Class 6 assamese question answer

class 6 Assamese question answer – ষোড়শ শ্ৰেণী ৰ অসম প্ৰশ্ন উত্তৰ অসম টাইমছে প্ৰদান কৰা হৈছে ইণ্টাৰনেটৰ লগতে আন বহুতো অফলাইন কিতাপত উপলব্ধ সৰ্বশ্ৰেষ্ঠ সমলসমূহৰ ভিতৰত এটা। Class 6 assamese question answer এই ষোড়শ শ্ৰেণীৰ অসম প্ৰশ্নৰ উত্তৰ অসম ৰাজ্যিক পৰিষদৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। আমি নিশ্চিত কৰোঁ যে এয়া হৈছে সৰ্বশ্ৰেষ্ঠ আৰু ত্ৰুটিহীন শ্ৰেণী 6 অসমী গ্ৰন্থ সমাধান। আপুনি এই সমলটো সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰে। এই শ্ৰেণী 6 অসম গ্ৰন্থ প্ৰশ্নউত্তৰ টো আমাৰ অসম টাইমছৰ শ্ৰেষ্ঠ অনুষদৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে আৰু লগতে বোৰ্ড টপাৰ আৰু অন্যান্য ৰত্ন অনুষদৰ দ্বাৰা ও পৰীক্ষা কৰা হৈছে। যদি আপুনি আমাৰ পৰা শিকে তেন্তে পাঠ্য পুথি সমাধানৰ বাবে আন কোনো কিতাপ ক্ৰয় কৰাৰ প্ৰয়োজন নাই। ইয়াত আমি আপোনাক সম্পূৰ্ণ ষোন্ন শ্ৰেণী 6 অসমী গ্ৰন্থ প্ৰশ্নউত্তৰ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিম। যদি আপুনি সঠিক বুজাবুজিৰে এই সমাধানটো অতি মনোযোগেৰে পঢ়ে আৰু তাৰ পিছত নিজে প্ৰশ্নবোৰ মনত ৰাখক আপুনি আপোনাৰ আগন্তুক পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰিব পাৰে।

class 6 assamese question answer

চাৰ্ট শ্ৰেণী ৬ অসম গ্ৰন্থ প্ৰশ্নউত্তৰ অসম টাইমছে প্ৰস্তুত কৰিছে। Class 6 assamese question answer এই সমাধানত, আমি আপোনাক 6 ম শ্ৰেণীৰ অসমীগ্ৰন্থৰ সকলো 15 টা অধ্যায় সমাধান প্ৰদান কৰিম। আমি প্ৰতিটো অধ্যায়ৰ প্ৰতিটো প্ৰশ্নক এক বিতং ব্যাখ্যাৰে সামৰি লওঁ। এই স্চাৰ্ট শ্ৰেণী 6 অসমী কিতাপ প্ৰশ্ন উত্তৰে আপোনাক অধ্যায়টোৰ বিষয়ে আপোনাৰ ধাৰণাটো পৰিষ্কাৰ কৰাত সহায় কৰে আৰু লগতে আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতিত আপোনাক সহায় কৰে। ইয়াত, আপুনি ষোচ্ছ শ্ৰেণীৰ অসমী অধ্যায় সমাধানৰ এখন তালিকা পাব। আপোনাক সম্পূৰ্ণ ষৰ্থ শ্ৰেণী ৰ শ্ৰেণী প্ৰদান কৰা অসম টাইমছ ৰ প্ৰশ্নউত্তৰ 100% বিনামূলীয়াকৈ। যদি আপুনি অসম ৰাজ্যিক পৰিষদৰ ছাত্ৰ তেন্তে এই স্চাৰ্ট শ্ৰেণী 6 অসমী কিতাপ টোকাবোৰে আপোনাক আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি বৃদ্ধি কৰাত সহায় কৰে।

হোৱাতোকৈ আপোন

Lesson 1 হোৱাতোকৈ আপোন

 . কোৱা আৰু লিখা 

কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে  ?

উত্তৰ – নিজৰ আইক নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক ।

কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে ?

উত্তৰ – গাঁও-নগৰ , জান-জুৰিৰ কথা কৈছে ।

কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে ?

উত্তৰ – নিজৰ মাতৃভাষাৰে ।

কবিয়ে জগতখন কাৰ কাৰ যুগেদি চিনি পাবলৈ আশ কৰিছে ?

উত্তৰ – নিজৰ আই নিজৰ দেশ খন আৰু নিজৰ মাতৃভাষাৰ যুগেদি চিনি পাবলৈ আশা কৰিছে ।

সুবিশাল পৃথিৱীত কাৰ  ‘তে , কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ?

উত্তৰ – সকলোৰে স ‘তে হাতে – হাতে ধৰা – ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ।

 ) কবিতাটিৰ মূলভাব লিখা  :

 উত্তৰ – কবিতাটোত কবিয়ে আই দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে – ইয়াৰ কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালো । আৰু আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে ওপজা ঠাই খনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম সৈফালৰ পৰা দেশখন আমাৰ বাবে আপোন  আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন  বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভষাৰে মনৰ ভাব প্ৰকাশ কৰিব পাৰু  সেইফালৰ পৰা মাতৃভষা আমাৰ বাবে সবাতোকৈ আপোন  ।

 ) পাঠৰ পৰা অন্ত্যধ্বনি থকা শব্দবোৰ মিলাই লিখা 

উত্তৰ – আই – চিনাই

চহকী – চিনাকী

সুৰীয়া – কুমলীয়া

জগত – লগত

সুখ   –  দুখ

বাক্য ৰচনা কৰা 

শুৱনি – পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে ।

সুৰীয়া – আমাৰ মাতৃভাষা সুৰীয়া  নহলেও আমাৰ বাবে সদায় আপোন ।

ধুনীয়া – পঞ্চী দেশিবলৈ ধুনীয়া যদিও পঢ়িৱলৈ  নোৱাৰে ।

চহকী – মানুহজন চহকী যদিও অহংকাৰী নহয় ।

কুমলীয়া – ৰহিমে নিজৰ মননৰ ভাব ঋষভৰ আগত কুমলীয়া ভাবে প্ৰকাশ কৰিলে ।

সুবিশাল – সুবিশাল পৃথিৱীত হাতে – হাতে ধৰা -ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ।

তলত দিয়া শব্দবোৰৰ নঞৰ্থক ৰূপবোৰ লিখা 

হ ‘ ব – নহ ‘ ব

ধোওঁ – নোধোওঁ

শুনা – নুশুনা

কৰোঁ –  নকৰোঁ

খেলোঁ – নেখেলোঁ

যাম – নাযাম

দিম – নিদিম

লিখোঁ – নিলিখোঁ

১১উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা 

ক) মই মোৰ আইক ভাল  পাওঁ ।

খ) মই মোৰ মাতৃভাষাক সন্মান কৰোঁ ।

গ) আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰো ।

১৬সাঁথৰ ভঙা 

ক) নাকত বহি

কাণত ধৰে

এনে কি বস্তু

ভাল পায় নৰে ?

উত্তৰঃ চছমা

খ) ক আইটি টপৰাই ,

কাঢ়ি নিলে বাঢ়ি যায় ।

উত্তৰঃ  সূতা ।

গ) দি মৰিল কোন ?

উত্তৰঃ দধীচি ।

ঘ) নি মৰিল কোন ?

উত্তৰঃ  ৰাৱন ।

ঙ) নিদি মৰিল কোন  ?

উত্তৰ – দুৰ্যোধন ।

চ) নকৈ মৰিল কোন ?

উত্তৰ – জয়মততী ।

বুধিয়ক বীৰবল

প্ৰশ্ন ১ । তলৰ ছবি দুখনে সাধুটোৰ কোন অংশ প্ৰকাশ কৰিছে কোৱা । 

(পাঠ‍্যপুথিত ছবি দুখন চাই লোৱা ।) 

উত্তৰঃ প্ৰথম ছবি :- বীৰবলে সম্ৰাট আকবৰৰ সম্মুখত ফেঁচা দুটাৰ কথোপকথন ব্যাখ্যা কৰিছে ।

দ্বিতীয় ছবি :- দুখন অৰণ্যৰ ৰজা ফেঁচা দুটাৰ সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে ।

প্ৰশ্ন ২ । ‘বুধিয়ক বীৰবল’ কাহিনীটো নিজৰ কথাৰে কোৱা ।

উত্তৰঃ ডেকা বয়সত সম্ৰাট আকবৰ চিকাৰ প্রিয় আছিল । তেওঁ চিকাৰলৈ যাওঁতে বীৰবলক লগত নিছিল । বীৰবলে কিন্তু সম্ৰাটৰ চিকাৰকাৰ্য ভাল নাপাইছিল । কিন্তু এই কথা ক’লে সম্ৰাটে বেয়া পাব বুলি ভয় কৰিছিল ।

এদিনাখন চিকাৰলৈ যাওঁতে ভাগৰ লগাত দুয়ো এজোপা গছৰ তলত জিৰালে । গছজোপাত দুটা ফেঁচাই কুৰুলিয়াই আছিল । সিহঁতে কথা পাতি থকা যেন লাগিছিল ।তেতিয়া আকবৰে বীৰবলক ক’লে যে — বীৰবলে পশু-পক্ষীৰ মাত বুজি পায় বাবে তেওঁ ক’ব লাগে সেই ফেঁচা দুটাই কি কথা পাতি আছে । তেতিয়া বীৰবলে ফেঁচা দুটাৰ কথা শুনাৰ ভাও জুৰি ক’লে যে— দুখন অৰণ্যৰ ৰজা সেই ফেঁচা দুটাই সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে । ৰাজকোঁৱৰৰ পিতৃ ফেঁচাটোৱে সুধিছে যে বন্য সমাজৰ নিয়ম অনুসৰি ৰাজকন্যাৰ লগত বিয়াত  চল্লিশখন পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব নে নাযাব ।

তেতিয়া কন্যাৰ পিতাকে কৈছে যে বর্তমানে পঁচিশখনমানহে তেনে অৰণ্য দিব পৰা যাব । চল্লিশখন পশু-পক্ষী নথকা অৰণ্য দিবলৈ হ’লে আৰু দুমাহমান অপেক্ষা কৰিব লাগিব । তেতিয়া  চল্লিশখন কিয়, পঞ্চাশখনতকৈ অধিক পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব । তেতিয়া আকবৰে সুধিলে যে ফেঁচাটোৱে এই কথা কেনেদৰে ইমান দৃঢ়কৈ ক’ব পৰিছে । তেতিয়া বীৰবলে ক’লে যে– ফেঁচাটোৱে অনুমান কৰিছে যে সম্রাটে যিটো হাৰত চিকাৰ কৰি আছে, অচিৰেই আৰু বিশ-ত্ৰিশখন হৰিৰ পশু-পক্ষী নিঃশেষ হৈ যাব ।

বীৰবলে আওপকীয়াকৈ কোৱা কথাখিনিৰ গৃঢ়াথ আকবৰে বাৰুকৈয়ে উপলব্ধি কৰিলে। তেওঁ আৰু ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত ল’লে আৰু ৰাজপ্ৰসাদলৈ উলটি যাবলৈ ওলাল ।

প্ৰশ্ন ৩ । কোৱা আৰু লিখা । 

(ক) অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল ?

উত্তৰঃ সম্ৰাট আকবৰে ডেকা বয়সত চিকাৰ কৰি ভাল পাইছিল ।

(খ) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল ?

উত্তৰঃ ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল যে ফেঁচা দুটাই কি কথা পাতি আছে । বীৰবলে পশু-পক্ষীৰ মাত বুজি পোৱা বুলি আকবৰে ভাবিছিল।

(গ) আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল ?

উত্তৰঃ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কৈছিল  যে ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা । সিহঁতে দুটাই সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে ।

(ঘ) পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল ?

উত্তৰঃ পশু-পক্ষীহীন চল্লিশখন অৰণ্য দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল ।

(ঙ) ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল ?

উত্তৰঃ ৰাজকন্যাৰ পিতাকে বৰ্তমান পঁচিশখনমানহে পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব বুলি কৈছিল ।

(চ) ৰাজকন্যাৰ পিতাকে দুমাহ সময়  কিয় বিচাৰিছিল ?

উত্তৰঃ বন্য সমাজৰ নিয়ম অনুসৰি বর্তমান পশু-পক্ষীহীন চল্লিশখন অৰণ্য দিব পৰা অৱস্থাত নাছিল বাবে আৰু বৰ্তমান পঁচিশখনমানহে তেনে অৰণ্য থকা বাবে ৰাজকণ্যাৰ পিতৃয়ে দুমাহ সময় বিচাৰিছিল ।

(ছ) অৰণ্যত চিকাৰ কৰি থাকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল ?

উত্তৰঃ সম্ৰাটে অৰণ্যত অহৰহ চিকাৰ কৰি থাকিলে অৰণ্যৰ পশু-পক্ষী নিঃশেষ হৈ যাব বুলি ৰাজকণ্যাৰ পিতৃ ফেঁচাটোৱে অনুমান কৰা বুলি বীৰবলে কৈছিল ।

(জ) বীৰবলে কোৱা কথাখিনি  শুনি  আকবৰে কি উপলব্ধি কৰিলে ?

উত্তৰঃ বীৰবলে কথাখিনি  শুনি  আকবৰে উপলব্ধি কৰিলে যে এনেদৰে চিকাৰ কৰি থাকিলে বনৰ পশু-পক্ষী শেষ হৈ যাব ।

(ঝ) আকবৰে শেষত কি কৰিলে ?

উত্তৰঃ আকবৰে শেষত ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত কৰিলে আৰু ৰাজপ্ৰসাদলৈ উভতি যাবলৈ ওলাল ।

প্ৰশ্ন ৪ । পাঠটোৰ কঠিন শব্দবিলাকৰ অৰ্থ শিক্ষকক সুধি বা শব্দ সম্ভাৰ চাই জানি লোৱা ।

উত্তৰঃ (শব্দ সম্ভাৰ চাই লোৱা)

প্ৰশ্ন ৫ । দলত আলোচনা কৰি উত্তৰ লিখা ।

(ক) আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু-পক্ষীৰ মাত বুজি পাইছিল নে ? যদি বুজি পোৱা নাছিল, তেনেহ’লে কিয় বুজাৰ ভাও জুৰিছিল ?

উত্তৰঃ আকবৰে কোৱাৰ দৰে বীৰবলে আচলতে পশু-পক্ষীৰ মাত বুজি পোৱা নাছিল । কিন্তু প্ৰখৰ উপস্থিত বুদ্ধিৰ অধিকাৰী বীৰবলে মনতে এটা কাহিনী সজাই লৈ আকবৰৰ চিকাৰকাৰ্যৰ পৰা বিৰত কৰাৰ উপায় উলিয়ালে । সেয়েহে তেওঁ তেনেদৰে  কাণ পাতি ফেঁচা দুটাৰ কথা-বতৰা শুনাৰ ভাও জুৰিলে ।

(খ) উপস্থিত বুদ্ধিৰে  বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে ?

উত্তৰঃ উপস্থিত বুদ্ধিৰ সহায়ত বীৰবলে সম্ৰাটৰ চিকাৰকাৰ্য বন্ধ কৰিবলৈ সক্ষম হ’ল । সম্ৰাটে চিকাৰ কৰাটো বীৰবলে ভাল নাপাইছিল ।কিন্তু সম্ৰাটক এই কাৰ্যৰ পৰা বিৰত কৰিবলৈ পোনপটীয়াকৈ কব’লৈ সাহস কৰা নাছিল । শেষত নিজৰ উপস্থিত বুদ্ধিৰ বলতে বীৰবলে এটা কাহিনীৰ সৃষ্টি নিজৰ উদ্দেশ্য সাধন কৰিলে ।

প্ৰশ্ন ৬ । কোনে কাক কিয় কৈছিল ?

(ক) “কি কাৰণে সি আৰু তেনেদৰে বুকু ডাঠি ক’ব পৰিছে ?”

উত্তৰঃ প্ৰশ্নত দিয়া কথাষাৰৰ বক্তা হ’ল সম্ৰাট আকবৰ । তেওঁ কথাখিনি বীৰবলক কৈছিল । গছৰ ডালত কুৰুলিয়াই থকা ফেঁচা দুটাৰ কথোপকথন বুজি পোৱাৰ ভাও জুৰি বীৰবলে কৈছিল যে — ৰাজকন্যাৰ ফেঁচা-পিতৃয়ে দুমাহৰ পাছত পঞ্চাশখনতকৈও অধিক জীৱ-জন্তুহীন অৰণ্য দিব পৰা যাব । তেতিয়া বীৰবলৰ সেই কথা শুনি আকবৰে কথাষাৰ কৈছিল ।

(খ) “আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ’ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল । গতিকে ব’লা, ৰাজপ্ৰসাদলৈ উভতি যাওঁ ।”

উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কথাখিনি আকবৰে বীৰবলক কৈছিল । উপস্থিত বুদ্ধিসম্পন্ন বীৰবলে ফেঁচা দুটাক লৈ এটা কাহিনীৰ সৃষ্টি কৰি সম্ৰাটৰ মন সলনি কৰিলে । তেতিয়াই আকবৰে ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত কৰি উক্ত কথাষাৰ কৈছিল ।

প্ৰশ্ন ৭ । পাঠটো  পঢ়ি যুক্তাক্ষৰ থকা শব্দকেইটা বিচাৰি উলিওৱা আৰু প্ৰতিটো যুক্তাক্ষৰেৰে দুটাকৈ নতুন শব্দ লিখা ।

যেনে – চল্লিশ      ল্ল        দিল্লী     কল্লোল

উত্তৰঃ  সম্ৰাট      ম্ৰ         তাম্ৰ      নম্ৰ

কাৰ্য      ৰ্য         সূৰ্য     দুৰ্যোধন

কিন্তু        ন্তু         সন্তুষ্ট     জন্তু

বিতুষ্ট       ষ্ট          দুষ্ট        কষ্ট

অৰণ্য      ণ‍্য         পণ‍্য      নগণ্য

সন্তান      ন্ত         শান্ত     অনন্ত

বন্য        ন্য         ধন্য     মান্য

উত্তৰ      ত্ত        উত্তম    উত্তীৰ্ণ

পাত্রী      ত্র        ত্ৰিশ      পাত্ৰ

পিতৃ      তৃ        ভাতৃ     মাতৃ

পঞ্চাশ    ঞ্চ       পঞ্চম    অঞ্চল

উপলদ্ধি     দ্ধ‍        লব্ধ       –

ফলপ্ৰসূ      প্ৰ        প্ৰস্থান     বিপ্ৰ

ভৱিষ্যতে     ষ্য        শিষ‍্য     ভৱিষ্যদ্বক্তা

প্ৰশ্ন ৮ ।পাঠটোত পশুপক্ষী, জীৱ-জন্তু আদিৰ যুৰিয়া শব্দ পাইছা । এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ । দলত ভাগ হৈ বিভিন্ন যুৰিয়া শব্দ লিখা ।

উত্তৰঃ মানুহ- দুনুহ, চৰাই-চিৰিকটি, গছ-গছনি, কাপোৰ-কানি, ৰজা-প্ৰজা, ভাত-পানী, সুখ-দুখ, নদ-নদী, জান-জুৰি, পৰ্বত-পাহাৰ, খাল-বিল, আও-ভাও, নীতি-নিয়ম, ৰীতি-নীতি, কাগজ-কলম, আৱেগ-অনুভূতি, হাঁহি-কান্দোন, আই-বাই, পুথি-পাঁজি, মাক-বাপেক, পিতৃ-মাতৃ, স্কুল-কলেজ, গান-বাজনা, গীত-মাত, খেল-ধেমালি, দোষ-গুণ, চিঠি-পত্ৰ, আদান-প্ৰদান, আমদানি-ৰপ্তানি, নাজল-নাথল, গাড়ী-মটৰ, ঘাত-পতিঘাত, চাকৰি-বাকৰি ইত্যাদি ।

প্ৰশ্ন ৯ । “সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে ।” এই বাক্যটোত ‘ভাও জুৰিলে’ খণ্ড বাক্যই এনেয়ে শুনি থকা যেন বুজাইছে ? তলৰ বাক্যবোৰত ব্যৱহাৰ হোৱা ‘জুৰিলে’ শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে কোৱা ।

(ক)  ভোজৰ ভাত-আঞ্জা কাণে কাণ মাৰিহে জুৰিলে।

উত্তৰঃ প্ৰয়োজনৰ জোখাৰে যথোচিত হোৱা বুজাইছে ।

(খ) ৰামচন্দ্ৰই ধনুত বাণ জুৰিলে ।

উত্তৰঃ ধনুত বাণ লগোৱা বুজাইছে ।

(গ) তাঁত-বাটি জুৰিলে বোৱানীৰ গাত ত‍ৎ নাথাকে ।

উত্তৰঃ আৰম্ভ কৰা বুজাইছে ।

(ঘ) পুনীযে পুখুৰী জুৰিলে তাৰ যথোচিত হোৱা বুজাইছে ।

উত্তৰঃ ভৰি পৰা বুজাইছে ।

প্ৰশ্ন ১০। “কোৱাচোন, এই ফেঁচা দুটাই কি কথা পাতি আছে !” 

ওপৰৰ বাক্যটোত ব্যৱহাৰ হোৱা ‘কথাপাতি’ বাক্যাংশই আলোচনা কৰা অৰ্থ প্ৰকাশ কৰিছে । সেইদৰে ‘কথা’ শব্দটোৰ লগত আন শব্দ লগ লাগি গঠিত হোৱা জতুৱা ঠাঁচকেইটা চোৱা । শিক্ষকক সুধি অৰ্থ আৰু ব্যৱহাৰ জানি লোৱা ।

কথা ক        কথা ল         কথা-বতৰা

কথা হ        কথা চোৱা     কথা চহকী

উত্তৰঃ কথা-ক :- মুখেৰে প্ৰকাশ কৰ্; গোপনতা ভংগ  কৰ্ । যেনে — “জয়মতী, তই গিৰিয়েৰৰ কথা ক ।”

কথা ল :- প্ৰতিশ্ৰুতি আদায় কৰ । যেনে– “চলিহাই বৰুৱাৰ পৰা টকাখিনি সময়ত ঘূৰাই দিয়াৰ কথা ল’লে ।”

কথা-বতৰা :- কথোপকথন । যেনে — ” তেওঁলোকৰ কথা-বতৰাত আওতায়ো ভাগ লৈছিল ।”

কথা হ :- কোনো বিশেষ উদ্দেশ্যত আলোচনা কৰ্ । যেনে— “শৰ্মাই মন্ত্ৰীৰ লগত কথা হৈ পীড়িতসকলৰ বাবে সাহায্য দিবলৈ সাজু হ’ল ।”

কথা চোৱা :- প্ৰয়োজনে-অপ্ৰয়োজনে কথা কৈ থা্ক । যেনে— “মৌচুমীহঁতে লগৰীয়াৰ লগত কথা চোৱাই থাকোঁতে ৰে’ল-গাদীয়ে ষ্টেচন এৰি গুচি গ’ল ।”

কথা-চহকী :- বৰকৈ কথা কওঁতা । যেনে— “গাওঁবুঢ়া মানুহজন ইমান কথা-চহকী যে মেল পকাই থাকোঁতে আচল কামৰ কথা পাহৰি যায় ।”

প্ৰশ্ন ১১। বাক্য ৰচনা কৰা ।

কথা-চহকী, কথা চোৱা, কথা শুন, কথা ৰাখ্,

উত্তৰঃ কথা-চহকী :- নীলমণি খুড়া বৰ কথা-চহকী মানুহ আছিল ।

কথা চোৱা :- চুবুৰীয়াৰ লগত কথা চোৱাই থাকোঁতে বৰুৱানীৰ গা ধুবলৈকে সময় নহয় ।

কথা শুন :- শিক্ষকৰ কথা শুনিলেহে জীৱনত উন্নতি কৰিব পাৰি ।

কথা ৰাখ্ :- পূৰ্বতে দিয়া কথা ৰাখি ৰজাই সেনাপতিৰ পুত্ৰলৈ নিজ কন্যাক বিয়া দিলে ।

প্ৰশ্ন ১২ । তোমাৰ অঞ্চলত চৰাইৰ সংখ্যা আগতকৈ কমিছেনে বাঢ়িছে ? চৰাইবোৰ কি কাৰণত কমি যায় ? চৰাইৰ সংখ্যাৰ লগত গছ-গছনিৰ সম্পৰ্ক কি ? দলত আলোচনা কৰা । প্ৰয়োজনবোধে শিক্ষকৰ সহায় ল’বা ।

উত্তৰঃ আমাৰ গাঁৱৰ আশে-পাশে চৰাইৰ সংখ্যা আগতকৈ কমি গৈছে ।

চৰাইৰ সংখ্যা প্ৰধানকৈ চাৰিটা কাৰণত কমি যায়—

(ক) খাদ্যৰ অভাৱ,

(খ) বাসস্থানৰ অভাৱ

(গ)  চৰাই-চিকাৰ, আৰু

(ঘ) মহামাৰী

খেতিপথাৰ আৰু জলাশয়বোৰত মানুহে ঘৰ সজাইছে, কল-কাৰখানা স্থাপন কৰিছে ।ফলত শস্য, মাছ-পুঠি, শামুক, ভেকুলী আদি খোৱা চৰাই কমি গৈছে ।চৰাইৰ প্ৰাকৃতিক আবাসস্থল যেনে খাল-বিল, বনাঞ্চল আদিত বেদখল হোৱাৰ ফলতে চৰাইৰ কমি গৈছে । কিছুমান চোৰাং চিকাৰী আৰু খকুৱা মানুহৰ অত্যাচাৰতো বহুতো চৰাইৰ মৃত্যু হয় ।’এভিয়ান’ অৰ্থাৎ ‘বাৰ্ড ফ্ল’ৰ দৰে মহামাৰীৰ ফলত অজস্ৰ চৰাই মৃত্যুমুখত পৰে ।

চৰাইৰ সংখ্যা প্ৰধানকৈ নিৰ্ভৰ কৰে সিহঁতৰ প্ৰধান আশ্ৰয়স্থল গছ-গছনিৰ সংখ্যাৰ ওপৰত । বেছিভাগ চৰায়ে গছত বাস কৰে । কম সংখ্যক চৰায়েহে দলনি, পৰ্বত-পাহাৰৰ শিলৰ ফাঁক, ধাননি পথাৰ বা ঘাঁহনি, নদীৰ পাৰৰ মাটি আদিত বাহ সাজে । মানুহে গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰাৰ ফলত সিহঁতৰ আশ্ৰয়স্থল নোহোৱা হৈছে । সেইবাবে সিহঁতৰ শ্রীবৃদ্ধি কমি গৈছে । আনকি শগুণৰ দৰে কিছুমান চৰাই ওখ গছৰ অভাৱত দুষ্প্ৰাপ্য হৈ পৰিছে ।

প্রশ্ন ১৩ । অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম লিখা । কেইখন ৰাষ্ট্ৰীয় উদ্যান কি কাৰণে বিখ্যাত, শিক্ষকক বা ডাঙৰক সুধি লৈ তিনি-চাৰিটা বাক্যত লিখা ।

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখন হ’ল–

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

(খ) মানস ৰাষ্ট্ৰীয় উদ্যান

(গ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান

(ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু

(ঙ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ।

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান :- এই অভয়াৰণ্যত প্ৰধানকৈ এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত। নগাঁও, গোলাঘাট আৰু শোণিতপুৰ জিলাৰ ৪৩০ বৰ্গ কিলোমিটাৰ এলেকা জুৰি কাজিৰঙা অৱস্থিত । গঁড়ৰ উপৰি কাজিৰঙাত বাঘ,হাতী, বনৰীয়া ম’হ, বিভিন্ন চৰাই আদি প্ৰচুৰ পৰিমাণে পোৱা যায় ।

(খ) মানস ৰাষ্ট্ৰীয় উদ্যান :- এই অৰণ্য বনৰীয়া হাতী আৰু বনৰীয়া ম’হৰ বাবে বিখ্যাত । পশ্চিম অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰেৰে ভূটানৰ নামনিত ৩৬০ বৰ্গ কিলোমিটাৰৰ এই অৰণ্য অতিশয় সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ । ইয়াত সোণালী বান্দৰ, হলৌ বান্দৰ, ধনেশ, বাঘ অজস্ৰ প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায় ।

(গ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান :- এই আৰণ্যখনক ১৯৯৯ চনৰ ১৩ আগষ্টত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল । ৭৮,৮১ বৰ্গ কিলোমিটাৰৰ অৰণ্যখন ক’লা ডিঙিৰ বগলী, পেলিকান, এশিঙীয়া গঁড়, বনৰীয়া হাতী, বাঘ আদিৰ বাবে বিখ্যাত । ইয়াত অলেখ প্ৰজাতিৰ চৰাই, সৰীসৃপ আদি আছে।

(ঘ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান :- মধ্য অসমৰ জিয়াভৰলীৰ পাৰে পাৰে, অৰুণাচল প্ৰদেশৰ নামনিত এই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত । ৰঙা পাণ্ডা, বাঘ, ধোঁৱাবৰণীয়া নাহৰফুটুকী বাঘ আদিৰ বাবে এই অৰণ্য বিখ্যাত । ইয়াত বিভিন্ন প্ৰজাতিৰ অজস্ৰ পখিলাও পোৱা যায় ।

(ঙ)ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান :- এইখিনি ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে পৃথিৱী বিখ্যাত । দক্ষিণৰ পাটকাই পৰ্বত, ব্ৰহ্মপুত্ৰ নদ, উত্তৰৰ অৰুণাচলৰ পৰ্বত আদিৰ মাজতে সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আৰণ্যখন অৱস্থিত । পৃথিৱীৰ ১৯ টা শ্ৰেষ্ঠ জৈৱ-বৈচিত্ৰ্যৰ কেন্দ্ৰৰ ভিতৰত ডিব্ৰু-চৈখোৱাও অন্যতম । ডিব্ৰু আৰু চৈখোৱা এই দুখন অভয়াৰণ্যক ১৯৮৬ চনত একেলগে কৰা হয় আৰু ১৯৯৯ চনত ৩৪০ বৰ্গ কিলোমিটাৰৰ অৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয় ।

প্ৰশ্ন ১৪ । তলৰ তালিকাখনৰ কোনকেইবিধ চৰাই তুমি চিনি পোৱা ? চিনি পোৱা যিকোনো তিনিবিধ চৰাইৰ বিষয়ে তিনি-চাৰিটা বাক্য লিখা ।

উত্তৰঃ  প্ৰশ্নত দিয়া তালিকাখনৰ ভিতৰত  চিনি পোৱা চৰাইবোৰ হৈছে—-

১৷ শালিকা, ২৷ ভাটৌ, ৩। বৰটোকোলা, ৪। পানী-কাউৰী, ৫। ডাউক, ৬।ঘনচিৰিকা, ৭। কুলি, ৮। পাটমাদৈ, ৯। শৰালী, ১০। বুলবুলি, ১১। বগলী, ১২। চিলনী, ১৩। শগুন, ১৪। মাছৰোকা, ১৫। কণামুচৰি, ১৬। কপৌ, ১৭। পাৰ, ১৮। টোকোৰা, ১৯। মৌ-পিয়া, ২০। ৰাজহাঁহ আৰু ২১। মইনা ।

শালিকা :- শালিকা অসমৰ সকলো ঠাইতে দেখা যায় । ই শস্যৰ দানা, পোক-পৰুৱা, মানুহে দিয়া বিস্কুটৰ টুকুৰা আদি খায় । মেকুৰী, সাপ আদি দেখিলে শালিকাবোৰে বৰকৈ চিঞৰে । শালিকাই সহজতে মানুহৰ পোহ মানে আৰু মানুহৰ বহুতো কথা বুজিও পায় ।

বৰটোকোলা :- বৰটোকোলাই ওখ গছত জেং-জোঙেৰে বাহ সাজে । ই বৰ ডাঙৰ চৰাই । সাপ, ভেকুলী, কুচিয়া, মাছ আদিৰ লগতে মৰা গৰু-ছাগলীৰ মাংসৰ টুকুৰাও খায় । ইয়াক প্ৰায়ে পথাৰ, বাম জলাশয় আদিত দীঘল ঠেং আৰু প্ৰকাণ্ড ঠোঁটটোৰে গহীন গহীনকৈ চিকাৰ কৰি থকা দেখা যায় ।

কুলি :- কুলি চৰাই বৰ শুৱলা মাতটোৰ কাৰণে বিখ্যাত । বসন্ত কালত অসমৰ হাবি-বননিয়ে কুলিৰ মাত শুনা যায় । মতা কুলিটো কিচ্কিচীয়া ক’লা বৰণৰ তাইৰ মাতটো বৰ উগ্ৰ । কুলি চৰাইৰ চকু ৰঙা ।

প্ৰশ্ন ১৫ । চৰাইৰ ছবি কেইখন চোৱা আৰু তলত নামটো লিখা ।

উত্তৰঃ   শগুন        কুলি         বুলবুলি

প্ৰকল্প :- তিনিবিধ চৰাইৰ নাম আৰু সেই চৰায়ে বাহ সজা ঠাই বা গছৰ নাম লিখা । কাষত প্ৰতিটো চৰাইৰ ঠোঁট আঁকি দেখুওৱা ।

সমাধান :-

অসমীয়া ভাষাৰ বিকাশৰ কথা

প্ৰশ্ন ১ । পাঠটো শুদ্ধ উচ্চাৰণেৰে খোকোজা নলগাকৈ পঢ়া ।

উত্তৰঃ (ছাত্ৰ ছাত্ৰী নিজে কৰা)

প্ৰশ্ন ২। উত্তৰ দিয়া ।

(ক) নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল ?

উত্তৰঃ নয়নাহঁতে খুড়াকৰ বিষয়ে অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল ।

(খ) হেম সৰস্বতীয়ে ৰচনা কৰা, তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি ?

উত্তৰঃ আমাৰ পাঠত উল্লেখ থকা হেম সৰস্বতীয়ে ৰচনা কৰা পুথিখনৰ নাম হ’ল ‘প্ৰহ্লাদ চৰিত্ৰ’ ।

(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি ?

উত্তৰঃ আখৰেৰে নিলিখা, মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যকে অলিখিত সাহিত্য বোলে । আখৰ চিনি নোপোৱা লোক সমাজত এনে সাহিত্যৰ সৃষ্টি হয় । অসমীয়া ভাষাত সাঁথৰ, মন্ত্ৰ,সাধুকথা, বিভিন্ন লোকগীত আদি অলেখ অলিখিত সাহিত্য প্ৰাচীন কালৰে পৰাই প্ৰচলিত হৈ আহিছে ।

(ঘ) ভাষা দুটা উপাদানৰ নাম লিখা ।

উত্তৰঃ ভাষাৰ দুটা অন্যতম প্ৰধান উপাদান হৈছে -ধৱনি আৰু শব্দ ।

(ঙ) অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে ?

উত্তৰঃ অসমীয়া ভাষাটোৱে খ্ৰীষ্টীয় দশম শতিকামানৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিছিল বুলি অনুমান কৰা হয় ।

(চ) ‘অসমীয়া’ শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল ?

উত্তৰঃ ইংৰাজী আমোলৰ সময়ত ‘অসমীয়া’ শব্দটোৰ প্ৰচলন বেছিকৈ হৈছিল ।

প্ৰশ্ন ৩ । শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা ।

ত্ৰয়োদশ, স্থানীয়, নিগাজি, স্বকীয়, আমোল

আবাসভূমি, উপাদান,অলিখিত, অনুকৃতি

উত্তৰঃ

শব্দ                          অৰ্থ

ত্ৰয়োদশ                  তেৰ সংখ্যক

স্থানীয়                   থলুৱা; নিজ অঞ্চলৰ

নিগাজি                  চিৰস্থায়ী

স্বকীয়                    নিজা

আমোল                  শাসন; প্ৰভুত্ব

আবাসভূমি              বসবাস কৰা ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ

উপাদান                  বস্তুৰ মূল পদাৰ্থ

অলিখিত                 আখৰেৰে নিলিখা

অনুকৃতি                 সদৃশ ৰূপ

প্ৰশ্ন ৪ । অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা ।

উত্তৰঃ ইতিহাসে ঢুকি পোৱা দিনৰো আগৰে পৰাই অসম ভূখণ্ড বিভিন্ন জনগোষ্ঠীৰ নিগাজি আবাসভূমি আছিল । সকলোৰে মাজত ভাব, ভাষা আৰু সংস্কৃতিৰ আদন-প্ৰদান হৈছিল । ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত সোমাই পৰিছিল। অসমীয়া ভাষাৰ উদ্ভৱকালতো স্থানীয় জনগোষ্ঠীয় ভাষাৰ দ্বাৰা অসমীয়া ভাষা ক’বলৈ লোৱা লোকসকলো প্ৰভাবান্ধিত হৈছিল । ভাব, ভাষা আৰু সংস্কৃতিৰ আদান-প্ৰদানৰ দ্বাৰা অসমীয়া ভাষাতো কালক্ৰমত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ বহুতো উপাদান সোমাই পৰিল ।

প্ৰশ্ন ৫ । উপযুক্ত যতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা ।

ভাষাৰ উপাদান মানে কি খুড়া নয়নাই সুধিলে খুড়াকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়েই ভাষাৰ উপাদান ।

উত্তৰঃ “ভাষাৰ উপাদান মানে কি খুড়া ?”—নয়নাই সুধিলে । খুড়াকে উত্তৰ দিলে– “ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়ে ভাষাৰ উপাদান ।”

প্ৰশ্ন ৬ । তলত দিয়া বিশেষণ পদবোৰ বিশেষ‍্য পদলৈ নিয়া ।

সুন্দৰ          প্ৰচলিত        স্থানীয়

ৰচিত         পৰিৱৰ্তিত     বিকশিত

উত্তৰঃ    বিশেষণ পদ              বিশেষ‍্য পদ

সুন্দৰ                       সৌন্দৰ্য

প্ৰচলিত‌                      প্ৰচলন

স্থানীয়                       স্থান

ৰচিত                        ৰচনা

পৰিৱৰ্তিত                  পৰিৱৰ্তন

বিকশিত                   বিকাশ

প্রশ্ন ৭ । তোমাৰ পাঠৰ পৰা পাঁচটা তৎসম শব্দ আৰু পাঁচটা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা ।

তৎসম শব্দ         বিদেশী মূলৰ শব্দ

উদাহৰণ    জন্ম              কাপ

১।

২।

৩।

৪।

৫।

উত্তৰঃ  তৎসম শব্দ               বিদেশী মূলৰ শব্দ

১। ত্ৰয়োদশ                    বেঞ্চ

২। প্ৰাচীন                      চকলেট

৩। পূৰ্ণ                         পে’ন

৪। সৃষ্টি                         ফুটবল

৫। যুগ                          বিস্কুট

প্রশ্ন ৮। তলৰ শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা । 

ধুনীয়া…..        নিগাজি…..

প্ৰাচীন…..       চকলেট…..

পুথি……         সামৰণি…..

উত্তৰঃ

ধুনীয়া–সুন্দৰ          নিগাজি–স্থায়ী

প্ৰাচীন–পুৰণি          পূৰ্বতে–আগতে

পুথি–কিতাপ           সামৰণি–সমাপ্তি

প্রশ্ন ৯। “প্ৰাকশংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুড়া ?” এইটো এটা প্ৰশ্নবোধক বাক্য । তোমালোকেও এনেধৰণৰ তিনিটা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা ।

উত্তৰঃ (ক)  আজি তোমালোকে ফুটবল খেলিবলৈ যাবানে ?

(খ) কোনটো ঋতুত শেৱালি ফুল ফুলে ?

(গ) অসমীয়া ভাষাৰ মূল কি ?

প্ৰশ্ন ১০। বাক্য ৰচনা কৰা ।

মিচিকিয়াই         চেনেহী         পুৰণি

ধন্যবাদ            সাহিত্য         যুগে যুগে

উত্তৰঃ  মিচিকিয়াই :- মহাৰাণীয়ে মিচিকিয়াই হাঁহি মহাৰাজাৰ পৰা উপহাৰটো গ্ৰহণ কৰিলে ।

চেনেহী :- বহুদিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি হেমাই দৌৰি ওলাই আহিল ।

পুৰণি :- পুৰণি কালৰ ৰীতি-নীতিবোৰ পালন কৰিবলৈ আজিকালিৰ মানুহে টান পায় ।

সাহিত্য :- সাহিত্যৰ জৰিয়তে একোটা জাতিৰ আশা-আকাংক্ষা প্ৰকাশ পায় ।

যুগে যুগে :- যুগে যুগে সমাজৰ নিয়ম সলনি হৈ গৈ থাকে ।

প্রশ্ন ১১। প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী । শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন ?

উত্তৰঃ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্রীমন্ত শংকৰদেৱ।

প্ৰশ্ন ১২। মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যক মৌখিক সাহিত্য বোলে । মৌখিক সাহিত্য বুলিলে সাধুকথা, আইনাম, ধাইনাম, বিহুনাম, বিয়ানাম আদিকে বুজা যায় । তুমি জনা এফাকি বিহুনাম আৰু এফাকি বিয়ানাম লিখা ।

উত্তৰঃ   এফাকি বিহুনাম :-

পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই

লতা বগাাবলৈ টান ।

বলীয়া হাতীকো বলাব পাৰোঁ মই

চেনাইক বলাবলৈ টান ।।

এফাকি বিয়ানাম :-

ৰাম ৰাম পানী তুলিবলৈ ।

ৰাম ৰাম সোণৰে কলচী ।

ৰাম ৰাম ৰূপেৰে কলচী লোৱা হে ।

ৰাম ৰাম যমুনাৰ ঘাটলৈ ।

ৰাম ৰাম উৰুলি জোঁকাৰে ।

ৰাম ৰাম দূৰে বাটে বুলি যোৱা হে ।।

কেইটামান জানিবলগীয়া কথা :-

১। অসমীয়া ভাষাত কিছুমান শব্দ সংস্কৃতৰ পৰা পোনে পোনে আহি সোমাইছে । এইবোৰ সংস্কৃতৰ ধৰণেই লিখা হয় । এই শব্দবোৰক তৎসম শব্দ বোলে । যেনে– সূৰ্য, কৰ্ম, যত্ন ইত্যাদি । কিছুমান শব্দ সংস্কৃতৰ পৰা পোনপটীয়াকৈ অসমীয়াত সোমাই অসমীয়া ভাষাৰ উচ্চাৰণ পদ্ধতি অনুসৰি সৰল হৈ পৰিছে ।এইবোৰক অৰ্ধ-তৎসম শব্দ বোলে । যেনে– চেনেহ, যঁতৰ, কৰম ইত্যাদি। কিছুমান সংস্কৃত শব্দই প্ৰাকৃত আৰু অপভ্ৰংশৰ স্তৰ অতিক্ৰম কৰি বেলেগ ৰূপ লৈ অসমীয়া ভাষাত সোমাইছে । এইবোৰক তদ্ভৱ শব্দ বোলা হয় । যেনে– চাক, গছ, জুই ইত্যাদি । অসমীয়া ভাষাত বুৰঞ্জী, তামোল, জখলা আদি অজস্ৰ থলুৱা আৰ্য-ভিন্ন ভাষাৰ শব্দ আছে । একেদৰে ইংৰাজী, পৰ্তুগীজ, ফৰাচী আদি বিদেশী ভাষাৰ শব্দও অসমীয়া ভাষাত যুগে যুগে সংযোজিত হৈ আহিছে ।

২। প্ৰাক শংকৰী যুগৰ পাঁচগৰাকী বিশিষ্ট অসমীয়া কবি হ’ল

(ক)  হেম সৰস্বতী

(খ)   কবিৰত্ন  সৰস্বতী

(গ)  ৰুদ্ৰ কন্দলী

(ঘ)  হৰিবৰ বিপ্ৰ আৰু

(ঙ)  মাধৱ কন্দলী ।

২। দশক মানে হ’ল ১০ বছৰ বিয়পা কাল । শতিকা বা শতাব্দী মানে ১০০ বছৰৰ মুঠ সময় আৰু সহস্ৰাব্ধ মানে হ’ল ১০০০ বছৰ বিয়পি থকা কাল ।

প্ৰকল্প :- তোমালোকৰ অঞ্চলত থকা বিভিন্ন জনগোষ্ঠীৰ লোকে তলৰ ব্যাক্তি বা বস্তুক কি কি বুলি কয়, জানি লৈ লিখা ।

পানী, ল’ৰা, ছোৱালী, ভাত, মাছ, মাংস, গাখীৰ,

পাকঘৰ, ককা, আইতা, দলং, পুখুৰী, জলকীয়া ।

সমাধান :- লগৰীয়া আৰু চুবুৰীয়াক সুধি জানি লোৱা আৰু তালিকা কৰা । যেনে—

অসমীয়া — পানী      বাংলা –জল

অসমীয়া—মাছ       বড়ো— না ইত্যাদি

ক,খ, গ, ঘ– চাৰিটা বৰ্ণৰে শব্দ অৰ্থ লিখি এখন অভিধানৰ আৰ্হি প্ৰস্তুত কৰা ।

ক : কণ্ঠ-টেটু; ডিঙিৰ ওপৰৰ আগফাল ।

কাল- সময় ।

কৃতজ্ঞ – উপকাৰৰ শলাগ লওঁতা ।

কেন্দ্ৰ – ১। বৃত্তৰ মধ্যবিন্দু, ২। নাভি, ৩। মুখ্যস্থান

কেশ – চুলি ।

কোপ – খং, ক্ৰোধ ।

কোলঠি – ডাঙৰ মাছৰ বুকু বা পেটৰ মঙহ

কৌমুদি – কাতি মাহ ।

ক্ৰয় – কিনা কাৰ্য ।

ক্লান্ত – ভাগৰুৱা ।

খ :- খক/খঁক – খোৱাৰ তীব্ৰ হেঁপাহ ।

খঞ্জন – বালিমাহী চৰাই ।

খদ্দৰ – হাতে কটা সূতাৰ কাপোৰ

খা – ভোজন কৰ; ভক্ষণ কৰ্ ।

খাৰলি – বটি লোৱা সৰিয়হেৰে লোণ আদি মিহলাই কৰা এবিধ চাটনি ।

খালী – ৰিক্ত; একো নথকা ।

খিল্ খিল্ – নাৰীয়ে আনন্দতে হঁহা মুক্ত হাঁহিৰ শব্দ ।

খিয়াতি – যশ, খ্যাতি ।

খুঁটি – গোঁজ; সৰু খুঁটা ।

খোৱাৰ – গৰু-ছাগলী আটক কৰি ৰখা ফাকেট ।

গ :-গংগা – ভাগীৰথী নদী; জাহ্নবী ।

গঁড় – নাকৰ ওপৰত শিঙৰ দৰে খড়্গ থকা এবিধ ডাঙৰ তৃণভোজী জন্তু।

গন্ধ – ঘ্ৰাণ, বাস ।

গা – দেহ; শৰীৰ ।

গাদী – কপাহ আদিৰে কৰা আৰামী আসন ।

গাফিলতি – অৱহেলা; অমনযোগ ।

গুলী – বন্দুকেৰে মৰা ধাতুৰ বাৰুদযুক্ত গুটি ।

গেৰেলা – শিয়ালৰ নিচিনা এবিধ জন্তু ।

গোৰ – ভৰিৰে কৰা আঘাত ।

গোহালি – গৰু ৰখা বা বন্ধা ঘৰ ।

ঘ :- ঘড়া – পিতলৰ ডাঙৰ কলহ ।

ঘড়ী – সময় নিৰূপক যন্ত্ৰ ।

ঘঁৰিয়াল – এবিধ চাৰিঠেঙীয়া চিকাৰী প্ৰকৃতিৰ উভচৰ সৰীসৃপ ।

ঘাগৰি – ঘূৰি; মেখেলাৰ দৰে এবিধ পোচাক ।

ঘাঁহ – তৃণ; সৰু সৰু ডাল নথকা উদ্ভিদৰ প্ৰজাতি ।

ঘুণ – কাঠ ফুটা কৰা উৰণীয়া পোক বিশেষ ।

ঘোঁৰা – অশ্ব; তুৰঞ্জ; এবিধ তীব্রবেগী তৃণভোজী জন্তু ।

ঘোল – জুলীয়া আৰু গোটা বস্তুৰ মিশ্ৰণ ।

ঘোষণা – মুখেৰে উচ্চাৰণ কৰি দিয়া জাননী ।

ঘোষা – ওজাই লগাই দিয়াৰ পাছত পালীসকলে গোৱা গীত-পদ ।

SEBA Class 6 Assamese Chapter 4 বিহু আদৰণি

প্ৰশ্ন ১। কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া ।

উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা) ।

প্রশ্ন ২। কবিতাটো শুদ্ধকৈ মুখস্থ কৰা আৰু লয় ছন্দৰ শুদ্ধতা ৰক্ষা কৰি আবৃত্তি কৰা ।

উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)।

প্রশ্ন ৩। বাকচৰ ভিতৰত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা ।

চ’তাই থেৰেজু আওলা

বৰ্হমথুৰি বাহঁত চাত

সুগৰ আঁচু ভমকা

ৰচঙ্গা খোলা শাল দিহা

উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)

প্ৰশ্ন ৪। উত্তৰ দিয়া। 

(ক)  চ’তাই বুলি কবিয়ে কাক কৈছে ?

উত্তৰঃ চ’তাই বুলি কবিয়ে চ’ত মাহক বুজাইছে ।

(খ) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে ?

উত্তৰঃ জেতুকা আৰু থেৰেজুৰ লগত বৰ্হমথুৰি অনাৰ কথা কোৱা হৈছে ।

(গ)  মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে ?

উত্তৰঃ মাখিয়তীৰ পাত আৰু তৰাগছৰ পঘাৰে আওলা অৰ্থাৎ আগচালি জুৰি পেলোৱাৰ কথা কবিয়ে কৈছে ।

(ঘ) বাহঁত খোপালৈ বুলি কি ফুল আনিলে ?

উত্তৰঃ হালধি, থেকেৰা,আৰু বেঙেনাৰে বাহঁত চাত সজাইছে ।

(ঙ) বায়ে খোপালৈ বুলি কি ফুল আনিলে ?

উত্তৰঃ বায়ে খোপালৈ বুলি ৰংচঙীয়া কপৌফুল আনিছে ।

(চ) কবিয়ে চ’তাইক কি বুলি কাবৌ কৰিছে ?

উত্তৰঃ ৰঙালীক আদিৰ আনিবলৈ চ’তাইক কবিয়ে কাবৌ কৰিছে ।

প্রশ্ন ৫। কবিতাটিৰ কথাখিনি  তোমাৰ কথাৰে লিখা ।

উত্তৰঃ কবিতাটিৰ কথাখিনি মাজেৰে কবি মিত্ৰদেৱ মহন্তদেৱে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ এটি সম্যক চিত্ৰ অংকন কৰিছে । কবিয়ে ‘চ’তাই’ অৰ্থাৎ চ’ত মাহক এই বুলি অনুৰোধ জনাইছে যে–চ’তে যেন সোনকালে ৰঙালী বিহুক আদৰি আনে । বিহুলৈ ৰৈ ৰৈ আমনি লাগিছে । জেতুকা, থেৰেজু, বহৰ মথুৰি, মাখিয়তী পাত, তৰাৰ পঘা আদিৰ যোগাৰ হ’লেই । গৰু বিহুৰ বাবেও হালধী, থেকেৰা, বেঙেনাৰে বাহঁত চাত সজোৱাও হ’ল । ঢোল, পেঁপা আদি বাদ্যও বজাবলৈ সাজু হৈ উঠিছে । আয়ে বোৱা গামোচা কাটি উলিওৱা হ’ল । বায়ে কপৌ ফুল আনিছে । পিতায়ে নাহৰৰ ডালি আনিছে । খুড়ীয়ে পিঠাৰ খোল পাতিছে । আইতাই থাপনাৰ সমুখো চিকুণাই থৈছে । গতিকে চ’তায়ে সোনকালে ৰঙালী বিহুক আদৰি আনিব লাগে ।

প্রশ্ন ৬। বাক্য ৰচনা কৰা ।

জেতুকা  ভমকা  আঁচু  শাল  দিহা

উত্তৰঃ জেতুকা : বাইদেৱে হাতত ৰং লগাবলৈ জেতুকাৰ পাত আনিছে ।

ভমকা :- হেৰা মাহীদেউ, ভমকা ফুলীয়া চাদৰ পিন্ধি কোনফালে যোৱা ?

আঁচু :- পেহীয়ে যে গামোচাত ইমান ধুনীয়া আঁচুৰ ফুল তুলিছে ।

শাল :- চ’ত মাহৰ শালৰ খট্ খট্ শব্দই গাঁওখনি মুখৰিত কৰি ৰাখে ।

প্ৰশ্ন ৭। লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা ।

খুৰী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শাহু, ননন্দ, জোঁৱাই

উত্তৰঃ

পুংলিংগ             স্ত্ৰীলিংগ

পিতাই                আইতা

ককাই                খুৰী

জোঁৱাই              বাইদেউ

প্ৰশ্ন ৮। শব্দবোৰ বহুবচনত প্ৰকাশ কৰা ।

ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ

উত্তৰঃ

একবচন             বহুবচন

ককাই               ককাইহঁত

গামোচা             গামোচাবোৰ

মানুহ                 মানুহবিলাক

পিঠা                পিঠাখিনি/পিঠাবোৰ

বাইদেউ              বাইদেউহঁত

প্ৰশ্ন ৯। অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা ।

টকা     বাত     থাল     জুৰি

টকা     বাট     ঠাল     জুৰি

উত্তৰঃ টকা : পিতায়ে দুকুৰি টকাৰে এটা মাগুৰ মাছ কিনি আনিলে ।

টকা :- বিহুত বজাবলৈ বুলি জাতি বাঁহৰ টকা এটা কাটিছোঁ ।

বাত :- বৰালী মাছ আৰু কোমোৰা খালে মাৰ গাত বাত ওলাই যায় ।

বাট :- এইটো বাটেৰে গ’লে কোন গাঁও পোৱা যাব ?

থাল :- বাইটিয়ে চীনা মাটিৰ থালবোৰ লাহে লাহে ধুই আছে ।

ঠাল :- হৰিয়ে গছত উঠি ঠালবোৰ কাটি আছে ।

জুৰি :- আমাৰ গাঁৱৰ মাজেৰে এটা জুৰি বৈ গৈছে ।

জুৰি :- গোটেই ৰাজ্য জুৰি বিদ্রোহৰ জুই জ্বলি উঠিছিল ।

প্রশ্ন ১০। ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে দহটা বাক্য লিখা ।

উত্তৰঃ বিহু :-বিহু অসমৰ জাতীয় উৎসৱ । বিহু তিনিটা–কাতি বিহু, মাঘ বিহু আৰু ব’হাগ বিহু । কাতি বিহুক কঙালী বিহু, মাঘ বিহুক ভোগালী বিহু আৰু ব’হাগ বিহুক ৰঙালী বিহুও বোলা হয় । কাতি বিহুত তুলসী তল, ধাননি পথাৰ, ভঁৰাল আদিত ভক্তিৰে চাকি জ্বলাই লখিমীৰ আৱাহন কৰা হয় । ভোগালী বিহু ভোগৰ উৎসৱ । এই বিহুত মেজি আৰু ভেলাঘৰ সাজি, বিহুনাম গাই, লগভাত খোৱা হয় আৰু বিহুৰ দিনা মেজি জ্বলাই অগ্নিদেৱতাৰ পূজা কৰা হয় । চ’ত মাহৰ শেষৰ দিনাৰ পৰা সাত দিনলৈ ৰঙালী বিহু পালন কৰা হয় । গৰু বিহু, দেৱতা বিহু, মানুহ বিহু আদি নামেৰে ব’হাগ বিহুৰ প্ৰতিটো দিন পালন কৰা হয় । পূৰ্বতে বিহু প্ৰাকৃতিক পৰিৱৰ্তন আৰু কৃষিৰ ওপৰত ভিত্তি কৰি পালন কৰা হয় ।পূৰ্বতে বিহু প্ৰাকৃতিক পৰিৱৰ্তন আৰু কৃষিৰ ওপৰত ভিত্তি কৰি পালন কৰা হৈছিল । বৰ্তমানে  ৰঙালী বিহু মঞ্চৰ উৎসৱত পৰিণত হৈছে। মদ, জুৱা আদি অপকৰ্মই বিহুৰ সৌন্দৰ্য বহু পৰিমাণে ম্লান কৰিছে ।

প্ৰশ্ন ১১। তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদ্যাপন  কৰা হয় লিখা ।

উত্তৰঃ আমাৰ গাঁৱত বিৰাট উৎসাহ উদ্দীপনাৰে ৰঙালী বিহু পালন কৰা হয় । আটায়ে চ’ত মাহ আৰম্ভ হোৱাৰ পৰা অধীৰ আগ্ৰহেৰে বিহুলৈ বাট চাই থাকে । জীয়ৰী-বোৱাৰীহঁতে বহুদিনৰ আগৰে পৰাই শালত ফুলাম গামোচা লগায় আৰু বিহুৰ আগে আগে কাটি উলিয়াই । গৰু বিহুৰ দিনা সকলোৱে নদীৰ ঘাটলৈ লৈ গৈ গৰুক গা-পা ধুৱাই দিয়ে । তাৰ পাছত দীঘলতী, মাখিয়তীৰ পাতেৰে গৰুবোৰক কোবাই কোবাই, লাও-বেঙেনাৰ মালা পিন্ধাই গায় –

“লাও খা বেঙেনা খা

বছৰি বছৰি বাড়ি যা ।

মাৰ সৰু বাপেৰ সৰু

তই হ’বি বৰ গৰু ।”

পিছদিনা মানুহ বিহু, সিদিনা সৰুৱে ডাঙৰক তামোল-পাণ, গামোচাৰে সেৱা-সৎকাৰ কৰে । ডাঙৰেও সৰুক প্ৰাণ ভৰি আশীৰ্বাদ দিয়ে । গোঁসাই বিহুৰ দিনাখন সকলোৱে নাম-কীৰ্তন কৰে । একেদৰে শেষৰ বিহু অৰ্থাৎ সাত বিহুৰ দিনা সকলোৱে সাতবিধ শাকৰ আঞ্জা খায় ।বিহুৰ আটাইকেইটা গাঁৱৰ ডেকাসকলে মানুহৰ চোতালে চোতালে হুঁচৰি গাই ফুৰে । আমাৰ গাঁৱৰ ওচৰতে থকা আমতলি গাঁৱৰ এখন মঞ্চবিহু হয় । সন্ধিয়া আমি সেইখন বিহুতলীলৈ গৈ অনুষ্ঠান চাওঁ । তালৈ বহুত নামী গায়কে গান গাবলৈ আহে । এইবেলি বেবেজীয়াৰ বিহু হুঁচৰি দিলে তাত বৰ মনোৰম বিহুনাচ প্ৰদৰ্শন কৰিছিল ।

প্ৰশ্ন ১২। দলত আলোচনা কৰি বস্তুকেইপদেৰে আমি কি কি কৰোঁ লিখা ।

(ক) জেতুকা পাত

(খ) বৰ্হমথুৰি

(গ) পঘা

(ঘ) কপৌ-ফুল

(ঙ) বিহুৱান

(চ) মাখিয়তী

উত্তৰঃ (ক) জেতুকা পাত :- জেতুকা পাতবোৰে পটাত পিহি হাতৰ তলুৱা আৰু আঙুলিত লগাই থোৱা হয় । কিছু সময় পাছত লগোৱা অংশ ধুনীয়া ৰঙচুৱা হয় । বিহু নাচিবলৈ হাত আৰু আঙুলিত ৰং বোলাবলৈ জেতুকা পাতক প্ৰাকৃতিক প্ৰসাধন দ্ৰব্য হিচাপে অসমীয়া ছোৱালীয়ে ব্যৱহাৰ কৰে ।

(খ) বৰ্হমথুৰি :- ইয়াৰ থুৰিবোৰ চোবাই চোবাই তাৰ ৰসেৰে ওঁঠ ৰঙীন কৰা হয় ।

(গ) পঘা :- তৰা বা মৰাপাটৰ আঁহেৰে  তৈয়াৰী ৰছীৰে পঘা প্ৰস্তুত কৰা হয় । পঘাৰে গৰু, ছাগলী, ম’হ আৰু ভেঁড়া বান্ধি থোৱা হয় ।

(ঘ) কপৌ-ফুল :- বিহু নাচনীসকলে খোপাত কপৌ-ফুল মাৰি লয় ।

(ঙ) বিহুৱান :- ফাগুন-চ’ত মাহত বৈ উলিওৱা ফুলাম গামোচা ব’হাগ মাহত বিহুৱান হিচাপে ব্যৱহাৰ কৰা হয় । বিহুৱান সৰুৱে ডাঙৰক সন্মানৰ প্ৰতীক হিচাপে আৰু প্ৰিয়জনক মৰমৰ চিন স্বৰূপে দিয়া হয় ।

(চ) মাখিয়তী :- গৰু বিহুৰ দিনা গৰুক গা-পা  ধুৱাই মাখিয়তী আৰু দীঘলতিৰ পাতেৰে গৰুক লাহে লাহে কোবোৱা হয় । এনে কৰিলে গৰুৱে বছৰজোৰা মহ-দাহৰ কামোৰৰ পৰা ৰক্ষা পায় বুলি অসমীয়া লোক সমাজে বিশ্বাস কৰে ।

প্ৰশ্ন ১৩। তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা হয়, দলত আলোচনা কৰি লিখা ।

পেঁপা গগনা ঢোল হাৰমনিয়াম

খোল সুতুলি তাল ঢাক টকা গীতৰ

উত্তৰঃ বিহুগীত বা বিহুনাচত ব্যৱহৃত বাদ্যকেইবিধ হ’ল– পেঁপা, গগনা, ঢোল, সুতুলি, তাল, আৰু টকা ।

প্রশ্ন ১৪। তাঁত-শালৰ সঁজুলিবোৰৰ ব্যৱহাৰৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা :  উঘা,চেৰেকী, টোলোঠা,ৰাঁচ,মহুৰা,নাচনী, গৰকা, যঁতৰ, নেওঠনী

উত্তৰঃ  উঘা :- তাঁতৰ বাটি কৰিবলৈ বাঁহেৰে নিৰ্মিত উঘাত চেৰেকীৰ পৰা সূতা মেৰিওৱা হয় ।

চেৰেকী :- চেৰেকীত সূতা লৈ তাৰ পৰা মহুৰা ফুৰোৱা হয় ।

টোলোঠা :- তাঁত শালত দীঘল সূতা মেৰিওৱা গোটা কাঠ ।

ৰাঁচ :- ৰাঁচৰ সৰু সৰু কাঠিবোৰৰ মাজেৰে তাঁতৰ দীঘল সূতাবোৰ পাৰ কৰোৱা হয়, যাতে সূতাবোৰ সঠিক ঠাইতে থাকে ।

মহুৰা :- মহুৰাত সূতা মেৰাই মাকোত ভৰোৱা হয় আৰু ইয়াৰে তাঁতৰ বাণি সূতা বোৱা হয় ।

নাচনী :- তাঁতৰ বাণিৰ সূতা উঠোৱা-নমোৱা কৰিবলৈ ওপৰত বান্ধি লোৱা কাঠ বা বাঁহৰ সৰু টুকুৰা । ইয়াতেই নাচনী-জৰী ওলোমাই থোৱা হয় ।

গৰকা :- গৰকা তাঁতৰ তলত থাকে । গৰকা দুডালত ভৰিৰে গচকি গচকি বাণিৰ সূতা উঠোৱা নমোৱা হয় ।

যঁতৰ :- যঁতৰেৰে মহুৰা ফুৰোৱা হয় ।

নেওঠনী :- পাঁজিত সূতা কটাৰ আগতে নেওঁঠনীৰে কঁপাহৰ গুটি আঁতৰোৱা হয়।

প্ৰশ্ন ১৫। আমাৰ ৰাজ্যত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ নামবোৰ দলত আলোচনা কৰি তালিকাখনত লিখা ।

উত্তৰঃ

জনগোষ্ঠীৰ নাম উৎসৱৰ নাম
বড়ো বাথৌ পূজা, মাইনাও খেৰাই
মিচিং আলি আই লৃগাং
আহোম মে’ দাম মে’ফি
চাহ জনগোষ্ঠী চড়ক পূজা

প্রশ্ন ১৬। সৰু সৰু দলত ভাগ হৈ বৰ্ণৰ তালিকাখনৰ পৰা বিভিন্ন শব্দ লিখা ।

উদাহৰণ :- বিহু, পাভ, দৰা

উত্তৰঃ

বাৰ, আন, শাক, দুৰ্গা, পালি ইংৰাজ, পূব, পূৰ, নলী, ছাদৰ, লাই, আলি, আই, লৃগাং, ফাল ।

প্ৰশ্ন ১৭। ব’হাগত ৰঙালী, কাতিত কঙালী আৰু মাঘত হয় ভোগালী বিহু । প্ৰতিটো বিহুতে প্ৰাকৃতিয়ে বেলেগ বেলেগ ৰূপ লয় । ব’হাগ মাহত প্ৰকৃতিয়ে কেনে ৰূপ লয় দলত আলোচনা কৰি বৰ্ণনা কৰা ।

উত্তৰঃ ব’হাগ মাহত অসমত প্ৰকৃতিয়ে মনোৰম ৰূপ লয় । গছত কুঁহিপাত ওলায় । ফাগুনৰ পছোৱা বতাহত লঠঙা হোৱা গছবোৰে যেন নতুন পোছাকহে পৰিধান কৰে । চৰাই-চিৰিকটিয়ে চোদিশ মুখৰিত কৰি তোলে । কুলি চৰাইৰ মোহনীয় মাতে মন-প্ৰাণ উতলা কৰে । গছে-বনে ন ন ফুল ফুলে । সেই ফুলে ফুলে ভোমোৰা আৰু পখিলা উৰি ফুৰে । মৌ-মাখিয়েও হেঁপাহ পলুৱাই ফুলৰ মৌ সংগ্ৰহ কৰে । আকাশত মেঘ জমা হয় । দুই-এজাক বৰষুণে ধূলিবোৰ ধুই নিয়ে । শীতৰ অৱসান ঘটে । কেতিয়াবা এনেদৰে ব’হাগত প্ৰকৃতিয়ে নতুন ৰূপ গ্ৰহণ কৰে ।

Related Keywords

Class 6 assamese question answer

class 6 assamese question answer chapter 1
class 6 assamese question answer lesson 9
class 6 assamese question answer lesson 7
class 6 assamese question answer lesson 2
class 6 assamese question answer lesson 5
class 6 assamese question answer lesson 6
class 6 assamese question answer lesson 1
class 6 assamese question answer chapter 3
class 6 assamese question answer assamese medium
class 6 assamese question answer ajb
class 8 assamese question answer lesson 6 assamese medium

Class 6 assamese question answer

class 6 assamese question answer chapter 1
class 6 assamese question answer lesson 9
class 6 assamese question answer lesson 7
class 6 assamese question answer lesson 2
class 6 assamese question answer lesson 5
class 6 assamese question answer lesson 6
class 6 assamese question answer lesson 1
class 6 assamese question answer chapter 3
class 6 assamese question answer assamese medium
class 6 assamese question answer ajb
class 8 assamese question answer lesson 6 assamese medium

Leave a Comment