SEBA Class 7 Maths Solution Assamese Medium | সপ্তম শ্ৰেণীৰ গণিত সমাধান 2022

SEBA Class 7 Maths Solution Assamese Mediumসপ্তম শ্ৰেণীৰ গণিত সমাধান | পৰীক্ষাত উৎকৃষ্ট হ’বলৈ সপ্তম শ্ৰেণীৰ গণিত সমাধান যথেষ্ট মূল্যৱান হ’ব পাৰে। Assam board ছেবা শ্ৰেণী 7 গণিতৰ প্ৰশ্নউত্তৰে আপোনাক সকলো অধ্যায়ৰ বিষয়ে ভালজ্ঞান প্ৰদান কৰে। আপুনি মৌলিক আৰু উন্নত দুয়োটা স্তৰৰ প্ৰশ্নৰ সমাধান পাব পাৰে। আপোনাৰ ব’ৰ্ড পৰীক্ষাত উৎকৃষ্ট হোৱাৰ এটা সৰ্বশ্ৰেষ্ঠ উপায় হৈছে অসমনোটত ছেবা শ্ৰেণী 7 গণিত সমাধান অনুশীলন কৰা।

প্ৰদান কৰা এছচিইআৰটি সমাধানবোৰ শেহতীয়া চিবিএছই পাঠ্যক্ৰম অনুসৰি আৰু অসম বোৰ্ডৰ এছচিইআৰটি পাঠ্যপুথিৰ সকলো প্ৰশ্ন সামৰি লোৱা হৈছে। ইয়াত প্ৰদান কৰা বিতং সমাধানবোৰ প্ৰাপ্ত কৰক আৰু বিষয়টোৰ ওপৰত ভাল গ্ৰিপ প্ৰাপ্ত কৰক। পৃষ্ঠা বিন্যাসত অসমীৰ সপ্তম শ্ৰেণীৰ এছচিইআৰটি সমাধানত প্ৰৱেশ কৰক। আপোনাৰ অনুশীলনৰ সময়ত সেইবোৰ ব্যৱহাৰ কৰক আৰু পৰীক্ষাত ভাল নম্বৰ দিয়ক।

ছেবা শ্ৰেণী 7 গণিত সমাধান অসম মাধ্যমই এছচিইআৰটি পাঠ্যপুথিৰ সকলো ব্যায়ামৰ প্ৰশ্ন সামৰি লয়। ইয়াত প্ৰদান কৰা সমাধানবোৰে সকলো ধাৰণাৰ এক মসৃণ আৰু সহজ বুজাবুজি নিশ্চিত কৰে। প্ৰতিটো অধ্যায়ৰ আঁৰৰ ধাৰণাবোৰ বুজি লওক আৰু ব’ৰ্ড পৰীক্ষাত ভাল নম্বৰ লাভ কৰক। ইয়াত প্ৰদান কৰা সকলো সপ্তম শ্ৰেণীৰ অসম বোৰ্ড সমাধান বিষয় বিশেষজ্ঞসকলে এনচিইআৰটিৰ শেহতীয়া নিৰ্দেশনা অনুসৰি প্ৰদান কৰে। আপুনি সপ্তম শ্ৰেণীৰ গণিতৰ বাবে অধ্যায়অনুসৰি এছচিইআৰটি সমাধানত ক্লিক কৰিব পাৰে আৰু সেইবোৰ অনুশীলনৰ বাবে ডাউনলোড কৰিব পাৰে।

SEBA Class 7 Maths Solution Assamese Medium

অসম ব’ৰ্ড শ্ৰেণী 7 সামাজিক বিজ্ঞান সকলো অধ্যায় সমাধান। এই পৃষ্ঠাত আপুনি অসম ব’ৰ্ডৰ শ্ৰেণী 7 সামাজিক বিজ্ঞান সকলো অধ্যায় সমাধান হ’ব যি আপোনাক সান্ত্বনা দিব কিয়নো আপুনি বিভিন্ন প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। এই এন.চি.ই.আৰ.টি. শ্ৰেণী 7 সামাজিক বিজ্ঞান সমাধানবোৰ 2021-22 পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি আপডেট কৰা হৈছে। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজিপোৱা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে অসম ব’ৰ্ডৰ শ্ৰেণী 7 সামাজিক বিজ্ঞান সকলো অধ্যায় সমাধানৰ ওপৰত গুৰুত্ব দিব লাগিব কিয়নো ই আপোনাক প্ৰশ্নৰ অসুবিধাৰ বিষয়ে ক’ব। আপুনি অধিক প্ৰশ্ন অনুশীলন কৰাৰ পিছত অধ্যায়ৰ সৈতে সম্পৰ্কিত অধিক প্ৰশ্ন সমাধান কৰিবলৈ সক্ষম হ’ব পাৰে আৰু এনেদৰে অধিক নম্বৰ প্ৰাপ্ত কৰিব পাৰে।

সপ্তম শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব। ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে অসমীয়া, ইংৰাজী,গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, হিন্দী। প্ৰতিটো বিষয়ৰ প্ৰশ্ন উত্তৰ দিয়াৰ উপৰিও প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন উত্তৰ দিয়া হৈছে। প্ৰশ্ন উত্তৰসমূহ সহজ-সৰল ভাষাত দিয়া হৈছে যাতে সহজতে হৃদয়ংগম কৰিব পাৰে। আশা কৰোঁ যে পুথিখনে এই বিষয়ৰ শিক্ষাৰ উদ্দেশ্যাৱলী সফলভাৱে ৰূপায়ণ কৰিব পাৰিব।

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান

ভূগোল খণ্ড আমাৰ পৃথিৱী

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া

(ক) দ্রাঘিমাৰেখাৰ মুঠ সংখ্যা কিমান?

উত্তৰ : ৩৬০ ডাল।

(খ) ভাৰতীয় মান সময়ৰ দ্রাঘিমাংশ কিমান?

উত্তৰ : ৮২

(গ) পৃথিৱীক ৩৬০° পৰিভ্ৰমণ কৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন ?

উত্তৰ:- ২৪ ঘণ্টা

(ঘ) খ্ৰীণিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্রাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে?

উত্তৰঃ গ্ৰীণিজ মান সময়।

(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কি?

উত্তৰ:- ডিগ্ৰী

প্রশ্ন ২। খালী ঠাই পূৰ কৰা ঃ

(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত― কোণ কৰি থাকে।

উত্তৰঃ (ক) ৩৬০° 

(খ) দ্রাঘিমা ৰেখাৰ মান বা জোখক – বোলে। 

উত্তৰঃ দ্রাঘিমাংশ

(গ) প্রাথমিক দ্রাঘিমাৰেখাৰ কৌণিক দূৰত্ব  ―দ্রাঘিমাংশ।

উত্তৰঃ ০°

(ঘ) মধ্যাহ্ন সূৰ্যৰ পৰা ঠাই এখন ১৫° আঁতৰি গ’লে ঠাইখনত ― বাজিব

উত্তৰঃ 

প্রশ্ন ৩। সঁচা মিছা নিৰ্ণয় কৰা :

(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন

(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০° অতিক্ৰম কৰাৰ সময়ত ১ দিন যোগ দি ল’ব লাগে।

(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাঁই খনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়।

(ঘ) ১৮০° দ্রাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।

(ঙ) গ্ৰীণিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্রাঘিমাংশত অৱস্থিত।

উত্তৰঃ (ক) মিছা (খ) মিছা (গ) সঁচা (ঘ) সঁচা (ঙ) সঁচা।

প্রশ্ন ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) ভ্ৰমণকাৰীয়ে গ্ৰীণিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ / লোকচান হোৱা বুলি অনুভৱ কৰে।

উত্তৰ:- লাভ।

(খ) প্রাথমিক দ্রাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্রী দ্রাঘিমা ৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া / পিছপৰা।

উত্তৰ:- আগবঢ়া।

(গ) ভাৰতীয় মান দ্রাঘিমা ৰেখা হিচাপে ৮৩°২০/৯০/৮২°৩০ পূব দ্রাঘিমাৰেখা ডালক গ্ৰহণ কৰা হৈছে। 

উত্তৰ: 82°30° পূব।

(ঘ) গ্ৰীণিজতকৈ মুম্বাইত আগতে সুর্যোদয় হয়। গতিকে মুম্বাই পূব/পশ্চিম দ্রাঘিমাংশত অৱস্থিত।

উত্তৰ ঃ পূব দ্রাঘিমাংশত।

(ঙ) আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময় / গ্রীণিজ সময় / ভাৰতীয় মান সময় মতে চলে।

উত্তৰ:- ভাৰতীয় মান সময়।

প্রশ্ন ৫। পার্থক্য লিখা

(ক) অক্ষৰেখা আৰু দ্রাঘিমা ৰেখা

উত্তৰ : (১) বিযুৱৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহেই হ’ল অক্ষৰেখা। আনহাতে প্রাথমিক দ্রাঘিমাৰ পূব আৰু পশ্চিমে দুয়োমেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হ’ল দ্রাঘিমাৰেখা।

(২) কোনো এখন ঠায়ে বিষুৱৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখেই সেই ঠাইৰ অক্ষাংশ। আনহাতে বিষুৱৰ ওপৰত প্ৰাথমিক দ্রাঘিমাৰেখাৰ পৰা যি কোনো স্থানৰ কৌণিক দূৰত্বই হ’ল ঠাইখনৰ দ্রাঘিমাংশ।

(৩) অক্ষৰেখা বেখাবোৰ বৃত্তাকাৰ, দ্রাঘিমাৰেখাবোৰ বৃত্তাকাৰ নহয়।

(খ) স্থানীয় সময় আৰু মান সময়।

উত্তৰ : কোনো এখন ঠাইৰ মধ্যাহ সূৰ্যৰ অৱস্থান চাই যি সময় গণনা করা হয় তাকেই ঠাইখনৰ স্থানীয় সময় বোলা হয়। আনহাতে কোনো এক বা একাধিক নির্দিষ্ট দ্রাঘিমাৰ ভিত্তিত সমগ্ৰ দেশ এখনৰ বাবে যি সময় গণনা কৰা হয় তাকে দেশখনৰ মান সময় বোলা হয়।

দ্বিতীয়তে, বেলেগ বেলেগ দ্রাঘিমাৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময়ো বেলেগ বেলেগ। আনহাতে দেশ এখনৰ মান সময় নিৰূপণৰ বাবে এডাল মান দ্রাঘিমাৰেখা নিৰূপণ কৰা হয়। অৱশ্যে কিছুমান দেশত একাধিক মান সময় গ্ৰহণ কৰা হয়।

তৃতীয়তে, কোনো এখন ঠাইৰ স্থানীয় সময় উলিয়াবলৈ প্ৰাথমিক দ্রাঘিমা ৰেখাৰ মান সময়ক (GMT) ভিত্তি হিচাপে লোৱা হয়। আনহাতে, দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্রাঘিমা বেখাডালৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে মান সময় গণনা হয়।

প্রশ্ন ৬। সমাধান কৰা :

(ক) গ্ৰীণিজত মান সময়মতে ৭ বাজিলে কোনো এখন ঠাইত দুপৰীয়া ১২ বাজে। ঠাইখনত দ্রাঘিমাংশ নিৰ্ণয় কৰা।

সমাধানঃ ঠাইখন আৰু গ্ৰীণিজৰ সময়ৰ পাৰ্থক্য ১২-৭=৫ ঘণ্টা গ্ৰীণিজ আৰু ঠাইখনৰ মাজত স্থানীয় সময়ৰ ব্যৱধান যদি ৪ ঘণ্টা হয়, তেন্তে ঠাইখনৰ দ্রাঘিমাংশ হ’ব ১৫° × ৫ = ৭৫°

যিহেতু ঠাইখনত গ্ৰীনিজতকৈ আগতে দুপৰীয়া হয়, সেয়েহে ঠাইখন গ্ৰীণিজৰ পুবত অৱস্থিত।

এতেকে ঠাইখন ৭৫° পূব দ্রাঘিমাত অৱস্থিত।”

(খ) দুপৰীয়া ১২ বজাত নিউইয়র্ক (৭৫° প.) চহৰৰ পৰা লচ এঞ্জেল্‌চ (১১৮° প.) লৈ এটি অনাতাৰ বাৰ্তা প্ৰেৰণ কৰিলে। লচ এঞ্জেলচৰ স্থানীয় সময় মতে কেইবজাত বার্তাটি প্ৰেৰণ কৰিছিল?

সমাধান : দুয়োখন ঠাঁই গ্রীণিজৰ পশ্চিমত অৱস্থিত।

এতেকে ঠাই দুখনৰ দ্রাঘিমাংশৰ পাৰ্থক্য হ’ব ১১৮°- ৭৫º=৪৩°

এতেকে ঠাই দুখনৰ সময়ৰ পাৰ্থক্য হ’ব

৪৩°× ৪ মিনিট

= ১৭২ মিনিট

১৭২÷ ৬০মিনিট

= ২ ঘণ্টা ৫২ মিনিট

যিহেতু নিউইয়র্কতকৈ লচ এঞ্জেলছ বেছি পশ্চিমত অৱস্থিত, গতিকে নিউয়র্কত দুপৰীয়া১২ বাজিলে লচ এঞ্জেলত স্থানীয় সময় হ’ব

= ১২ – ২ ঘণ্টা ৫২ মিনিট

= পুৱা ৯ বাজি ৮ মিনিট

(গ) নতুন দিল্লীৰ (৭৭° পূঃ) স্থানীয় সময়মতে দিনৰ ৯ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখন ধুবুৰী (৯০° পূঃ) চহৰৰ স্থানীয় সময়মতে কেতিয়া অনুষ্ঠিত হ’ব? 

সমাধানঃ ঠাই দুয়োখন গ্ৰীণিজৰ পূবত অৱস্থিত। এতেকে ঠাই দুখনৰ দ্রাঘিমাংশৰ পাৰ্থক্য হ’ব  ৯০° – ৭৭° = ১৩°

সময়ৰ পাৰ্থক্য = ১৩°×৪ মিনিট = ৫২ মিনিট যিহেতু নতুন দিল্লীতকৈ ধুবুৰী বেচি পূবত অৱস্থিত, গতিকে নতুন দিল্লীত দিনৰ ৯ বাজিলে ধুবুৰীৰ স্থানীয় সময় হ’ব ৯ + ৫২ মিনিট অর্থাৎ পুৱা ৯ বাজি ৫২ মিনিট হ’ব। গতিকে ধুবুৰীত খেলখন দিনৰ ৯ বাজি ৫২ মিনিটত অনুষ্ঠিত হ’ব।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অক্ষৰেখাৰ মান বা জোখক কি বোলে?

উত্তৰ : অক্ষাংশ ৷

প্রশ্ন ২। অক্ষাংশ কাক বোলে?

উত্তৰ ঃ কোনো এখন ঠায়ে বিষুৱৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখকেই সেই ঠাইখনৰ অক্ষাংশ বোলে ৷

পৃথিৱীৰ অভ্যন্তৰ ভাগ

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত।

উত্তৰ: ৩ টা।

(খ) ভূ-ত্বক গড়ে প্রায় ২০/৩০/২৫ কিলো ‘মিটাৰ ডাঠ। 

উত্তৰ : প্রায় ২০ কিলোমিটাৰ।

(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল—– ভূ-ত্বক/ শুকমণ্ডল/কেন্দ্ৰমণ্ডল।

উত্তৰ:- কেন্দ্ৰমণ্ডল।

(ঘ) জীৱাশ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয় শিল/ ৰূপান্তৰিত শিলত পোৱা যায়৷

উত্তৰঃ গেদীয় শিল

(ঙ) আটাইতকৈ টান মণিক হ’ল সোণ/হীৰা/দস্তা।

উত্তৰ : হীৰা।

প্রশ্ন ২। খালী ঠাঁই পূৰ কৰা :

(ক) ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্রমান্বয়ে ― বাঢ়ি গৈ থাকে।

(খ) ভূ-ত্বক স্তৰক –– বুলিও জনা যায়।

(গ) মাটি ― আৰু ― পদাৰ্থৰে গঠিত।

(ঘ) মেগ্‌মাৰ পৰা উৎপত্তি হোৱা শিলক ―  শিল বোলে।

(ঙ) মণিকবোৰ সাধাৰণতে ― পদার্থ।

উত্তৰ:- (ক) উষ্ণতা (খ) ছিয়াল (গ) জৈৱিক, অজৈৱিক (ঘ) আগ্নেয় (ঙ) অজৈৱিক

প্রশ্ন ৩। চমু উত্তৰ দিয়া :

(ক) ভূ-ত্বক মানে কি বুজা ?

উত্তৰ:- ভূ-ত্বক হ’ল পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটো । ভূ-ত্বক অসমান আৰু ওখোৰা-মোখোৰা ৷ পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অৱয়ববোৰ ভূ-ত্বকতেই অৱস্থিত। ই গড়ে প্রায় ২০ কিল’মিটাৰ ডাঠ। ভূ-ত্বকটো গ্ৰেণাইট জাতীয় শিলেৰে গঠিত। ভূ-ত্বকৰ সমুদ্ৰৰ তলিৰ অংশটো বেছল্ট জাতীয় শিলেৰে গঠিত৷

(খ) আগ্নেয় শিল কাক বোলে?

উত্তৰ:- মেগমা লাভা গোঁট মাৰি আগ্নেয় শিল সৃষ্টি হয়। পৃথিৱীৰ অন্তৰ্ভাগত উত্তপ্ত আৰু গলিত অৱস্থাত থকা মেগ্‌মা ভূ-পৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনেধৰণৰে গঠন হোৱা শিলক অন্তর্ভেদী আগ্নেয় শিল বোলে। কেতিয়াবা নানা প্রাকৃতিক কাৰণত মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূ-পৃষ্ঠত জমা হয়। পিছত বায়ুৰ পৰশত তাপ বিকিৰণ কৰি শিলত পৰিণত হয়। এনে শিলক বহির্ভেদী আগ্নেয় শিল বোলে। আগ্নেয় শিলক প্রাথমিক শিল বুলিও কয়। যেনে – বেছল্ট, শ্রেণাইট ইত্যাদি।

Class 7 Social Science Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ

(গ) মাটি বুলিলে কি বুজা?

উত্তৰ:- শিলৰ পৰাই মাটিৰ সৃষ্টি হয়। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত অহি-হিচূর্ণ-বিচূর্ণ হয়। সেইসমূহ পুনৰ বতাহ, নদী, হিমপ্ৰৱাহ আদিয়ে কঢ়িয়াই আনি বিভিন্ন স্থানত জমা কৰে৷ এইদৰেই মাটিৰ সৃষ্টি হয়। প্রকৃতার্থত মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। জৈৱিক উপাদান হ’ল হিউমাছ। মাটিত মিহলি হৈ থকা অজৈৱিক পদাৰ্থবোৰ হ’ল নাইট্ৰজেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফছফৰাচ, কেলচিয়াম, লো ইত্যাদি। মাটিতে মণিক থাকে। সাধাৰণতে মাটি ভূ-পৃষ্ঠৰ পৰা ৫ ৰ পৰা ১০ ফুট তললৈ পোৱা যায়।

(ঘ) মণিক কি ?

উত্তৰ:- পৃথিৱীত, প্রাকৃতিভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহেই হ’ল মণিক। ভূ ত্বকৰ গোটেই খোলাটোত মণিক পোৱা যায়। বৰণ, বর্ণৰেখা, ৰূপ, স্বচ্ছতা আদিবোৰ মণিকৰ মূল ধর্ম। কিছুমান মণিক শিল গঠনকাৰী আৰু আন কিছুমান আকৰ গঠনকাৰী। মণিকসমূহ আবৃত আৰু অনাবৃত দুয়ো অৱস্থাতে পোৱা যায়। কঠিনতা মণিকৰ অন্যতম মূলধর্ম।

(ঙ) হিউমাছ কাক বোলে?

উত্তৰ ঃ মাটিত থকা গছ-গছনিৰ ডাল-পাতৰ অংশ, বিভিন্ন জীৱ-জন্তুৰ বিষ্ঠা আদি ৰ’দত শুকাই, পানীত পচি আৰু অনুজীৱৰ প্ৰভাৱত এক জাতীয় জৈৱিক পদাৰ্থৰ সৃষ্টি হয়। মাটিৰ এই জৈৱিক উপাদানেই হ’ল হিউমাছ। হিউমাছৰ পৰা উদ্ভিদে পুষ্টি পায়। মাটিত হিউমাছ বেছি হ’লে মাটিৰ পানী ধাৰণ কৰাৰ ক্ষমতা বাঢ়ে।

প্রশ্ন ৪। উত্তৰ দিয়া :

(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি ? চিত্র আঁকি বুজাই লিখা।

উত্তৰ : আমাৰ পৃথিৱীখন ওপৰৰ পৰা ভিতৰলৈ কিছুমান তৰপেৰে গঠিত। পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে থকা পদাৰ্থৰ বিভিন্নতা আৰু সিহঁতৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠৰ পৰা অভ্যস্তৰ ভাগলৈ মূল তিনিটা স্তৰত ভাগ কৰা হৈছে। সেই কেইটা হ’ল ক্রমে – (ক) ত্বক (খ) গুৰুমণ্ডল (গ) কেন্দ্রমণ্ডল।

পৃথিৱীৰ ওপৰৰ পৰা কেন্দ্ৰলৈকে স্তৰে স্তৰে কঠিন, অর্ধ জুলীয়া আৰু জুলীয়া পদার্থ পোৱা যায়। লঘু ঘনত্বৰ পদাৰ্থবোৰ গধুৰ ঘনত্বৰ পদাৰ্থৰ ওপৰত ওপত্তি থাকে। পৃথিৱীৰ উপৰি ভাগৰ কঠিন আৱৰণটোৱেই ভূ-ত্বক। ই প্রায় ২০ কিলোমিটাৰ ডাঠ। ভূ-ত্বকৰ ঠিক তলৰ স্তৰটো গুৰুমণ্ডল। ভূ-তুতকৈ এই স্তৰৰ পদাৰ্থৰ ঘনত্ব বেছি। এই স্তৰটো প্ৰায় ২,৯০০ কিল’মিটাৰ ডাঠ। গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্রক আৱৰি থকা স্তৰটো হ’ল কেন্দ্ৰমণ্ডল। ই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্ৰায় ৩,৪৮৬ কিলোমিটাৰ ডাঠ।

(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা।

উত্তৰ:- উৎপত্তি অনুযায়ী শিলক তিনিপ্ৰকাৰে ভগাব পাৰি। এই (১) আগ্নেয় শিল, (২) গেদীয় শিল, (৩) ৰূপান্তৰিত শিল।

আগ্নেয় শিলৰ ভাগ দুটা – অন্তর্ভেদী আৰু বহির্ভেদী।

তিনি প্ৰকাৰৰ শিল হ’ল—

আগ্নেয় শিলঃ পৃথিৱীত আগ্নেয়শিল প্রথমতে সৃষ্টি হৈছিল। সেয়ে ইয়াক প্রাথমিক শিল বুলিও কয়। ভূগৰ্ভত থকা উত্তপ্ত আৰু গলিত মেগ্‌মা কেতিয়াবা বাহিৰলৈ ওলাই আহিব নোৱাৰি ভিতৰতে তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। তেনে শিলক অন্তর্ভেদী আগ্নেয় শিল বোলে। আকৌ কেতিয়াবা মেগ্‌মা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূ-পৃষ্ঠত জমা হয়। এইবোৰে বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ শিলত পৰিণত হয়। এনে শিলক বহির্ভেদী আগ্নেয়শিল বোলে। যেনে— বেছল্ট, শ্রেণাইট ইত্যাদি।

গেদীয় শিলঃ নানা ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত আৰু উদ্ভিদৰ ক্ৰিয়াৰ বাবে আগ্নেয় শিল দুর্বল হৈ ভাঙিবলৈ ধৰে। পিছত এই ভগা অংশবিলাক বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, হ্রদ আদিত তৰপে তৰপে জমা কৰে৷ এইদৰে বছৰি পানী মিহলি হৈ থকা লো, চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হৈ অৱশেষত শিলত পৰিণত হয়। এনে শিলক গেদীয় শিল বোলে। স্তৰে স্তৰে এই শিল গঠন হয় বাবে ইয়াক স্তৰীভূত শিলো বোলে। যেনে – কয়লা, চূণশিল ইত্যাদি।

ৰূপান্তৰিত শিলঃ আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন দৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে। যেনে— নিছ, মাৰ্বল ইত্যাদি।

(গ) শিল আৰু মাটিৰ মাজত পার্থক্য বিচাৰ কৰা।

উত্তৰ:- পৃথিৱীৰ খোলাটোৰ এক প্রধান উপাদান হ’ল শিল। শিলসমূহ ভিন ডিন মণিকেৰে গঠিত। এক বা একাধিক মণিকেৰে শিল গঠিত। শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ-আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। শিলত কিছুমান ৰাসায়নিক পদার্থ থকাৰ উপৰি কিছু পৰিমাণে তাম, সাঁহ, দস্তা আদি ধাতুও থাকে।

মাটিও ভূ-ত্বকৰ আন এবিধ উপাদান। সাধাৰণতে শিলৰ পৰাই মাটিৰ সৃষ্টি হয়। শিলবিলাক নানা প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চূর্ণ-বিচূর্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰেই মাটিৰ সৃষ্টি হয়। প্রকৃতার্থত মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। মাটিৰ জৈৱিক উপাদান হ’ল হিউমাছ। মাটিত থকা অজৈৱিক পদাৰ্থৰ ভিতৰত নাইট্ৰজেন, পটেছিয়াম, ছালফাৰ আদি উল্লেখযোগ্য। শিলৰ পৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবিলাক মাটিতো পোৱা যায়।

শিল আৰু মণিকৰ পাৰ্থক্য

(১) শিলোবোৰ মণিকৰ দ্বাৰা গঠিত কিন্তু মাটি শিলৰ পৰা সৃষ্ট।

(২) শিল কঠিন; কিন্তু মাটি শিলৰ দৰে কঠিন নহয়।

(৩) ভূ-ত্বক গঠনত মাটিতকৈ শিলৰ ভূমিকা বেছি।

(৪) শিলত থকা মণিকৰ বৈশিষ্টাৰ ভিত্তিত শিলৰ কঠিনতা, আকৃতি আদি নিৰ্ভৰ কৰে; কিন্তু মাটিৰ ক্ষেত্ৰত তাত থকা মণিকে সিমান প্রভাৱ নেপেলায়।

(৫) শিলত হিউমাছ নাথাকে; কিন্তু মাটিত হিউমাছ থাকে।

(ঘ) “মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে – কথাষাৰ বুজাই লিখা।

উত্তৰ ঃ মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থকা অসম্ভৱ। মানুহৰ জীৱন-ধাৰণৰ বাবে খাদ্য দ্রব্য, নানা ধৰণৰ সামগ্ৰী। বাসস্থান আদি মাটিৰ ওপৰতেই নিৰ্ভৰশীল। জীৱ জগতৰ আবাসস্থলী, মানুহৰ খেতি-বাতি, যাতায়াত ব্যৱস্থা মাটিৰ ওপৰতেই হয়। গছ-গছনিও মাটিৰ ওপৰতেই সৃষ্টি হয়। মাটিত হিউমাছ থাকে। মাটিত থকা এনে জৈৱিক পদার্থসমূহে উদ্ভিদক পুষ্টিৰ যোগান ধৰে। মাটিত থকা পানীভাগে গছ গছনিৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। মাটি অবিহনে গছ-গছনি নাপাওঁ। গছ গছনি নহ’লে প্ৰাণীজগত বর্তি নাথাকে। গতিকে দেখা যায় যে মাটি অবিহনে গছ গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে।

(ঙ) “মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য” – কথাষাৰ বুজাই লিখা।

উত্তৰঃ আমি জানো যে মাটি শিলৰ পৰাই সৃষ্টি হয়। আনহাতে শিল সৃষ্টি হয় মণিকৰ পৰা। মণিকবোৰ খুবেই কঠিন বাবে শিলবোৰো যথেষ্ট কঠিন হয়। এই কঠিন শিলক মাটিত পৰিণত কৰাত জলবায়ুৱে গুৰুত্বপূর্ণ ভূমিকা লয়। আনহাতে শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, ৰ’দ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি-বহি, চূর্ণ বিচূর্ণ হয়। এনে জহি-খহি চূর্ণ-বিচূৰ্ণ হোৱা শিলৰ টুকুৰাবোৰ পুনৰ বতাহ, নদী, হিমবাহ আদিয়ে কাঢ়ি নি বিভিন্ন ঠাইত জমা কৰে। এনেদৰে মাটিৰ সৃষ্টি হয় ৷

গতিকে দেখা গ’ল যে মাটি গঠনত জলবায়ুৰ প্ৰভাৱ সবাতকৈ বেছি। ইয়াৰ ভিতৰত উত্তাপ, বৰষুণ আৰু উদ্ভিদে অধিক প্ৰভাৱ বিস্তাৰ কৰে। শীতলকালত মাটিৰ গঠন প্রক্রিয়া অতি ধীৰ।

(চ) ভূ-ত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পর্ক বিচাৰ কৰা।

উত্তৰ : শিল, মণিক আৰু মাটি – এই তিনিটাই ভূ-ত্বকৰ অন্যতম উপাদান। শিল, মাটি আৰু মণিক আদি ভূ-ত্বকতেই অৱস্থিত। ভূ-ত্বক স্তৰটো সাধাৰণতে প্ৰেনাইট জাতীয় শিলেৰে গঠিত। আনহাতে ভূ-ত্বকৰ সমুদ্ৰৰ তলিৰ অংশটো মূলত বেছল্ট জাতীয় শিলেৰে গঠিত। ভু-ত্বকত পোৱা শিলসমূহো মণিকৰ দ্বাৰা গঠিত। কিছুমান শিলত মণিক কেরাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধ মানহে মণিক থাকে। শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। সকলো মণিকে শিল গঠন নকৰে। কিছুমান মণিকেহে শিল গঠন কৰে। শিল গঠনকাৰী মণিকসমূহে শিল গঠনত সহায় কৰে। ভূ-ত্বকত পোৱা কোৱাৰ্টজ, ছিলিকেট, কার্বনেট অক্সাইড আৰু ফেল্ডস্পাৰ আদি মণিকে শিল গঠন কৰে। ভূ-ত্বকত পোৱা আবৃত মণিকসমূহ মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত থাকে। আনহাতে ভূ-ত্বকত পোৱা মাটিও শিলৰ দ্বাৰাই গঠিত। প্রাকৃতিক কাৰকৰ প্ৰভাৱত শিল চূর্ণ-বিচূৰ্ণ হৈ মাটিত পৰিণত হয়। শিলৰ পৰাই মাটি হয় বাবে শিলত থকা মণিকবিলাক মাটিতো পোৱা যায়। গতিকে দেখা যায় যে ভূ-ত্বকত পোৱা শিল, মাটি আৰু মণিকৰ মাজত এক বিশেষ সম্পর্ক আছে।

পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ দিয়া

(ক) বায়ুমণ্ডল বুলিলে কি বুজা?

উত্তৰ ঃ আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুত অক্সিজেন, নাইট্ৰ’জেন, কার্বন-ডাই অক্সাইড, হিলিয়াম, আর্গন, অজন, হাইড্ৰজেন গেছ আদি থাকে। ইয়াৰ উপৰি বায়ুত ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে।

(খ) ফলকবোৰ কিয় লৰচৰ কৰে?

উত্তৰ ঃ পৃথিৱীৰ খোলাটো বা ভূ-ত্বকটো কিছুমান ফলকৰ সমষ্টি। এই ফলকবোৰ গতিশীল। এই ফলকবোৰ অতি ধীৰ গতিৰে ইফালে সিফালে লৰচৰ কৰি থাকে। এই ফলকবোৰে লৰচৰ কৰি থাকোঁতে দুখন বা ততোধিক ফলকত ঘঁহনি খায়। ভূ-পৃষ্ঠৰ তলত থকা তেজষ্ক্রিয় পদাৰ্থৰ ভংগনৰ ফলত উৎপন্ন হোৱা শক্তিৰ ফলত উৎপত্তি হোৱা পৰিচলন সোঁতৰ ফলত ফলকসমূহ লৰচৰ কৰে।

(গ) সাময়িক বতাহৰ বিষয়ে লিখা।

উত্তৰঃ সাময়িক বতাহ দিনটোৰ বিভিন্ন সময়ত বলে৷ সেইদৰে এই বতাহ বছৰৰ বিভিন্ন ঋতুত বয়। বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জলবতাহ, স্থলবতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহ।

(ঘ) বালিস্তুপ কি ?

উত্তৰ:-বতাহে কঢ়িয়াই নিয়া বস্তুবোৰ বতাহৰ সোঁত কমাৰ লগে লগে মাটিত জমা হ’বলৈ ধৰে ৷ তেনেদৰে মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিপ সৃষ্টি কৰে। বালিস্তুপক বালিয়াৰি বুলিও কয়। বালিস্তুপবোৰক গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি বিভিন্ন নামেৰে মতা হয়। বোৰ বতাহৰ দিশৰ লগত সমকোণ কৰি জমা হয় তাক অনুপ্রস্থ বালিস্তুপ বোলে।

(ঙ) অশ্বখুৰাকৃতিৰ হ্ৰদ কি? 

উত্তৰ ঃ নদীৰ গতি পথৰ মধ্য অংশত নদীয়ে সর্পিল গতিৰে আগবাঢ়ি যায়। খালি নদীৰ পানী কম থাকিলে এই ভাজে ভাজে নদী বৈ থাকে কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাজ এৰি পোনে পোনে ববলৈ লয়। তেতিয়া নদীয়ে এৰি যোৱা ভাজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাজটো বিল বা হ্রদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বখুৰাকৃতিৰ হ্ৰদ বোলে।

প্রশ্ন ২। শুদ্ধ উত্তৰটো (V) চিন দিয়া

(i) তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে—

(ক) কার্বন ডাই-অক্সাইড     (খ) নাইট্ৰ’জেন    (গ) অজন

উত্তৰ : (গ) অ’জন।

(ii) হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ’ল—

(ক) প্লাৱন ভূমি      (খ) কাঠফুলা       (গ) গ্ৰাৱ

উত্তৰ: (গ) গ্ৰাৱ

(iii) পানীৰ ৰূপত পৃথিৱীৰ পৰা অধোক্ষেপণৰ নাম—

(ক) বৰষুণ       (খ) মেঘ        (গ) বৰফ

উত্তৰ : (ক) বৰষুণ।

(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই—

(ক) মৰুভূমি      (খ) নদী উপত্যকা   (গ) প্লাৱন ভূমি

উত্তৰ : (ক) মৰুভূমি

(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ’ল—

(ক) মেছ’স্ফিয়াৰ    (খ) ষ্টেট স্ফিয়েৰ     (গ) ট্রপ স্ফিয়েৰ।

উত্তৰঃ (গ) ট্রপ স্ফিয়েৰ।

(vi) অশ্বখুৰাকৃতিৰ হ্ৰদৰ সৃষ্টি হোৱা ঠাই—

(ক) হিমবাহ অঞ্চল (খ) নদী উপত্যকা    (গ) মৰুভূমি।

উত্তৰ ঃ (খ) নদী উপত্যকা।

প্রশ্ন ৩। বাঁওফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা ―

(ক) বাণিজ্য বতাহ              (ক) নদীৰ মধ্য অংশ

(খ) হিমবাহ                       (খ) স্থানীয় বতাহ

(গ) লু                              (গ) অ’জন স্তৰ

(ঘ) সর্পিল গতি।                 (ঘ) বৰফৰ নদী

(ঙ) ষ্টেট ‘স্ফিয়েৰ                (ঙ) নিয়ত বতাহ

উত্তৰঃ 

(ক) বাণিজ্য বতাহ         ―     (ঙ) নিয়ত বতাহ

(খ) হিমবাহ                  ―      (ঘ) বৰফৰ নদী

(গ) লু                          ―      (খ) স্থানীয় বতাহ

(ঘ) সর্পিল গতি             ―  (ক) নদীৰ মধ্য অংশ

(ঙ) ষ্টেট স্ফিয়েৰ।          ―    (গ) অ’জন স্তৰ

প্রশ্ন ৪। কাৰণ দর্শোৱা—

(ক) সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।

উত্তৰঃ সেমেকা বতৰৰ বায়ু মণ্ডলত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প ভৰি থাকে৷ তলত জলীয় বাষ্প সিক্ত বায়ুৱে তিতা কাপোৰৰ পৰা জলীয় বাষ্প শুহি লোৱাত সময় লয়। সেয়েহে সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।

(খ) প্লাৱন ভূমিবোৰ বৰ সাৰুৱা।

উত্তৰ: নদীয়ে কঢ়িয়াই অনা পদাৰ্থৰ বেছি অংশই নদীৰ মধ্য অঞ্চলত পতিত হয়। এইবোৰ প্ৰতি বছৰে নদীৰ দুয়োপাৰত জমা হৈ একো একোখন বিস্তৰ সমভূমিৰ সৃষ্টি কৰে। এনেকুৱা সমভূমিক প্লাৱন সমভূমি বোলে। নদীয়ে কঢ়িয়াই অনা বালি, বোকাৰ লগত পলস আহে। ফলত প্লাৱন ভূমিৰ মাটি যথেষ্ট পলসুৱা হয়। সেয়ে প্লাৱন ভূমিবোৰ বৰ সাৰুৱা।

(গ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ৷

উত্তৰ ঃ ভূ-পৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচূৰ্ণভৱনৰ দ্বাৰা শিলবোৰ চূর্ণ-বিচূৰ্ণ হৈ পৰি থাকে। বতাহে এইবোৰ উৰৱাই নি এঠাইত জমা কৰে। বতাহে অতি পাতল ধূলিকণাবোৰ বহু দূৰলৈ উৰুৱাই নিব পাৰে। কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে। এটা নির্দিষ্ট উচ্চতাত বতাহে উৰৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি। সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় হয়। এনে কাৰ্যৰ ফলত কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে৷

(ঘ) বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।

উত্তৰ ঃ আমি জানো যে বিষুৱৰ ওচৰৰ ঠাইবোৰত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে। ফলত বিষুৱৰ ওচৰৰ ঠাইবোৰত বায়ুমণ্ডলৰ উষ্ণতা বেছি। সমান্তৰালভাৱে মেৰুৰ ওচৰৰ ঠাইবোৰৰ উষ্ণতা কম হয়। মেৰু অঞ্চলত উষ্ণতা কম বাবে জলবায়ু শীতল।

ক্রিয়াকলাপ ভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছ বিধৰ নাম কি?

উত্তৰ:- নাইট্ৰ’জেন।

প্রশ্ন ২। উদ্ভিদে খাদ্য প্রস্তুত কৰোঁতে কি গেছ ব্যৱহাৰ কৰে?

উত্তৰ:- কাৰ্বন-ডাই-অক্সাইড।

প্রশ্ন ৩। বায়ুমণ্ডলৰ কোনটো স্তৰত ধুমুহা, বৰষুণ আদি হয় ?

উত্তৰঃ ট্ৰপস্ফিয়েৰ।

প্রশ্ন ৪। কোনটো স্তৰৰ মাজেদি উৰাজাহাজ চলাচল কৰিবলৈ সুবিধাজনক ?

উত্তৰঃ ষ্টেট স্ফিয়েৰ।

প্রশ্ন ৫। অ’জন স্তৰে আমাক কি দৰে উপকাৰ সাধে?

উত্তৰ : অ’জন স্তৰটোৱে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ কু-প্রভাৱৰ পৰা ৰক্ষা কৰে।

প্রশ্ন ৬। ষ্ট্রেট স্ফিয়েৰ স্তৰটোৰ বিস্তৃতি কিমান?

উত্তৰঃ ষ্ট্ৰেট’স্ফিয়েৰ স্তৰটো বায়ুমণ্ডলৰ প্ৰায় ৫০ কি.মি. উচ্চতালৈ বিস্তৃত।

প্রশ্ন ৭। বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায় ?

উত্তৰ: মেছ ‘স্ফিয়াৰ।

প্রশ্ন ৮। কোনটো স্তৰে আমাক ৰেডিঅ’ শুনাত সহায় কৰে?

উত্তৰ : থার্মোস্ফিয়েৰ।

প্রশ্ন ৯। মেৰু অঞ্চল সদায় বৰফে আৱৰা কিয়?

উত্তৰ : বিষুৱৰ পৰা দুই মেৰুৰ ফালে গোটেই বছৰ জুৰি সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে। সেয়ে মেৰু অঞ্চলৰ বায়ুমণ্ডল অতি শীতল। সেয়ে মেক অঞ্চল বৰফ আবৃত হৈ থাকে।

প্রশ্ন ১০। বিষুৱীয় অঞ্চলত বায়ুমণ্ডলৰ উষ্ণতা বেছি কিয়? 

Class 7 Social Science Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন

উত্তৰ ঃ বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ ধৰি পোনে পোনে বা লম্বভাৱে পৰে বাবে সেই অঞ্চলত বায়ুমণ্ডলৰ উষ্ণতা সদায় বেছি।

প্রশ্ন ১১। বিষুৱীয় অঞ্চলত সদায়েই বায়ুৰ চাপ কম কিয়?

উত্তৰ: বিষুৱীয় অঞ্চলত বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে সেই অঞ্চলৰ বায়ুমণ্ডলৰ উষ্ণতা সদায় বেছি। যিহেতু উষ্ণতা বাঢ়িলে বায়ুৰ চাপ কমে, সেয়ে বিষুবীয় অঞ্চলত সদায়েই বায়ুৰ চাপ কম।

প্রশ্ন ১২। মেৰু অঞ্চলত বায়ুৰ চাপ বেছি হোৱাৰ কাৰণ কি? 

উত্তৰ ঃ মেঝ অঞ্চলত গোটেই বছৰ জুৰি সূৰ্যৰ কিৰণ হেলনীয়াভাৱে পৰে। ফলত মেৰু অঞ্চলৰ উষ্ণতা নাই বুলিবই পাৰি। বছৰ জুৰি শীতল হৈ থাকে। যিহেতু উষ্ণতা কমিলে চাপ বাঢ়ে সেয়ে মেৰু অঞ্চলত বায়ুৰ চাপ বেছি।

প্রশ্ন ১৩। বতাহ ক’ৰ পৰা ক’লৈ বয়?

উত্তৰ:- বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বয়।

প্রশ্ন ১৪। বিভিন্ন প্ৰকাৰৰ নাম উদাহণসহ লিখা।

(ক) নিয়ত বতাহ (খ) সাময়িক বতাহ (গ) স্থানীয় বতাহ

উত্তৰ : (ক) নিয়ত বতাহ যেনে– বাণিজ্য বতাহ, মেৰু বতাহ ইত্যাদি।

(খ) সাময়িক বতাহঃ যেনে— মৌচুমী বতাহ, জলবতাহ ইত্যাদি।

(গ) স্থানীয় বতাহ যেনে – লু।

প্রশ্ন ১৫। বৰষুণ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ ঃ বৰষুণ চাৰি প্ৰকাৰৰ –

(ক) পৰিচলন বৃষ্টি

(খ) শৈলোৎক্ষেপ বৃষ্টি

(গ) ঘূর্ণি বৰষুণ

(ঘ) অৰণ্য বৃষ্টি।

প্রশ্ন ১৬। অসমত কোন কোন মাহত বৰষুণ বেছি হয়?

উত্তৰ:- জুন, জুলাই আৰু আগষ্ট।

প্রশ্ন ১৭। ছিলঙত গোটেই বছৰ জুৰি ঠাণ্ডা কিয়?

উত্তৰ ঃ ছিলঙৰ উচ্চতা সমুদ্রপৃষ্ঠৰ পৰা ১৬০০ মিটাৰ। উচ্চ স্থানৰ জলবায়ু সদায় শীতল। সেয়ে ছিলঙত প্রায় গোটেই বছৰ জুৰি ঠাণ্ডা হৈ থাকে।

প্রশ্ন ১৮। প্রতিবাক ঢালত কিয় বেছিকৈ বৰষুণ হয় ?

উত্তৰ : উচ্চ পর্বত পাহাৰবোৰে সাধাৰণতে জলীয় বাষ্প বহন কৰি অনা বতাহক বাধা দিয়ে৷ যিটো ফালে তেনে বতাহক বাধা দিয়ে সেইটো ফালত প্ৰচুৰ বৰষুণ হয় আৰু আনটো ফালত বৰষুণ একেবাৰে কম হয়। ভূগোল বিজ্ঞানত বতাহক বাধা দিয়া ফালটোক প্রতিবাত বোলা হয়। সেয়ে প্রতিবাত ঢালত বৰষুণ বেছি। আনফালটোক অনুবাত ঢাল বোলে।

প্রশ্ন ১৯। ভূ-অৱয়ব গঠন কৰা শক্তি দুটা কি কি?

উত্তৰ: (ক) অভ্যন্তৰীণ শক্তি আৰু (খ) বাহ্যিক শক্তি।

প্রশ্ন ২০। ভূমিকম্পৰ ফলত কি কি হ’ব পাৰে?

উত্তৰ : ভূমিকম্পৰ ফলত ভূ-পৃষ্ঠত নানা ধৰণৰ পৰিৱৰ্তন সাধন হ’ব পাৰে। ভূমিকম্পৰ ফলত কোনো ঠাই উঠি যাব পাৰে আৰু কোনো ঠাই বহি যাব পাৰে। নদীৰ গতিপথ সলনি হ’ব পাৰে। নৈৰ তলীভাগ উঠি আহিব পাৰে। ভূমিকম্পৰ ফলত ছুনামি হ’ব পাৰে। ভূমিকম্পত মানুহৰ ঘৰ-দুৱাৰ ভাঙি জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়।

প্রশ্ন ২১। ছুনামি কি ?

উত্তৰ ঃ জুনামি হ’ল ভূমিকম্পৰ ফলত সাগৰৰ তলীত সাগৰৰ পানীত সৃষ্টি হোৱা প্রচণ্ড ঢৌ। ছুনামিয়ে সাগৰৰ উপকূল অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে।

প্রশ্ন ২২। ভূ-পৃষ্ঠত লাভা জমা হৈ কি কি অৱয়ৰ গঠন হ’ব পাৰে?

উত্তৰ ঃ পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদি।

প্রশ্ন ২৩। নদীৰ সর্পিল গতি বুলিলে কি বুজা?

উত্তৰ:- নদীৰ গতিপথৰ মধ্য অংশত নদীৰ গতিবেগ কমে। নদীৰ মধ্য অংশ বা সমভূমি অঞ্চলত নদীৰ গতিপথ একা-বেঁকা হয়। এই একা-বেঁকা গতি পথক সর্পিল গতি বোলে।

Class 7 Social Science Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন

প্রশ্ন ২৪। প্লাবন ভূমি কি ?

উত্তৰ:  নদীয়ে কঢ়িয়াই অনা পদাৰ্থৰ বেছি অংশই নদীৰ মধ্য অঞ্চলত পতিত হয়। এইবোৰ প্ৰতি বছৰে নদীৰ দুয়োপাৰত জমা হৈ একো একোখন বিস্তৰ সমভূমিৰ সৃষ্টি কৰে। এনেকুৱা সমভূমিক প্লাৱন সমভূমি বোলে। নদীয়ে কঢ়িয়াই অনা বালি, বোকাৰ লগত পলস আহে। ফলত প্লাৱন ভূমিৰ মাটি যথেষ্ট পলসুৱা হয়৷ সেয়ে প্লাৱন ভূমিবোৰ বৰ সাৰুৱা।

প্রশ্ন ২৫। ব-দ্বীপ নদীৰ কোনটো অংশত সৃষ্টি হয়।

উত্তৰ ঃ নদীৰ নিম্ন অংশত।

প্রশ্ন২৬। মৰুভূমিত বতাহে কেনেদৰে ক্ষয় কাৰ্য কৰে?

উত্তৰ: পাঠভিত্তিক প্রশ্নোত্তৰৰ ৪ (গ) নং প্রশ্নোত্তৰ চোৱা

প্রশ্ন ২৭। ল’ৱেছ বুলিলে কি বুজা?

উত্তৰ:- মৰুভূমিৰ ক্ষুদ্র ক্ষুদ্র ধূলিকণাবোৰ কেতিয়াবা বতাহৰ দ্বাৰা প্ৰবাহিত হৈ বহু দূৰৈত দীৰ্ঘকাল ধৰি অৱক্ষেপণ হৈ সাৰুৱা উচ্চভূমিৰ সৃষ্টি কৰে। এনে সাৰুৱা উচ্চ ভূমিকেই ল’ৱেছ বোলা হয়।

প্রশ্ন ২৮। হিমবাহে কোন অঞ্চলত খনন কাৰ্য কৰে?

উত্তৰঃ হিমবাহবোৰে পৰ্বতৰ গাৰে বৈ আহোঁতে বাটত খনন কাৰ্য কৰে।

প্রশ্ন ২৯। গ্রাৱ কি ?

উত্তৰ ঃ হিমবাহ বৈ আহোঁতে লগত শিল, মাটি, জাবৰ-জোথৰ আদি লগত আহে। হিমবাহৰ লগত অনা এনে পদাৰ্থবোৰক গ্ৰাৱ বোলে। গ্ৰাৱবোৰে বিভিন্ন ধৰণৰ ভূ-অৱয়বৰ সৃষ্টি কৰে৷

Related Keywords

SEBA Class 7 Maths Solution Assamese Medium
seba class 7 maths solution assamese medium
seba class 7 maths solutions
seba class 8 maths solution assamese medium
seba class 7 maths
seba class 7
class 7 maths solution assamese medium
seba class 7 maths solution english medium
seba board class 7 maths solutions
seba board class 7 maths
seba class 7 maths book
seba class 8 maths solution in assamese
seba class 8 maths solution pdf
seba class 8 maths solutions
seba class 8 maths book solution
seba class 7 maths question answer
seba class 7 maths english medium
seba class 7 maths chapter 2
class 7 maths syllabus seba
class 7 maths seba question answer
seba class 7 maths chapter 1
seba class 7 maths book pdf
seba class 7 english
seba class 7 english question answer
seba class 7 science solution
seba class 7 science book

seba class 7 english book pdf
seba class 7 syllabus
seba class 7 english syllabus
seba class 7 assamese book
seba class 7 assamese
seba class 7 assamese book pdf
seba class 7 book
seba class 7 english book
class 7 seba mathematics book
seba class 7 hindi chapter 1 question answer
seba class 7 english chapter 1
seba class 7 english chapter 3 question answer
seba class 7 english chapter 2
seba class 7 english chapter 6 question answer
class 7 english grammar seba
seba class 7 hindi
seba class 7 hindi chapter 6 question answer
seba class 7 hindi chapter 4 question answer
seba class 7 social science english medium
class 7 english notes seba
seba class 7 question answer
seba class 7 science
seba class 7 social science book pdf
seba class 7 social science question answer
seba class 7 science solution assamese medium
seba class 7 social science syllabus
seba class 7 science chapter 7 question answer
seba class 7 science question answer
class 7 maths chapter 1 exercise 1.1 solutions assamese medium
class 7 maths chapter 1 exercise 1.2 solutions assamese medium
class 7 maths chapter 2 exercise 2.1 solution assamese medium
class 7 maths assamese medium chapter 1 solution
class 7 maths assamese medium
class 7 maths solution in assamese
class 7 maths seba
class 7 maths assam
class 7 maths assamese medium question answer
class 7 maths assamese medium question answer 2.1
seba class 8 assamese
seba class 8 assamese question answer
seba class 8 maths

সপ্তম শ্ৰেণীৰ গণিত সমাধান
সপ্তম শ্ৰেণীৰ গণিত সমাধান সমমিতি
সপ্তম শ্ৰেণীৰ গণিত সমাধান 2021
সপ্তম শ্ৰেণীৰ গণিত সমাধান ভগ্নাংশ আৰু দশমিক
সপ্তম শ্ৰেণীৰ গণিত সমাধান 14
সপ্তম শ্ৰেণীৰ গণিত সমাধান pdf
সপ্তম শ্ৰেণীৰ গণিত সমাধান ২ ১
সপ্তম শ্ৰেণীৰ গণিত সমাধান 2.2
সপ্তম শ্ৰেণীৰ গণিত সমাধান 4.3

 

Leave a Comment