ হব লগা ঘটনাৰ বিষয়ে জানিব পাৰো। ইয়াৰ উপৰিও সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধৰাশি-মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। কাল পুৰুষ কুণ্ডলীত থকা প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। astrosage.com ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই পদ্ধতি ইয়াৰ ওপৰতো ব্যৱহাৰ হয়। বাৰ্ষিক ৰাশিফলত আমাৰ বিদ্বান তথা অভিজ্ঞতাসম্পন্ন জ্যোতিষী গোটেই বছৰধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰে আৰু সেই হিচাপে ফলাদেশ প্ৰকাশ কৰা হয়।

এই ৰাশিফল নাম ৰাশি অনুযায়ী নে জন্ম ৰাশি অনুযায়ী ?

এষ্ট্ৰোসেজ ৰ বিশেষজ্ঞ জ্যোতিষিৰ মতে অহাকালিৰ বাবে দিয়া ৰাশিফল জন্ম ৰাশি অনুসৰি চোৱা বেছি ভাল। যদি আপুনি নিজৰ জন্ম ৰাশিৰ বিষয়ে অজ্ঞাত তেন্তে নাম ৰাশিৰ দ্বাৰাও নিজৰ ভৱিষ্যত বিষয়ে জানিব পাৰে। পূৰণি সময়ত এনেও নাম ৰাশি অনুযায়ী হে ৰখা হৈছিল, বহুত পণ্ডিতে ভাৱে যে নাম ৰাশি আৰু জন্ম ৰাশি সমানেই গুৰুত্বপূৰ্ণ হয়।

এই ৰাশিফল সূৰ্য ৰাশি আধাৰিত নে চন্দ্ৰ ৰাশি আধাৰিত ?

এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে আৰু এই অনুযায়ী ভৱিষ্য তথা অতীতৰ বিষয়ে আপুনি ভালকৈ গম পাব।

মোৰ ৰাশি কি হয় -এইবিষয়ে কেনেকৈ জানিব?

যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।

এই ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত । এতিয়া জানক আপোনাৰ চন্দ্ৰ ৰাশি : চন্দ্ৰ ৰাশি কেলকুলেটৰ

কাইলৈৰ ৰাশিফল কেনেকৈ গণনা কৰা হৈছে?

অহাকাইলৈৰ ৰাশিফল গোচৰ আধাৰিত হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।

এই ৰাশিফল সঠিক নে?

যত নেকি নামৰ পৰাই গম পোৱা যায় এই ফলাদেশ ৰাশিৰ আধাৰত নিৰ্ভৰ কৰিয়ে লিখা হয় আৰু এইবাবে ইয়াক ৰাশিফল বুলি কোৱা হয়। গোটেই পৃথিৱীৰ কোটি কোটি মানুহৰ অকল এই বাৰটা ৰাশিৰ সহায়তে ভৱিষবাণী কৰা হয় এইবাবে ইয়াক সামান্য অথবা সাধাৰণ ফলক নামা হিচাপেই মানা উচিত। সঠিক ভৱিষ্যফলৰ বাবে কোনোবা জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলী অধ্যয়ণ কৰোৱা অধিক সুফলদায়ক হব। আপোনাৰ কুণ্ডলী অনুসৰি সঠিক জাননী প্ৰাপ্ত কৰিবলৈ আপুনি আমাৰ জ্যোতিষ বিশেষজ্ঞ ৰ লগত কথা পাতিব পাৰে।

মেষ ৰাশি ফলাফল

দূৰণি বটীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক ভাৱে নিজকে সুস্থ কৰি তুলিছে ,যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনযোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। কোনো পূৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাতকাৰ হব পাৰে,যাৰ বাবে পূৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপুৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব । চুটীৰ দিনাখন কোনোবা আৰাম দায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ ভাল কাম আৰু কি হব পাৰে!
চিকিৎসা :- তামৰ পইচা আৰু ৰূপ গাখীৰ আৰু চাউলে দি ধুই মাটীত পুতি থওক, আৰু বাকী থকা চাউল আৰু গাখীৰ বাহিৰৰ গছত দিয়ক ,এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকিব।
মিথুন ৰাশি ফলাফল
আপোনাৰ ধনাত্মক চিন্তা ধাৰাক পুৰস্কৃত কৰা হব , কাৰণ আপুনি আপোনাৰ চেষ্টা সমূহত সফলতা লাভ কৰিব। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে ,প্ৰেমঅৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে । আপোনাকো আপোনাৰ ব্যৱহাৰ্ত সৰলতা আনাটো দৰকাৰ।
চিকিৎসা :- আহত গছত পানী অৰ্পন কৰিলে আৰু তাৰ পৰিক্ৰমা কৰিলে সুস্বাস্থ্য অটুট থাকিব।
সিংহ ৰাশি ফলাফল – Singha Rashi Prediction in Assamese (Saturday, January 29, 2022)
নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক।মনত ৰাখিব – এই পাৰ্থিৱ শাৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আজি আপুনি প্ৰিয়জনৰ প্ৰেমত সম্পূৰ্ণতা অনুভৱ কৰিব।এই বাবে আজি আপোনাৰ দিন বহুত ধুনীয়া হব। সময়ৰ লগত চলাটো আপোনাৰ বাবে খুবেই ভাল কিন্তু লগতে এইটো কথাও মনত ৰাখিব যে যেতিয়াই আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠজনৰ লগত সেই সময় কটাব। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক। ঠাণ্ডা পানী খোৱাটো আজি আপোনাৰ বাবে হানিকাৰক বুলি পৰিগণিত হব।
চিকিৎসা :- ভগৱান শিৱ , ভৈৰৱ আৰু হনুমান ক পূজা কৰক , পৰিয়ালৰ সুখ লাভ হব।
তুলা ৰাশি ফলাফল
স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব ,সেইবাবে খোৱা বোৱাৰ ভলকৈ যত্ন লব। যিসকল বিবাহিত সিহতঁৰ আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হব। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে,লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক ,নহ’লে এই সম্পৰ্কক আপুনি শলঠেকত পেলাব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। ওৱৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে ,কিন্তু আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহব। অকৰ্মণ্যতাইপতনৰ মূল ,ধ্যান অথবা যোগাভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ ক্কৰিবলৈ সক্ষম হব।
চিকিৎসা :- স্বেত পুষ্প কিছুমান পইচা সহিত পানীত প্ৰবাহিত কৰিলে ভাল স্বাস্থ্য অটুট থাকিব।
ধনু ৰাশি ফলাফল
ঘৰত হতাশাৰ পৰিৱেশ এটা আপোনাক খঙ উঠাব পাৰে। ইয়াক দবাই থলে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হব পাৰে ।শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। বেয়া অৱস্থাৰ পৰা দূৰত থকাই মংগল। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ’ব। পাৰম্পৰিক নিয়ম আৰু কোনোবা পৱিত্ৰ আয়োজন ঘৰত কৰা উচিত । প্ৰেমৰ এই যাত্ৰা চুটি কিন্তু মৰমেৰে ভৰা হব। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে । ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ’ব।
চিকিৎসা :- ভগৱানত বিশ্বাস ৰাখক আৰু মানসিক হিংসা ৰ পৰা দুৰত থাকক , এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকে ।
কুম্ভ ৰাশি ফলাফল – 
আপোনাৰ হাাহি মুখীয়া স্বভাৱে অন্যক সুখী কৰিব। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হব ,যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰিত কৰাত জটিলতাৰ সন্মূখীন হব পাৰে। কিন্তু ওচৰে-পাজৰে থকা লোক সকলৰ লগত কাজিয়া নকৰিব নহলে নিঃসংগতা ই খুলি খুলি খাব। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব। আপোনাৰ জীৱন সংগী ৰ লগত কেণ্ডেল লাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে,আপোনাৰ সপ্তাহৰ গোটেই ভাগৰ দূৰ হব পাৰে।
চিকিৎসা :- ঘৰত তিলৰ তেল দি তাত অলপ ক’লা বগা তিল মিহলাই চাকি জ্বলালে পাৰিবাৰিক সুখ লাভ হব।
বৃষ ৰাশি ফলাফল
আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, আজি আপুনি য’তে যাব মানুহৰ মাজত আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হব। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। নিজৰ জীীৱন সংগীৰ কাৰণে এক বিশেষ খোৱা বস্তু বনালে আপোনাৰ নিৰাশাজনক জীৱনত আশাৰ কিৰণ এটা আহিব পাৰে।
চিকিৎসা :- তন্দুৰী মিঠা ৰুটী দুখীয়াৰ মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব।
কৰ্কট ৰাশি ফলাফল –
অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। যদি আজি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেন্তে নিজৰ বস্তু-বাহানিৰ তদাৰক অথবা অতিৰিক্ত সুৰক্ষাৰ দিয়াৰ আৱশ্যকতা আছে। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে । যিকোনো কাম যেতিয়ালৈকে সম্পুৰ্ণ নহয় তেতিয়ালৈকে নতুন কাম হাতত নল’ব,যদি আপুনি এনেকুৱা নকৰে ভৱিষ্যতে আপোনাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
চিকিৎসা :- হতাশাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তুলসী গছ ৰুই তাৰ প্ৰতিপালন আৰু যতন কৰক।
কন্যা ৰাশি ফলাফল –
ক্ষনিক আবেগত ভাহি কোনো নিৰ্ণয় নলব ,ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। আপুনি ঘুৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিব লগীয়া হ’ব পাৰে। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। অন্যাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপুৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। সাধাৰণৰ বিবাহিত জীৱনত আজি ৰ দিনটো এটা সুস্বাদু মিঠাইৰ দৰে। আপুনি কিছু সময় আপোনাৰ ব্যক্তিত্ব ঠিক কৰাত ব্যৱহাৰ কৰিব। কাৰণ আকৰ্ষক ব্যক্তিত্ব আত্ম নিৰ্ভৰ হোৱাত বহুত ডাঙৰ বৰঙনি যোগায়।

চিকিৎসা :- সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকে।

বৃশ্চিক ৰাশি ফলাফল –
আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হব পাৰে। সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱ-দূতৰ দৰে হব ,এই মুহূৰ্ত বোৰক উদযাপন কৰক। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি।
চিকিৎসা :- পাৰিবাৰিক সুখ বৃদ্ধিৰ বাবে আপুনি ফুটা থকা কাঁহ ৰ মুদ্ৰা এটা পানীত প্ৰবাহিত কৰিব পাৰে।
মকৰ ৰাশি ফলাফল –
গৰ্ভ্বতী মহিলা অতিৰিক্ত সাৱধান হোৱা ভাল। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। যদি আপুনি কিবা খেলত পাৰ্গত হয় তেন্তে আপুনি সেইটো খেল খেলি থকাটো আপোনাৰ বাবে বহুত ভাল ।
চিকিৎসা :- সেউজীয়া মগু খোৱাত সদায় ব্যৱহাৰ কৰিলে স্বাস্থ্য ভালে থাকিব।
মীন ৰাশি ফলাফল – 
আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হব পাৰে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে , আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। বাদ্যযন্ত্ৰ বজাব জানে যদি আজি আপোনাৰ দিন সংগীতময় ভাৱে অতিবাহিত হব পাৰে।
চিকিৎসা :- প্ৰেমৰ সম্পৰ্কত অধিক ভাল পোৱাৰ সঞ্চাৰ কৰিবৰ বাবে প্ৰেমিকা অথবা প্ৰেমিকাক সময়ে সময়ে ৰঙা ৰংৰ বস্ত্ৰ উপহাৰ হিচাপে আগ বঢ়াব পাৰে।

Leave a Comment