class 8 Assamese question answer – Class 8 assamese question answer অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান প্ৰতিটো অধ্যায়ৰ উত্তৰ তালিকাত প্ৰদান কৰা হৈছে যাতে আপুনি বিভিন্ন অধ্যায়ত সহজে ব্ৰাউজ কৰিব পাৰে ছেবা শ্ৰেণী 8 অসমীনোট আৰু বাছনি কৰাৰ প্ৰয়োজনীয়তা।
class 8 assamese question answer
class 8 Assamese question answer লগতে, আপুনি এছ.চি.ই.আৰ.টি. (চি.বি.এছ.ই.) কিতাপ নিৰ্দেশনা অনুসৰি বিশেষজ্ঞ শিক্ষকসকলৰ দ্বাৰা সমাধান এই শাখাবোৰত ছেবা কিতাপবোৰ অনলাইনপঢ়িব পাৰে। এই সমাধানবোৰ ছেবা সকলো বিষয় সমাধানৰ অংশ। ইয়াত আমি সকলো বিষয়ৰ বাবে শ্ৰেণী 8 ৰ অসমপ্ৰশ্নৰ উত্তৰ দিছোঁ, আপুনি ইয়াত এইবোৰ অনুশীলন কৰিব পাৰে.
SEBA Class 8 Assamese Question Answer
চৰকাৰী চাকৰি পাবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলে তেওঁলোকৰ ইউপিএছচি বা অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত এই কিতাপবোৰ চাব পাৰে। এই এছচিইআৰটি কিতাপবোৰে ইংৰাজী, হিন্দী আৰু অন্যান্য ৰাজ্যিক ভাষাৰ দৰে গ্ৰাফিক ছবিৰ সহায়ত ভাষাবোৰ সহজে বুজি পোৱাত সহায় কৰে, ই আগ্ৰহী লোকসকলক কিতাপবোৰৰ পৰা সকলো আৰু বিভিন্ন ধাৰণা বুজিপোৱাত সহায় কৰে। সমলৰ জটিলতাই নাবালকসকলক তেওঁলোকৰ আইএএছ পৰীক্ষাৰ বাবে সহজে প্ৰস্তুত কৰাত সহায় কৰে।
নিয়ৰৰ কবিতা Class 8 অষ্টম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
ক-পাঠভিত্তিক ক্রিয়াকলাপ
প্রশ্ন ২। উত্তৰ দিয়া
(ক) মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে?
উত্তৰঃ ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধােৱা নিয়ৰ কণিকাক কৈছে।।
(খ) নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে?
উত্তৰ: নিশা নচা নাচনীৰ ছিগি ৰৈ যােৱা মুকুতা মণিৰ লগত তুলনা কৰিছে।
(গ) নিয়ৰে হিয়াত কি সাঁচি থােৱাৰ কথা কৈছে?
উত্তৰঃ নিজম নিশাৰ নিচুপ কথা হিয়াত সাঁচি থােৱাৰ কথা কৈছে।
(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল ?
উত্তৰঃ ফুলনিত নিশা নচা কোনােবা নাচনীৰ মন ছিগি ৰৈ গ’ল বুলি কৈছে।
(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ সৰগত টোপনি যােৱা নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকা বুলি কৈছে।
প্রশ্ন ৩। কবিতাটোৰ মূলভাৰ চমুকৈ লিখা
উত্তৰঃ ফটিক পানীৰে ধােৱা নিয়ৰ কণাবােৰ ৰাতিপুৱা ফুলৰ পাহি, গছ-বনৰ পাছত উলমি থকা দেখিলে এনেহেন লাগে যেন নিশাৰ আকাশৰ পৰা তৰাবােৰহে তাত সৰি পৰি আছে। কবিৰ কল্পনাত নিয়ৰ হৈছে ফুলনিত নিশা কোনােবা হাঁহি হাঁহি নাচি থকা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা সেমেকি উঠা একোটোপাল চকুপানী। সেই চকুপানী অথবা মুকুতা মণি নিয়ৰ হৈ ফুলপাহিত পুৱাৰ হেঙুলি পােহৰত জিলিকি উঠিছে। কিন্তু দুখৰ কথা কবিয়ে সেই মুকুতা মণিস্বৰূপ নিয়ৰবােৰলৈ থৰ লাগি চাই থাকোতেই এজাক বতাহে আহি ফুলৰ পাহিবােৰ জোকাৰি পেলাই নাইকিয়া কৰিলে ৷
প্রশ্ন ৪। শব্দ সম্ভাৰ আৰু অর্থ
ফটিক→ অতি পৰিষ্কাৰ বগা চকচকীয়া এবিধ পাথৰ।
শােভে –জেউতি চৰায়।
হেঙুলি →ৰঙচুৱা, ৰঙা-হালধীয়া বৰণৰ।।
নিজম→ নিস্তব্ধতা, নিটাল, সাৰি-শব্দ নােহােৱা।
নিচুক→ কান্দন এৰা।।
বিষম→ সমান নােহােৱা, বেয়া, দুষ্ট, অসৎ ।
নিয়ৰৰ কবিতা Class 8
প্রশ্ন ৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছেসাঁচি,
কোন কাহানিৰ সপােন দেখিছে।
কোনে হাঁহিছিল নাচি।
উত্তৰ: উদ্ধৃত কবিতা ফাকি ‘প্রতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালা ৰচিত “নিয়ৰ কবিতাটিৰ অন্তৰ্গত।
ৰাতিপুৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰ ফুলৰ পাহিত ওলমি থকা দেখি কবিৰ মনত জাগি উঠা মনােৰম কল্পনা এই কবিতা ফাকিৰ জৰিয়তে প্রকাশ পাইছে। ফটিক পানীত ধােৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰক কবিয়ে নিশাৰ আকাশত সৰি পৰা তৰা আৰু পুৱাৰ হেঙুলি বেলিৰ পােহৰত সেমেকি পৰা চকু পানীৰ লগত তুলনা কৰিছে। আনহাতে নিজম আকাশৰ হিয়াত সাঁচি থােৱা কান্দোন ভাবৰ কথাৰে হাঁহি হাঁহি নাচি থকা কোনােবা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা মনিৰ লগত কবিয়ে নিয়ৰ কণাক তুলনা কৰিছে। কোনােবাই কাহানিবাই দেখা সপােনৰ ই যেন অভিব্যক্তি।
প্রশ্ন ৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবােৰ লিখা।
উত্তৰ: ধােৱা→ যােবা।
সাঁচি→ নাচি,
মণি→ কণি, পানী,
ভাহি→ পাহি।
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন ৭। উল্লিখিত শব্দবোৰৰ সমার্থক শব্দ লিখা।
টোপনি, বেলি, পানী, ফুল, নিশা, সপােন, আকাশ, চকু।
উত্তৰ টোপনি – নিদ্রা, ঘুমতি। বেলি – ৰবি, তপন, সূর্য। পানী– জল, নীৰ, সলিল। ফুল –কুসুম। নিশা – ৰাতি, নিশি। সপােন– কল্পনা। আকাশ –মহাশূন্য, স্বর্গ। চকু –নয়ন, আখি।
প্রশ্ন ৮। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
ছিগা, সৰগ, পুৱা, দিন, নিজম, হাঁহি।
উত্তৰঃ ছিগা – নিছিগা।
পুৱা – সন্ধিয়া।
নিজম – হুলস্থূলীয়া।
দিনঃ ৰাতি
হাঁহিঃ কান্দোন
প্রশ্ন ৯। বাক্য ৰচনা কৰা।
মুকুতা, পাহি, শােভে, নিচুক, ফুলজুপি, ফটিক।
উত্তৰঃ মুকুতা – ৰাতিপুৱা নিয়ৰ কণাৰােৰ মুকুতা মণি যেন দেখি।
পাহি – ফুলকলিৰ পাহিবােৰ মেলখালে বৰ ধুনীয়া দেখি।
শােভে– ৰাতিপুৱা নিয়ৰ কণাই ফুলজুপিৰ শােভা বঢ়ায়।
নিচুক – নিজম আকাশৰ নিচুক কথাটি কোনােবা নাচনীয়ে সাঁচি থৈছে বুলি কবিয়ে কল্পনা কৰিছে।
ফুলজুপি – ৰাতিপুৱাৰ নিয়ৰে ফুলজুপি ধুনীয়া কৰিছে।
ফটিক – নিয়ৰ কণাবােৰ ফটিক পানীৰে ধােৱা মুকুতা মণিৰ দৰে সুন্দৰ।
class 8 assamese lesson 1 question Answer
তৎসম, অর্ধতৎসম, তদ্ভব ইত্যাদি।
প্রশ্ন ১০। (ক) নিয়ৰ’কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবােৰ বাছি উলিয়াই লিখা।
তৎসম শব্দ | তদ্ভব শব্দ |
আকাশ | মুকুতা, ফটিক, নিশা, সৰগ, সপােন, নাচ, শােভা |
বায়ু | পাহি। |
(খ) তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবােৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ তৎসম শব্দঃ আকাশ, বংশ, বর্ণ, দীর্ঘ, জীৱন, চন্দ্র, সূর্য, নদী, কৃষ্টি, লতা, ধন, ফল ইত্যাদি।
তদ্ভব শব্দ: হাত, কাণ, হাতী, আজি, ওঁঠ, সাপ, গাঁত, দাঁত, কাম ইত্যাদি।
প্রশ্ন ১১। দৈনিক জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ ভাগে ভাগে লিখা।
উত্তৰঃ শিক্ষা সম্বন্ধীয়: স্কেল, পেঞ্চিল, পেন, ব্লেকবাের্ড, চকপেঞ্চিল, ৰবৰ, হেণ্ডেল ইত্যাদি।
খেল সম্বন্ধীয়: ক্রিকেট, ফুটবল, ভলীবল, বাস্কেট বল, টেনিচ, বেডমিণ্টন ইত্যাদি।
যানবাহন সম্বন্ধীয়ঃ স্কুটাৰ, বাইক, মটৰ-গাড়ী, বাছ, বাইচাইকেল, এবােপ্লেন, অটোভান,ৰিক্সা ইত্যাদি।
পােছাক-পাতি সম্বন্ধীয়ঃ ফ্রক, ব্লাউজ, চেমিজ, লংপেণ্ট, হাফপেন্ট, ছার্ট, কোট ইত্যাদি।
আচৰাৰ সম্বন্ধীয়: টেবুল, চেয়াৰ, ফেন, টুল, আলমিৰা, ফ্রীজ, মিচেফ ইত্যাদি।
বাচন-বৰ্তন সম্বন্ধীয়: কাপ-প্লেট, ডিছ, কুকাৰ ইত্যাদি।
প্রশ্ন ১২। এটা শব্দত প্ৰকাশ কৰা :
(ক) যি আনৰ উন্নতি দেখিব নােৱাৰে
উত্তৰ: পৰশ্রীকাত।
(খ) একে মাকৰ সন্তান
উত্তৰঃ সহােদৰ।
(গ) যাৰ ঘৰ-বাৰী নাই
উত্তৰঃ অঘৰী।
(ঘ) যি ভাল-বেয়া বিচাৰ কৰিব নােৱাৰে।
উত্তৰ: অবিবেচক।
(ঙ) যি আগেয়ে হােৱা নাই
উত্তৰঃ অভূতপূর্ব।
প্রশ্ন ১৩। নিয়ৰ কবিতাটিত পােৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপােন, চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবােৰেৰে বাক্য ৰচনা কৰা৷
উত্তৰ: তৰা-নৰা→ আনৰা (বৰকৈ বেগাই) : বাঘৰ কথা শুনি সি ভয়তে তৰা-নৰা চিঙি দৌৰি ঘৰলৈ গ’ল।
আকাশত চাং পতা→ (অস্বাভাৱিক কল্পনা, অলীক কল্পনা)- যি কাম কৰাটো সম্ভৱ। নহয় তাৰ কাৰণে আকাশত চাং পতাৰ প্ৰয়ােজন নাই
পানীৰ তলৰ কাইট। → (নেদেখা বিপদ, অজান শত্রু) – পানীৰ তলৰ কাঁইটৰ দৰে মানুহৰ জীৱনত অনেক নেদেখা বিপদ বা শত্রু থাকে।
কথা চহকী →(বেছিকৈ কথা কোৱা লােক)- কথা চহকী মানুহৰ অন্তৰত একো কথা লুকাই নাথাকে।
হিয়াৰ আমঠু→ (অতি মৰমৰ) : আইতাকৰ কাৰণে নাতি-নাতিনী হিয়াৰ আমঠু স্বৰূপ।
অলীক সপােন→ (মিছা কল্পনা, অমূলক কল্পনা)- অসম্ভৱ বস্তুৰ কাৰণে অলীক কল্পনা কৰি লাভ নাই।
চকু চৰহা → (আনৰ ভাল দেখিব নােৱাৰা)- চকু চৰহা মানুহে আনৰ উন্নতি হােৱা দেখিব নােৱাৰে।
প্রশ্ন ১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।
(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো —— গ’ল।
উত্তৰ: মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ’ল।
(খ) ধুমুহাই ঘৰটো ——পেলালে।
উত্তৰ: ধুমুহাই ঘৰটো ভাঙি পেলালে।
(গ) পুৰণি হােৱা বাবে ৰছীডাল—— থাকিল।
উত্তৰ: পুৰণি হােৱা বাবে ৰছীডাল ছিঙি থাকিল।
(ঘ) জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল –– গ’ল।
উত্তৰঃ জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল ছিঙি গ’ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো –– গ’ল।
উত্তৰ; এবছৰ নৌহওঁতেই মথাউৰিটো ভাগি গ’ল।
(চ) বানপানীয়ে মথাউৰিটো ––পেলালে।
উত্তৰঃবানপানীয়ে মথাউৰিটো ভাঙি পেলালে।।
প্রশ্ন ১৫। দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা।
(ক) ৰাতিপুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূৰি গছকি পােৱা অনুভূতি
উত্তৰঃ (নিজৰ অনুভূতি)- ভৰিত ঠাণ্ডা পােৱাৰ উপৰি গা-মূৰতাে ঠাণ্ডা পােৱা যায়। গােটেই গাটোতে আৰু মনতাে এক আমেজভৰা শিহৰণ অনুভব কৰা যায়। নিয়ৰ সিক্ত মিহি দুৱৰি বনৰ স্পৰ্শই ভৰি দুখনিতাে সুৰ সুৰাই যায়। খালী ভৰিলে নিয়ৰ সিক্ত দূৱৰি গছকিলে স্বাস্থ্যৰ কাৰণে ঘাইকৈ চকুৰ কাৰণে ভাল বুলি কোৱা শুনিছাে।
(খ) পদুমকচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ –
উত্তৰ: (নিজৰ অনুভৱ) : ফটিক পানীৰে ধােৱা মণি-মুকুতাহে যেন পদুম, কচু বা অন্যান্য গছৰ পাতত ওলমি আছে আৰু পুৱাৰ হেঙুলি পােহৰ পৰি তিৰবিৰাই আছে, এনে অনুভৱ হয়।
(গ) গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি কৰা কল্পনাৰােৰ-
উত্তৰঃ (নিজৰ অনুভৱবােৰ) ঃ গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি এনে অনুভৱ হয় যেন কোনােবা সৰগীয় নাচনীৰ গলৰ মালা ছিগি বহুমুলীয়া মণিহে এটি এটিকৈ পৰি আছে। আনহাতে এনেদৰেও কল্পনা কৰা যায় যেন কোনােবা ক্রন্দনৰত অপেশ্বৰীৰ চকুপানীহে টোপাটোপে পৰি আছে।
প্রশ্ন ১৬। সাঁথৰ ভাঙা:
(ক) মৌ মাখি নহয় কিন্তু, কৰে গুণ গুণ, বামুণ নহয় কিন্তু, কান্ধত গুণ
উত্তৰ: যতৰ।
(খ) ৰজাৰ ঘৰৰ হাতী, ধান খায় পাচি পাচি।
উত্তৰঃ টেকী
(গ) ৰজাৰ কাপােৰ তিয়াব পাৰি, শুকুৰাৰ নােৱাৰি।
উত্তৰ : জিভা।
যুগমীয়া শৰাইঘাট Class 8
পাঠভিত্তিক ক্রিয়াকলাপ
প্রশ্ন ২। উত্তৰ দিয়া ।
(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ কি আছিল ?
উত্তৰঃ অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ সামৰিক।
(খ) বর্তমান শৰাইঘাটৰ সমস্যাবােৰ কি ?
উত্তৰ : বর্তমান শৰাইঘাটৰ সমস্যাবােৰ হ’ল সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক।
(গ) ৰাম সিংহ কোন আছিল?
উত্তৰঃ ৰামসিংহ ৰাজপুত ৰজা আৰু মােগল সম্রাট ঔৰংজেৱৰ সেনাপতি আছিল।
(ঘ) ৰাম সিংহ অসমলৈ কিয় আহিছিল ?
উত্তৰ : ৰাম সিংহ অসমলৈ অসম আক্ৰমণ কৰি অসমক মােগল সম্রাটৰ অধীন কৰিবলৈ আহিছিল।
(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ শৰাইঘাটৰ ৰণ অসমীয়া সেনা আৰু মােগল সেনাৰ মাজত হৈছিল।
(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল ?
উত্তৰ: লাচিতৰ অধীনত এক লক্ষ সৈন্য আছিল।
(ছ) মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?
উত্তৰ: মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধ হাজৰিকা।
(জ) মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে কাক লােৱা লগাই থৈছিল?
উত্তৰঃ মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লােৱা লগাই থৈছিল
(ঝ) ৰাম সিংহই বীৰ লাচিতক আফুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?
উত্তৰঃ ৰাম সিংহই বীৰ লাচিতলৈ কটকীৰ জৰিয়তে পঠোৱা আফুগুটিৰ টোপােলাৰ জৰিয়তে ইয়াকে বুজাবলৈ গৈছিল যে টোপােলাত আফুগুটি যিমান আছে ৰামসিংহৰ সৈন্য সংখ্যাও সিমান।
(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজাবৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?
উত্তৰ : লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰাম সিংহলৈ এচুঙা বালি পঠিয়াইছিল।
যুগমীয়া শৰাইঘাট Class 8
প্রশ্ন ৩। পাঠটোত থকা কঠিন শব্দবােৰৰ অৰ্থ লিখা।
উত্তৰ: সংঘবদ্ধ- একগােট।
সামৰিক- ৰণ বা সমৰ সম্পৰ্কীয়।
সামাজিক – সমাজ সম্পৰ্কীয়।
অর্থনৈতিক- অর্থনীতি সম্পর্কীয়।
ৰাজনৈতিক -ৰাজনীতি সম্পৰ্কীয়।
ঐতিহাসিক – ইতিহাস সম্পকীয়।
দুর্যোগ – বিপদ, বিঘিনি।
প্রবৃত্তি- ইচ্ছা, বাসনা।
চিৰন্তন- চিৰস্থায়ী, যুগমীয়া।
মনােবৃত্তি- চিন্তাধাৰা; বিচাৰ।
দেশপ্রেম- দেশক ভাল পােৱা।
এনয়-এনেকুৱা।
মৃত্যুপণ- মৰিম বুলি কৰা প্রতিজ্ঞা।
আমূলে- মূল বা শিপাসহ
আত্মকল- নিজৰ ভিতৰতে লগা হাই-কাজিয়া।
উৎপাটন- উঘালি অনা।
আহিলা-পাতি- জা-যােগাৰ, সা-সৰঞ্জাম।
আহহাপুৰুষাৰ্থ – চেষ্টা।
প্রলোভন -লােভ জন্মােৱা কার্য।
লােৱা লগাই- শিকলিৰে বান্ধি।
সাউৎকৰে- তৎক্ষণাত।
প্রশ্ন ৪। পাঠত থকাৰ দৰে সংলাপবােৰ লিখা
(ক) কথাৰ যুদ্ধৰে বলে নােৱাৰি ৰাম সিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰণুৱাসকলক কি কৈছিল?
উত্তৰ: জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰণুৱাসকলক এনেদৰে কৈছিল— “অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছে, তাতে শটো থ’বা। নাইবা মােক বঙালে ধৰি লৈ যাওক, তােমালােক সুখেৰে ঘৰলৈ উভতি যােৱা।”
(খ) অসম এৰি যােৱা সময়ত ৰাম সিংহই অসমক প্রশংসা কৰি কি কৈছিল?
উত্তৰ: অসম এৰি যােৱা সময়ত ৰাম সিংহই অসমক প্রশংসা কৰি এনেদৰে কৈ গৈছিল— “ধন্য ৰজা, ধন্য মন্ত্রী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলাে সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।”
(গ) কোনােবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গােসানীলৈ সেৱা কৰি কি ঘােষণা কৰিছিল?
উত্তৰ: বীৰ লাচিত বৰফুকনে কামাখ্যা গােসাঁনীলৈ সেৱা কৰি এনেদৰে ঘােষণা কৰিছিল—“যুদ্ধৰ কামত পাছ হুহকিলে মই এই হেংদাঙেৰে দুডােখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।”
(ঘ) বৰ আই কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল?
উত্তৰঃবৰ আই কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক এনেদৰে উপদেশ দিছিল- “বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হােৱাটো নিশ্চয়।”
প্রশ্ন ৫। বহলাই লিখা—
(ক) যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়ােজন আছে লিখা।
উত্তৰঃ যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলা-পাতিৰ বাহিৰেও বেছিকৈ প্রয়ােজন সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ স্বার্থহীন মনােবৃত্তি, কর্ম নিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। যুদ্ধত স্বার্থ ৰাখি কাম কৰিলে, কৰ্মৰ প্ৰতি একাগ্রতা নাথাকিলে আৰু যুদ্ধ জয়ৰ প্রতি তীব্র হেঁপাহ নাথাকিলে সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ মনােবল তথা সাহসেই নাইকিয়া হৈ যাব আৰু যুদ্ধ জয় কৰিব নােৱাৰিব।
(খ) সেনাপতি কোৱমৃদ্ধা হাজৰিকাই কি কৌশলেৰে মােগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা।
উত্তৰ : মােগল সৈন্যই শৰাইঘটীয়া সেনাপতি কোৱামৃদ্ধা হাজৰিকাক নাৱেৰে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক’লে। চাৰিওফালে মােগলৰ নাও, মাজতে কোৱামৃদ্ধাৰ নাও। হাজৰিকাই ক’লে – ‘মই নাচিম। ঢােল-মৃদংগ-খঞ্জৰী নাই, তােমালােকে চাপৰি মাৰা।’ নাৱৰ বৈঠাৰ পৰা হাত এৰি মােগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱামৃদ্ধই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোৱাবলৈ। নাচোনৰ ছেও দেখি বঙালৰ সৈন্য মচণ্ডল হ’ল। এই ছেগতে কোৱামৃদ্ধা নাওখন সাউৎকৰে আঁতৰি গ’ল। মােগলে বৈঠা মাৰিনাও ভিৰাই তেওঁক খেদিবলৈ যাে-জা কৰোঁতেই অসমীয়া সেনা নিজৰ ঠাই পালেহি। এনে কৌশলেৰে কোৱামৃদ্ধ হাজৰিকা মােগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল।
(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ লিখা।
উত্তৰ: শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ হ’ল— সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়ােজন, সুদৃঢ় নিয়মানুবর্তিতা, বিপদত ধৈর্য, সংকটত নির্ভীকতা, আমূলে দুর্নীতি দমন, দেশৰ মংগলৰ কার্যত সম্পূর্ণ আত্মবিলােপ আৰু স্বার্থ ত্যাগ, আৰু আত্মকলৰূপী বিষবৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে-ঠেঙুলিয়ে উৎঘাটন।
প্রশ্ন ৬। প্রসংগ সংগতি দর্শাই বুজাই লিখা।
(ক) অগ্নি, সর্প আৰু প্রলােভন, —এই তিনি একে ধৰণেৰে বিষাক্ত।
উত্তৰ : এই বাক্যটি বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞা ডাঙৰীয়াৰ যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। অসমীয়া কটকী ৰামচৰণ মােগল সেনাপতি, ফন্দিয়ক ৰামসিংহৰ প্রলােভনত পৰা প্রসংগত কথাষাৰ কোৱা হৈছিল।
ফন্দিয়ক ৰামসিংহই অসমীয়া কটকী ৰামচৰণ আৰু নিমক লগ পাই প্রলােভিত কৰাৰ বাবে ৰাজপুতনাৰ পিনৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কাঠৰ চৰাইৰ সেই নাচ দেখি প্রলােভিত হৈ ৰামচৰণে ৰামসিংহৰ পৰা এটা চৰাই বিচাৰিছিল। চতুৰ ৰামসিংহই ৰামচৰণক দুটা কাঠৰ চৰাই দি পঠাইছিল। বীৰ সেনাপতি লাচিত বৰফুকনে এই কথা গম পাই কটকী ৰামচৰণৰ প্রতি অসন্তুষ্ট আৰু ক্রোধান্বিত হৈ পৰিছিল। কিয়নাে বৰফুকনে জানিছিল যে অগ্নি, সর্প আৰু প্রলােভন এই তিনিওটাই সমানে বিষাক্ত আৰু ধ্বংসকাৰী। কটকীৰামচৰণ ৰামসিংহৰ প্রলােভনত পৰা মানেই অসমীয়া সেনাবাহিনীয়ে বিষময় ফল ভােগ কৰা হ’ব। কটকী ৰামচৰণৰ যােগে মােগল সেনাই অসমীয়া সেনাবাহিনীৰ গােপন তথ্যৰ সম্ভেদ পাব। সেইবাবে প্রলােভনৰ উপক্রম দেখি, বিষাক্ত প্রলােভনক পুলিয়ে-পােখাই নির্মূল কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে কটকী ৰামচৰণক লােৱা লগাই থৈ শাস্তি দিছিল। সেনাপতি বৰফুকনৰ এই কার্যই অসমীয়া সেনাবাহিনীক সম্ভাব্য অঘটনৰ পৰা ৰক্ষা কৰিছিল।
(খ) বাৰীৰ ভিতৰৰ পুখুৰী সিচোতেও আঠোটা-দহােটা মানুহক শিঙিয়ে বিন্ধে।
উত্তৰ: বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞাদেৱৰ যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা এই বাক্যটি লােৱা হৈছে।
অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনে আলাবৈৰ যুদ্ধত মৃত্যু ঘটা দহ হাজাৰ সৈন্যৰ প্রতিজনেই একো একোটা হাতীৰ দৰে আছিল বুলি সেই বিষাদ বাতৰি স্বৰ্গদেৱক জনাব বিচাৰিছিল। তেতিয়া ৰাজমন্ত্রী আতন বুঢ়াগােহাঁই ডাঙৰীয়াই বৰফুকনক বাধা দি যুক্তি প্রদর্শনসূচক এই কথাষাৰ কৈছিল।
গভীৰভাৱে বিবেচনা নকৰাকৈয়ে আহােম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰণ কৰিবলৈ নির্দেশ দিয়াৰ পৰিণতিত আলাবৈৰ ৰণত একে দিনাই দহ হাজাৰ অসমীয়া সৈন্য নিপাত হৈছিল। এনে ঘটনাত সেনাপতি লাচিত বৰফুকনে খেদ প্রকাশ কৰি কৈছিল তেওঁৰ একোজন সৈন্য একোটা হাতীৰ দৰেই শক্তিশালী আছিল। দুখত ম্রিয়মাণ বৰফুকনে সেই বিষাদবাতৰি স্বৰ্গদেৱক দিব বিচাৰিছিল।বৰফুকনৰ তেনে কার্যই স্বৰ্গদেৱৰ চিন্তা আৰু কামৰ খুঁত দেখুৱাই দিয়াৰ শংকা কৰি ৰাজমন্ত্রী আতন বুঢ়াগােহাঁই ডাঙৰীয়াই বৰফুকনক সান্ত্বনাৰ বুজনি দি কৈছিল যে বাৰীৰ ভিতৰত সাধাৰণ পুখুৰী এটা সিঁচিলেও আঠ-দহজন মানুহক শিঙিয়ে বিন্ধি আঘাত কৰে। গতিকে যুদ্ধ এখনত কিছুসংখ্যক মানুহৰ মৃত্যু হােৱাটো একো অস্বাভাৱিক নহয়। তাকে লৈ আক্ষেপ কৰাও উচিত নহয় আৰু সেই কথা স্বৰ্গদেৱক জনােৱাৰাে প্রয়ােজন নাই বুলি ঘটনাৰ গুৰুত্ব কমাই বুঢ়াগােহাঁই ডাঙৰীয়াই বৰফুকনক সান্ত্বনা দিছিল।
(গ) সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।
উত্তৰ: বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞাদেৱৰ যুগমীয়া শৰাইঘাট’ নামৰ পাঠৰ পৰা উক্ত বাক্যটি লােৱা হৈছে।
লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আৰু আজিৰ শৰাইঘাটৰ প্ৰসংগত কথাষাৰ উল্লেখ কৰা হৈছে।
প্রবল পৰাক্ৰমী মােগল সেনাপতি ৰামসিংহৰ আক্রমণ প্রতিৰােধ কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে শৰাইঘাটত গুৱাহাটী আৰু অসম দেশ, অসমৰ ৰজা আৰু প্ৰজাৰ ৰক্ষাৰ হকে ৰণ কৰিবলগীয়া হৈছিল। বীৰ সেনাপতি লাচিত বৰফুকনৰ সুচিন্তিত, সুশৃংখলিত, সুদক্ষ পৰিচালনাৰ ফলতে শৰাইঘাটৰ ৰণত অসমৰ জয় আৰু মােগলবাহিনীৰ শােচনীয় পৰাজয় ঘটিছিল। গভীৰভাৱে বিবেচনা নকৰাকৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰণ কৰিবলৈ নির্দেশ দিয়াৰ ফলত আলবৈৰ যুদ্ধত এদিনতে দহ হাজাৰ সৈন্য নিপাত হােৱাত সেনাপতি বৰফুকনে বৰ বেজাৰ পাইছিল। আলবৈৰ ৰণৰ দৰে নহ’বৰ বাবে শৰাইঘাটৰ ৰণলৈ তিনিবছৰীয়া পূর্ব প্রস্তুতিৰে আগবাঢ়িছিল। সুবিবেচিতভাৱে কাৰ্যপন্থা নিৰূপণ, ক্ষিপ্রতাৰে কার্যপন্থা গ্রহণ আৰু সম্পাদন শৰাইঘাটৰ ৰণত অসমীয়াৰ প্ৰয়ােজন আছিল। উপযুক্ত সামৰিক শক্তিৰে তেতিয়াৰ শৰাইঘাট সুৰক্ষিত কৰাৰ প্ৰয়ােজন আছিল। কাৰণ তেতিয়াৰ শৰাইঘাটৰ মূল সমস্যা আছিল সামৰিক ৰক্ষণাবেক্ষণ। সেই সময়ৰ শৰাইঘাট আজিৰ সময়ত নাই যদিও এখন শৰাইঘাট আজিও আছে যাৰ সমস্যা সামৰিক নহয় বৰং সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, ঐতিহাসিক আৰু শৈক্ষিক। এই সমস্যাবােৰৰ সুসমাধানে এতিয়াৰ শৰাইঘাট, এতিয়াৰ ৰাইজ, এতিয়াৰ দেশ ৰক্ষা কৰিব পাৰিব। সেই কাৰণেই অর্থপূর্ণভাৱে কোৱা হৈছে ‘শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।
(ঘ) আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হ’ব।
উত্তৰঃ উক্ত বাক্যটি বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞা ডাঙৰীয়াৰ যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা লােৱা হৈছে।
অগণন সৈন্য-সামন্ত লগত লৈ অসম আক্ৰমণ কৰিবৰ বাবে মােগল বাদজাহ ঔৰজেৰ সেনাপতি ৰামসিংহই অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনলৈ আফুটিৰ টোপােলা পঠিয়াই নিজৰ সৈন্য সামন্তৰ সংখ্যাৰ সম্ভেদ দি লাচিতক ভয় দেখুৱাব খােজাৰ উত্তৰত লাচিতে উক্ত কথাষাৰ কৈছিল।
মিৰজুমলাই গুৱাহাটী অধিকাৰ কৰি উভতি যােৱাৰ পিছত অসমে পুনৰ গুৱাহাটী উদ্ধাৰ কৰিছিল। মােগল বাছাহ ঔৰংজেৱে এই বাতৰি পাই অম্বৰৰ ৰজা ৰামসিংহক মােগলবাহিনীৰ সেনাপতি পাতি লগত অসংখ্য সৈন্য-সামন্ত দি অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। নিশ্চিত বিজয়ৰ আশা বুকুত বান্ধি ৰামসিংহ সগৌৰৱে শৰাইঘাটত উপস্থিত হৈ নিজৰ সৈন্যবাহিনীৰ সংখ্যা আৰু শক্তিৰে বৰফুকনক ভয় খুৱাবৰ বাবে কটকীৰ হাতত আফুগুটিৰ টোপােলা পঠাইছিল। ৰামসিংহই হয়তাে ভাবিছিল মােগলৰ বিশাল বাহিনীৰ সম্ভেদ পালে ভয়ত লাচিতে বিনা যুদ্ধে গুৱাহাটী এৰি দিব। ৰামসিংহৰ সেই দম্ভালিৰ সমুচিত উত্তৰ দি লাচিতে কটকীৰ হাতত এচুঙা বালি পঠাই কৈ পঠাইছিল যে আফুটি পটাত পিহিলে পানী হৈ যাব; কিন্তু বালিৰ কোনাে পৰিৱৰ্তন বা বঢ়া-টুটা নহ’ব। ৰীৰ সেনাপতি লাচিত বৰফুকনৰ সুচিন্তিত, সুসংগঠিত, দৃঢ় শংখলিত আৰু সুপৰিচালিত শৰাইঘাটৰ ৰণত আফুগুটিৰ দৰে অগণন মােগল সৈন্যবাহিনীক বাৰুকৈ পৰাস্ত কৰি মােগলক বীৰত্বৰ পৰিচয় দিছিল আৰু নিজে কোৱা কথাৰ মর্যাদা কাললৈ ৰক্ষা কৰিছিল। পৰাজিত ৰামসিংহ উভতি যােৱাৰ সময়ত এজন মাত্র মানুহে নিখুঁতভাৱে সমগ্র সৈন্যবাহিনী পৰিচালনা কৰা দক্ষতাৰ প্রশংসা কৰি গৈছিল।
(ঙ) এই সমস্যাবােৰ ভালৰূপে সমাধান নহ’লে অসমৰ অস্তিত্বলৈ টনাটনি হ’ব।
উত্তৰঃ উক্ত বাক্যটি বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞা ৰচিত ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা লােৱা হৈছে।
তাহানিৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাটৰ সৈতে জড়িত দেশ, ৰাইজ বা ৰজাক ৰক্ষা কৰাৰ সমস্যা আৰু এতিয়াৰ শৰাইঘাটৰ সৈতে জড়িত দেশ ৰক্ষাৰ সমস্যা একে নহয়। এই সন্দৰ্ভত কথাষাৰ কোৱা হৈছে।
হওঁতে বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আজি নাই। কিন্তু তথাপি শৰাইঘাট থকা বুলি প্রবন্ধকাৰে উল্লেখ কৰিছে। এই কথাষাৰ তাৎপর্যপূর্ণভাৱে কোৱা হৈছে। তেতিয়াৰ শৰাইঘাট দেশ ৰক্ষাৰ দুৱাৰ বা ঘাটি আছিল। অসম দেশ আক্রমণকাৰীসকলক প্রতিহত কৰা সামৰিক সমস্যাই আছিল তেতিয়াৰ শৰাইঘাট তথা অসম দেশৰ সমস্যা। তেতিয়াৰ শৰাইঘাট আৰু অসম দেশ ৰক্ষা কৰাৰ বাবে প্রয়ােজন আছিল সামৰিক দক্ষতা আৰু লাচিত বৰফুকনে জান-প্রাণ দি তাৰেই চেষ্টা কৰিছিল। তেতিয়াৰ শৰাইঘাট বর্তমান নাথাকিলেও শৰাইঘাট প্ৰমুখ্যে অসম দেশৰ সমস্যা সমাধানৰ ৰণখন আজিও আছে। আধুনিক শৰাইঘাট অথবা অসমৰ সমস্যা সমাধানৰ ৰণ তেতিয়াৰ শৰাইঘাটৰ ৰণৰ দৰেই গুৰুত্বপূর্ণ। পার্থক্য ইমানেই যে তেতিয়াৰ দেশ ৰক্ষাৰ মূল আছিল সামৰিক সমাধান। কিন্তু এতিয়াৰ সমস্যা হৈছে ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, ঐতিহাসিক, শৈক্ষিক, সাংস্কৃতিক আদি বিবিধ। সুচিন্তিত, সুবিবেচিতভাৱে সঠিক কার্যব্যৱস্থা নিৰূপণ আৰু তাৰ ক্ষিপ্র সমাধানে শৰাইঘাটৰ যুদ্ধত বিজয়ী কৰাৰ দৰেই আজিও তেতিয়াৰ সেনাপতি বৰফুকনস্বৰূপ দেশীয় চৰকাৰে সুচিন্তিতভাৱে আৰু ক্ষিপ্রতাৰে দেশৰ সমস্যাবােৰ সমাধান কৰিব নােৱাৰিলে দেশৰ অস্তিত্ব সংকটাপন্ন হ’ব বুলি কোৱা হৈছে। সমস্যা সমাধানৰ ৰণখনৰ বাবেই শৰাইঘাট আজিও আছে বুলি প্রবন্ধকাৰে কৈছে।
যুগমীয়া শৰাইঘাট Class 8 ভাষা অধ্যয়ন
‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোত একুৰ্মািন ‘ণ’থকা পদ আছে। সেইবােৰ বিচাৰি উলিয়াই লিখা আৰু পদটোৰ কাষত কি কাৰণে ‘ণ’ হৈছে উল্লেখ কৰা। লিখাৰ সুবিধাৰ বাবে তলত কেইটিমান উদাহৰণ দিয়া হল।
(ক) ঘণ্টা— (ণ + ট = ন্ট): মূর্ধন্য ট-ৰ লগত যুক্ত হােৱা বাবে। মূর্ধন্য ট বর্ণাৰ লগত যুক্ত হলে ণ হয়। যেনে— কণ্ঠ, খণ্ড, সঞ্চালনি ইত্যাদি।
(খ) ঋণ— ঋৰ পাছত থকা বাবে। ঋ, ৰ, যৰ ঠিক পাছত থাকিলে বা যুক্ত হলে মূর্ধন্য ণ হয়। যেনে— ৰণ, ভাষণ, কর্ণ ইত্যাদি।
(গ) পৰিণাম- প্ অ ই ণ আ ম আৰুণৰ মাজত ই আছে। ঋ, ৰ আৰুষৰ পাছত স্বৰবৰ্ণ, প বৰ্গ আৰুর, হ, য অকলে বা দ্বিত্ব হৈ মাজত থাকিলেও ইহঁতৰ পাছত মূর্ধন্য ণ হয়। যেনে– কৰুণা, কৃপণ, সমর্পণ, ৰামায়ণ, গ্রহণ ইত্যাদি।
প্রশ্ন ৭৷ তলত দিয়া শব্দবােৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দর্শোৱা।
(ক) কিয় মূর্ধন্য ণ হৈছে?
(খ) কিয় মূর্ধন্য ণ নহয় ?
পৰিণাম, পৰিধান, পৰিমাণ, প্রণাম, প্রার্থনা, বিশেষণ, কৃপণ, নির্ণয়, পাষাণ, শ্ৰৱণ,তৰাণি, নৰানি, ফেৰেঙনি, ৰামায়ণ।
উত্তৰ: ঋ, ৰ আৰু যৰ পাছত থকা দন্তন্য ন বােৰ মূর্ধন্য ণ হয়। আনহাতে ঋ, ৰ, য আৰু নৰ মাজত কোনাে স্বৰবৰ্ণ বা ক আৰু প-বর্গৰ কোনাে বর্ণ বা য, র, হ বা অনুস্বাৰ থাকিলেও ন মূর্ধন্য হয়।
এই ণত্ববিদিৰ নিয়ম অনুসাৰেই পৰিণাম, পৰিমাণ, প্রণাম, বিশেষণ, কৃপণ, নির্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ ন-বােৰ মূর্ধন্য ণ হৈছে।
ওপৰােক্ত নিয়ম কেৱল সংস্কৃত মূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবােৰ সংস্কৃতমূলীয় শব্দ কাৰণেই সেই নিয়মত পূৰ হৈছে। কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰ পৰিধান, তৰানি, নাৰানি, আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূর্ধন্য ণ নহয়
প্রশ্ন ৯। তলৰ শব্দবােৰৰ সন্ধি ভাঙি কি সন্ধি নাম লিখা ?
উত্তৰ পৰীক্ষা = পৰি + ঈক্ষা – স্বৰ সন্ধি।
দৈনিক= দিন + ইক ব্যঞ্জন সন্ধি। – স্বৰ সন্ধি।
class 8 assamese question answer lesson 1
class 8 assamese question answer lesson 4
class 8 assamese question answer lesson 2
class 8 assamese question answer lesson 5
class 8 assamese question answer lesson 3
class 8 assamese question answer lesson 8
class 8 assamese question answer chapter 2
class 8 assamese question answer lesson 6
class 8 assamese question answer assamese medium
class 8 assamese question answer assam jatiya bidyalay
class 8 assamese question answer ajb
class 8 assamese question answer lesson 6 assamese medium
class 8 assamese question answer lesson 4 assamese medium
class 8 assamese lesson 2 all question answer
class 8 assamese book question answer
class 8 assamese medium school social science book question answer
class 9 assamese book question answer chapter 8
class 9 assamese book question answer lesson 8
class 8 assamese question answer chapter 1
class 8 assamese question answer chapter 3
class 8 assamese question answer chapter 10
class 8 assamese question answer chapter 5
class 8 assamese question answer chapter 7
class 8 assamese question answer chapter 9
class 8 assamese question answer chapter 11