assamese gk | Assamese new Gk 2022

assamese gk | Assamese new Gk 2022 – সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL , PNRD , Panchayat আদিৰ । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান 2022 প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

assamese gk

প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কি নামেৰে জনা যায়?

উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।

প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচন কোনটো?

উত্তৰ : উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগা।

প্ৰশ্ন : অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি?

উত্তৰ : অসম উপত্যকা সাহিত্য বঁটা।

প্ৰশ্ন : ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়?

উত্তৰ : লাচিত বঁটা।

প্ৰশ্ন : যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?

উত্তৰ : ২০১১ চনত।

প্ৰশ্ন : অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ : বিষ্ণুৰাভা।

প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?

উত্তৰ : ৫০ বছৰ ।

প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী সাহিত্যিক কোন?

উত্তৰ : যতিন্দ্ৰনাথ দুৱৰা।

প্ৰশ্ন : কোন হয় যাৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত। সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ বিজয়ী এই গৰাকী দ্বিতীয় অসমীয়া সাহিত্যিক। এই গৰাকী সাহিত্যিকে ২০০১ চনত নিজ সাহিত্য কৰ্মৰ বাবে এই বঁটা লাভ কৰে। সাহিত্যিক গৰাকী কোন?

উত্তৰ : মামণি ৰয়চম গোস্বামী।

প্ৰশ্ন : তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। তেখেতক ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ‘ভাৰতৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

প্ৰশ্ন : এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’। ১৯৭৯ চনত এই উপন্যাস খনৰ বাবে তেখেতে প্ৰথম বাৰলৈ অসমীয়া সাহিত্যৰ বাবে সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ লাভ কৰে। এই সাহিত্যিক গৰাকী কোন?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

প্ৰশ্ন : তেওঁ বিশ্ববিখ্যাত শিল্পী আৰু সংগীতজ্ঞ। ১৯৯২ চনত ‘দাদা চাহেব ফাল্কে বঁটা’ আৰু ২০০৯ চনত ‘সংগীত ৰত্ন’ বঁটা লাভ কৰা এই গৰাকী প্ৰথম অসমীয়া ব্যক্তি। ব্যক্তি গৰাকী কোন?

উত্তৰ : ড° ভূপেন হাজৰিকা।

প্ৰশ্ন : ১৮৯৮ চনত জন্ম গ্ৰহণ কৰা আৰু ১৯৫৪ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা এই গৰাকী মহিলাই ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰে। মহিলাগৰাকী কোন?

উত্তৰ : নলিনীবালা দেৱী।

প্ৰশ্ন : সু-অভিনেত্ৰী চেতনা দাসক ২০০০ চনৰ ৫ ডিচেম্বৰ তাৰিখে কি বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ : আম্বেদকাৰ বঁটা।

প্ৰশ্ন : ১৯৯৮ চনৰ ২৫ জানুৱাৰী তাৰিখে সু-গায়িকা দিপালী বৰঠাকুৰক কি বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ : পদ্মশ্ৰী বঁটা।

প্ৰশ্ন : ২০০৭ চনত কোন গৰাকী প্ৰসিদ্ধ সাহিত্যিকক ‘শ্ৰী মন্ত শংকৰদেৱ’ বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ : হোমেন বৰগোহাঞি।

প্ৰশ্ন : কোনজন অসমীয়াই ২০০০ চনত ‘ভাৰত শ্ৰী’ উপাধি লাভ কৰিছিল?

উত্তৰ : বিজিত গগৈ।

প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক বড়ো ভাষাত ৰচিত ‘বড়ো খুন্তাই’ নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ : গুণেশ্বৰ মুছাহাৰী।

প্ৰশ্ন : কোনজন অসমীয়াক ‘সত্যজিৎ ৰায় বঁটা’ আৰু ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

প্ৰশ্ন : ১৯৯০ চনত ‘অসম সাহিত্য উপত্যকা বঁটা’ কোনজন ব্যক্তিক সৰ্বপ্ৰথমে প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়া।

প্ৰশ্ন : অসমৰ কোনজন মুকাভিনয় শিল্পীয়ে ২০০৯ বৰ্ষত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে?

উত্তৰ : মইনুল হক।

প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা (মৰণোত্তৰভাৱে) প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম খন অসমীয়া উপন্যাস ইয়াৰুইঙ্গমৰ লেখকৰ নাম উল্লেখ কৰা আৰু এই গ্ৰন্থ খনে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ১৯৬১ চনত।

প্ৰশ্ন : কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? বোলছবি খনৰ পৰিচালক কোন?

উত্তৰ : ‘সাগৰলৈ বহু দূৰ’, পৰিচালক জাহ্নু বৰুৱা।

প্ৰশ্ন : ১৯৭৯ চনত কোনজন সাহিত্যিকে ‘জ্ঞানপীঠ বঁটা’ লাভ কৰিছিল আৰু এই বঁটা বিজয়ী গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ‘মৃত্যুঞ্জয়’ উপন্যাস খনৰ বাবে।

প্ৰশ্ন : ২০০০ চনৰ ২৩ ডিচেম্বৰ তাৰিখে দুজন অসমীয়াক ‘ভাযাচাৰ্য’ বঁটা প্ৰদান কৰা হৈছিল। ব্যক্তি দুগৰাকী কোন?

উত্তৰ : ড° উপেন্দ্ৰ নাথ গোস্বামী (মৰণোত্তৰভাৱে) আৰু ড° গোলোক চন্দ্ৰ গোস্বামী।

প্ৰশ্ন : অসম সাহিত্য সভাই প্ৰদান কৰা সন্মানীয় উপাধি দুটা কি কি?

উত্তৰ : সদস্য মহীয়ান আৰু সাহিত্যাচাৰ্য।

প্ৰশ্ন : ড° ভবেন্দ্ৰ নাথ শইকীয়াই কোন খন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্য লিপিৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল?

উত্তৰ : ১৯৮৬ চনত ‘অগ্নিস্নান’ চলচ্চিত্ৰ খনৰ বাবে।

প্ৰশ্ন : ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা হৈছিল?

উত্তৰ : ‘সাগৰলৈ বহু দূৰ’ৰ বাবে বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰা হৈছিল।

প্ৰশ্ন : অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল?

উত্তৰ : ১৯৮২ চনৰ ১৯ নৱেম্বৰত যেতিয়া দিল্লীত ‘এছিয়ান গেম্‌ছ’ অনুষ্ঠিত হৈছিল।

প্ৰশ্ন : গুৱাহাটী দূৰদৰ্শনত কেতিয়া আৰু কাৰ তত্বাৱধানত প্ৰথম কুইজ প্ৰতিযোগিতা প্ৰচাৰিত হৈছিল?

উত্তৰ : প্ৰবক্তা দিলীপ কুমাৰ বৰুৱাৰ তত্বাৱধানত ১৯৮৫ চনৰ ২৮ মাৰ্চত।

প্ৰশ্ন : কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে ‘এ’ চাৰ্টিফিকেট লাভ কৰিছিল?

উত্তৰ : মৰিচীকা।

প্ৰশ্ন : অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাট খনৰ নাম কি?

উত্তৰ : হৃদয়ৰ প্ৰয়োজন।

প্ৰশ্ন : কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰ্পতি পদক লাভ কৰিছিল?

উত্তৰ : নিপ বৰুৱাই।

প্ৰশ্ন : অনা-অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথ অসমীয়া পৰিচালক জন কোন আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ : প্ৰমথেশ বৰুৱা, দেৱদাস।

প্ৰশ্ন : প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতা গৰাকী কোন?

উত্তৰ : ড° ভবেন্দ্ৰ নাথ শইকীয়া।

প্ৰশ্ন : ১৯৯২ চনত ড° ভূপেন হাজৰিকাই কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল?

উত্তৰ : ৰুদালি।

প্ৰশ্ন : ১৯৫৯ চনত ‘বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত’ অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : জ্ঞানদা কাকতি।

প্ৰশ্ন : শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ ‘বেণ্ডিত কুইন’ত অভিনয় কৰা আৰু ১৯৯৭ চনৰ ‘ফিল্মফেয়াৰ’ চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ আত্মপ্ৰকাশ’ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : সীমা বিশ্বাস।

প্ৰশ্ন : ৰাজ্য খনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-ষ্টেজ’ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰ।

প্ৰশ্ন : জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৬৮ চনত।

প্ৰশ্ন : কোন খন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল?

উত্তৰ : চামেলি মেমচাব।

প্ৰশ্ন : ১৯৪৮ চনত কোন খন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল?

উত্তৰ : চিৰাজ।

প্ৰশ্ন : গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত?

উত্তৰ : দক্ষিণ পাৰে।

প্ৰশ্ন : অসমৰ প্ৰধান নদী দুখন কি কি?

উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক।

প্ৰশ্ন : অসমৰ সৰ্বোচ্চ শৃংগটো কি?

উত্তৰ : নাম্‌চা বুৰুৱা

প্ৰশ্ন : অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?

উত্তৰ : কাৰ্বি আংলং।

প্ৰশ্ন : অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?

উত্তৰ : বাংলাদেশ।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত?

উত্তৰ : চান্দডুবি।

প্ৰশ্ন : উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোন খন পাহাৰত অৱস্থিত?

উত্তৰ : বৰাইল।

প্ৰশ্ন : অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?

উত্তৰ : বৰদৈচিলা।

প্ৰশ্ন : অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি?

উত্তৰ : তমচুক খাম্‌বাব।

প্ৰশ্ন : ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?

উত্তৰ : বৰাইল পাহাৰে।

প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ পাহাৰ খনৰ নাম কি?

উত্তৰ : বৰাইল পাহাৰ।

প্ৰশ্ন : অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?

উত্তৰ : শিলঘাট।

প্ৰশ্ন : অসমত সাৰ কাৰখানা ক’ত আছে?

উত্তৰ : নামৰুপ।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?

উত্তৰ : বোকাজান।

প্ৰশ্ন : কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন খন ঠাই প্ৰসিদ্ধ?

উত্তৰ : সৰ্থেবাৰী।

প্ৰশ্ন : অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন খন ঠাইক কোৱা হয়?

উত্তৰ : চাবুৱা।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত কয়লা চালিত তাপ-বিদ্যুৎ শক্তি কেন্দ্ৰ আছে?

উত্তৰ : বঙাইগাঁও।

প্ৰশ্ন : অসমৰ মাটি কেই ভাগত ভগাব পাৰি, ভাগ কেইটা কি কি?

উত্তৰ : ৪ ভাগত-বোকামাটি, পলসুৱা মাটি, বালিচহীয়া মাটি আৰু শিলাভূমি।

প্ৰশ্ন : অসমত হোৱা বৃষ্টিপাতৰ গড় কিমান?

উত্তৰ : আনুমানিক ১৭৮ ৰ পৰা ৩০৫ ছেঃমিঃ লৈ।

প্ৰশ্ন : ভাৰতৰ কোন দিশত অসম অৱস্থিত?

উত্তৰ : অসম্ ভাৰতৰ উত্তৰ – পূৱ অঞ্চলত অৱস্থিত।

প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কি?

উত্তৰ : উত্তৰ কাছাৰ জিলাত থকা জাতিংগা। ই সমুদ্ৰ পৃষ্ঠৰ পৰা ২১৫৬.৬৫ ফুট উচ্চতাত উপস্থিত।

প্ৰশ্ন : অসমৰ গাতে লাগি থকা চাৰি খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি?

উত্তৰ : বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ।

প্ৰশ্ন : অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা দুখন ঠাই কি কি?

উত্তৰ : ডিলাই পাহাৰ, কাৰ্বি আংলং।

প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা।

প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।

প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

উত্তৰ : তৰুণ ৰাম ফুকন।

প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

উত্তৰ : পুৰন্দৰ সিংহ।

প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

উত্তৰ : ১৯৬১ চনত।

প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত।

প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

উত্তৰ : ১৯২১ চনত।

প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

উত্তৰ : ১৯০৩ চনত।

প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।

প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।

প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।

প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।

প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮১ চনত।

প্ৰশ্ন : একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল। ‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত এই গৰাকী ব্যক্তি কোন?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

প্ৰশ্ন : কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?

উত্তৰ : হাফলং।

প্ৰশ্ন : কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

প্ৰশ্ন : উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?

উত্তৰ : ডিব্ৰুগড়।

প্ৰশ্ন : অসমৰ চাহৰ ৰাজধানী কি?

উত্তৰ : শিৱসাগ।

প্ৰশ্ন : কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?

উত্তৰ : মাজুলী।

প্ৰশ্ন : অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?

উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।

প্ৰশ্ন : শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৬৫ চনত।

প্ৰশ্ন : ‘ৰংঘৰ কোনে সাজিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

প্ৰশ্ন : অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?

উত্তৰ : ডিগবৈ।

প্ৰশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?

উত্তৰ : তেজপুৰ।

প্ৰশ্ন : ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : ১৭৫২ চনত।

প্ৰশ্ন : দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?

উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।

প্ৰশ্ন : সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?

উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।

প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?

উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

প্ৰশ্ন : লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ড° তিলোত্তমা গগৈ।

প্ৰশ্ন : যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট। তেখেত কোন বাৰু?

উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।

প্ৰশ্ন : শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ?

উত্তৰ : শিৱ দ’ল।

প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : চিত্ৰাচল।

প্ৰশ্ন : শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : শিৱসাগৰ।

প্ৰশ্ন : প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

প্ৰশ্ন : ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?

উত্তৰ : উমানন্দ।

প্ৰশ্ন : কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল?

উত্তৰ : ১৬৬৫ চনত।

প্ৰশ্ন : অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : উত্তৰ গুৱাহাটী।

প্ৰশ্ন : হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্ত্তি আদি শ্ৰী সূৰ্য পাহাৰত দেখা যায়। এই পাহাৰ খন থকা অসমৰ জিলা খনৰ নাম কি?

উত্তৰ : গোৱালপাৰা।

প্ৰশ্ন : কামাখ্যা মন্দিৰটো গুৱাহাতীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : নীলাচল পাহাৰত।

প্ৰশ্ন: কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?

উত্তৰ : সৌভাগ্য কুণ্ড।

প্ৰশ্ন : অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?

উত্তৰ : পোৱা মক্কা (হাজো)।

প্ৰশ্ন : পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

প্ৰশ্ন : গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?

উত্তৰ : তিৰুপতি বালাজী মন্দিৰ।

প্ৰশ্ন : গুৱাহাটী মহানগৰী ‘পঞ্চতীৰ্থ’ নামেৰে জনাজাত। ইয়াৰ চাৰিখন তীৰ্থ হ’ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চম খন তীৰ্থ কি?

উত্তৰ : অশ্বক্লান্ত।

প্ৰশ্ন : বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : বেলশৰ (নলবাৰী)।

প্ৰশ্ন : গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?

উত্তৰ : তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

প্ৰশ্ন : মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰত।

প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৫২ চনত।

প্ৰশ্ন : শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই, ১৭৪৪ চনত।

প্ৰশ্ন : মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিঃমিঃ দূৰত অৱস্থিত?

উত্তৰ : ৩৪ কিঃ মিঃ।

প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।

২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।

৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

৬) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

উত্তৰ : ১৯০১ চনৰ পৰা।

৭) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।

৮) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

উত্তৰ : ১৮৬৬ চনৰ পৰা।

৯) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।

১০) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।

প্ৰশ্ন : অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।

২) প্ৰশ্ন : অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।

৩) প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।

৪) প্ৰশ্ন : প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।

৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?

উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।

৬) প্ৰশ্ন : আহোম আৰু মোগলৰ মআজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।

৭) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

৮) প্ৰশ্ন : ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।

৯) প্ৰশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?

উত্তৰ : মহম্মদ ইবন বখ্‌তিয়া।

১০) প্ৰশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

১১) প্ৰশ্ন : ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন : শস্যৰ খেতি আৰু চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি?

উত্তৰ : বিহু।

২) প্ৰশ্ন : ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে?

উত্তৰ : অসমীয়া নৱবৰ্ষ।

৩) প্ৰশ্ন : অসমৰ চাহ জনজাতীয় লোক সকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি?

উত্তৰ : টুচু-পূজা।

৪) প্ৰশ্ন : ৰাভা সকলে পালন কৰা বসন্ত উৎসৱটোক কি নামে জনা যায়?

উত্তৰ : বাইখো।

৫) প্ৰশ্ন : অসমৰ কোন খন ঠাইত অতি উৎসাহ – উদ্দীপনাৰে ‘শিৱৰাত্ৰি’ পালন কৰা হয়?

উত্তৰ : শিৱসাগৰৰ শিৱদ’ল।

৬) প্ৰশ্ন : কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথম বাৰৰ বাবে বিহু পতাকা খন অংকন কৰিছিল?

উত্তৰ : নিপ বৰুৱা।

৭) প্ৰশ্ন : কামাখ্যা দেৱীৰ মন্দিৰত ‘তান্ত্ৰিক’ শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি?

উত্তৰ : অম্বুবাচী মেলা।

৮) প্ৰশ্ন : অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ : বিহু।

৯) প্ৰশ্ন : মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একলগ হৈ খেৰ-নৰাৰে সজা ঘৰৰ চাৰিওফালে প্ৰীতি ভোজ খায়। এই নৰাৰ ঘৰটোক কি বোলে?

উত্তৰ : ভেলা ঘৰ।

প্ৰশ্ন : তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি?

উত্তৰ : গামোছা।

২) প্ৰশ্ন : অসমীয়া মানুহে বিশিষ্ট ব্যক্তি সকলক গামোছাৰে কি জনায়?

উত্তৰ : সম্বৰ্দ্ধনা, শ্ৰদ্ধা।

৩) প্ৰশ্ন : অসমীয়া পুৰুষ সকলে পৰিধান কৰা মুখ্য পোছাক কি?

উত্তৰ : ধুতি – চুৰিয়া।

৪) প্ৰশ্ন : অসমীয়া মহিলা সকলৰ প্ৰধান সাজ-পোছাক কি?

উত্তৰ : মেখেলা – চাদৰ।

৫) প্ৰশ্ন : বিহু নৃত্য পৰিবেশনৰ সময়ত অসমীয়া মহিলাই হাতত কি পিন্ধে?

উত্তৰ : গামখাৰু।

৬) প্ৰশ্ন : অসমীয়া লোক সকলে ৰঙালী বিহুৰ সময়ত আত্মীয় – স্বজনক কিদৰে শুভেচ্ছ জনায়?

উত্তৰ : গামোছাৰে।

৭) প্ৰশ্ন : সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ২০০০ চনত।

৮) প্ৰশ্ন : বিশেষকৈ মাঘৰ বিহুত চাউলৰ গুড়িৰে কি বনোৱা হয়?

উত্তৰ : পিঠা।

৯) প্ৰশ্ন : অসমীয়া লোকৰ নীতি অনুসৰি নৱজাতক শিশু জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসটোৰ নাম কি?

উত্তৰ : গাননি।

১০) প্ৰশ্ন : অসমৰ প্ৰধান লোক-সংগীত সমূহৰ নাম কি কি?

উত্তৰ : আইনাম, বিয়ানাম, গোৱালপৰীয়া লোকগীত, কামৰুপী লোকগীত, বিহুগীত, বনগীত, জিকিৰ-জাৰী ইত্যাদি

Related Keywords

assamese gk,
assamese gk mock test,
assamese gk 2021,
assamese gk question answer,
assamese gk pdf,
assamese gk book,
assamese gk quiz,
assamese gk in assamese language,
assamese gk book pdf,
assamese gk assam,
assamese gk app download,
assam gk assamese quiz,
assam gk assamese language,
assam gk question assamese language,
assamese books and authors gk,
assamese bulbul hussain all gk,
assamese gk bulbul hussain,
assam gk book,
assam gk book for apsc,
assam gk book 2021,
assamese general knowledge book,
assam gk by sailen baishya pdf,
assamese gk.com,
assam gk.com,
assam gk current affairs,
assam gk current affairs 2020,
assamese culture gk,
assam culture gk,
assam culture gk pdf,
assam career gk,
assamese gk duniya,
assamese gk pdf download,
assamese gk book download,
gk duniya assamese literature,
assamese g k,
assam gk for apsc,
assam gk for apsc pdf,
assam gk for competitive exams,
assam gk for competitive exams pdf,
assam gk for pnrd,
assam gk for apsc exam,
assam gk for pspcl pdf,
assam gk for si,
assam gk gkduniya,
assam gk grade 4,
assam geography gk pdf,
assam geography gk,
assam geography gk pdf download,
assam gk whatsapp group,
assamese gk history,
assam gk history,
assam gk hindi,
assam gk hindi pdf,
assam gk hindi me,
assam history gk pdf,
assam history gk question and answer pdf download,
assam history gk pdf download,
assamese gk in assamese,
assam gk in assamese language,
assam gk in assamese,
assam gk 2020 in assamese language,
assam gk 2021 in assamese language,
assam history gk in assamese language,
assam gk pdf in assamese,
assam job gk,
assam gk knowledge,
assam ka gk in hindi,
assam gk latest,
assamese literature gk,
gk assamese language,
assamese language gk question answer,
assamese language gk question,
general knowledge assamese language,
assam literature gk pdf,
assam latest gk 2020,
assamese gk mcq,
assamese medium gk,
assam gk new update,
assam gk notes,
assam gk new,
new assamese gk,
new assamese gk 2020,
assam gk online mock test,
assam gk online test,
assam gk online,
assam gk objective,
assam gk on literature,
assam oil gk,
assam gk book online,
gk on assamese culture,
assam gk pdf ebook,
assam gk pdf 2020,
assam gk pdf in bengali,
assam gk pdf file download,
assam gk previous year question paper,
assam general knowledge pdf free download,
assamese gk question answer pdf,
assam gk questions,
assam gk question and answer pdf,
assam gk question in hindi,
assam gk quiz pdf,
assamese general knowledge questions and answers pdf,
assam related gk,
assam rifles gk question,
assam recent gk,
assam rifles gk,
assam reasoning gk question answer,
assam related gk pdf,
assamese gk questions,
assamese gk,
assamese gk video,
assam gk video,
assamese general knowledge video,
assam gk website,
assam gk wikipedia,
assam gk with answers,
assam gk youtube,
assam general knowledge mock test,
assam history gk mock test,
assam gk mock test,
assam gk test online,
assam gk test,
assam gk mock test in english,
assamese g.k question,
assamese gk 2021 pdf,
assam gk 2021 in assamese language axomiaii.com,
assam gk 2021 in assamese language pdf,
which language is used in assam,
assam gk 2021 book,

 

Disclaimer

এই পোষ্টত সন্নিবিষ্ট তথ্যহৈছে অসম সাকোৰিৰ লেখকৰ এক স্ব-অধ্যয়ন। আৰু কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে প্ৰদান কৰা হয়। সকলো তথ্য শুদ্ধ আৰু সঠিক ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিছিল কিন্তু কিছুমান ক্ষেত্ৰত, প্ৰশ্ন/বিকল্প/উত্তৰত ত্ৰুটি হ’ব পাৰে সেয়েহে ভুল তথ্য প্ৰদান কৰাৰ বাবে কোনো জাতি/সম্প্ৰদায়/জনজাতি/ধৰ্মৰ অনুভূতিক আঘাত নকৰিব, আৰু যদি এনে ত্ৰুটি হয় তেন্তে অনুগ্ৰহ কৰি আমাক তলত মন্তব্য কৰক/আমাক ইমেইল কৰক আৰু ইয়াক যিমান সম্ভৱ সোনকালে শুদ্ধলৈ সংশোধন কৰা হ’ব।

Leave a Comment